ETV Bharat / bharat

সন্থালত হিন্দুৰ জনসংখ্যা ৯০ৰ পৰা ৬৭ শতাংশলৈ হ্ৰাস পাইছে : হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাই সন্থালত হিন্দুৰ জনসংখ্যা হ্ৰাস আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ।

Assam CM on Hindu Muslim population
সন্থালত হিন্দুৰ জনসংখ্যা ৯০ৰ পৰা ৬৭ শতাংশলৈ হ্ৰাস পাইছে : হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 2, 2024 at 1:18 PM IST

2 Min Read
Choose ETV Bharat

ৰাঁচী (ঝাৰখণ্ড) : তুংগত উঠিছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ ৷ ইখনৰ পাচত সিখন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বিজেপি দলৰ সহ-প্ৰভাৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

এক নিৰ্বাচনী সভাত জনগাঁথনি পৰিৱৰ্তন সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ বক্তব্য দিয়ে । তেওঁ কয় যে সন্থালত হিন্দুৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে । এই সন্দৰ্ভত তেওঁ অংক দাঙি ধৰিছে ।

জানিব পৰা মতে, হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে বিজেপিৰ প্ৰাৰ্থী তথা বহি থকা বিধায়ক ড৹ নীৰা যাদৱৰ প্ৰচাৰৰ বাবে আহিছিল । তেওঁৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেৱীও উপস্থিত আছিল । এই সময়ছোৱাত তেওঁ পুনৰ ঝাৰখণ্ডত বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়টো জনসাধাৰণৰ মাজত উত্থাপন কৰে ।

হিমন্ত বিশ্ব শৰ্মাই কয় যে ১৯৫১ চনত সন্থাল পৰসংখ্যাৰ মুঠ জনসংখ্যা আছিল ২৩ লাখ । এই ২৩ লাখৰ ভিতৰত ২০ লাখ জনসংখ্যা হিন্দু আৰু জনজাতীয় আছিল । সেই সময়ত সন্থালত মাত্ৰ ২ লাখ ১৯ হাজাৰ মুছলমান জনসংখ্যা আছিল । তেওঁ কয় যে ২ লাখ জনসংখ্যাৰ সন্তান হ’লেও আজি জনসংখ্যা কিমান বৃদ্ধি হ’ব সেয়া নিজেই হিচাপ কৰিব পাৰি ।

তেওঁ কয়, ‘‘আজি সন্থল পৰগনাৰ অৱস্থা হ’ল হিন্দু জনসংখ্যা ৯০ শতাংশৰ পৰা ৬৭ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা ১০ শতাংশৰ পৰা প্ৰায় ৪০ শতাংশলৈ বৃদ্ধি পাইছে ।’’ হিমন্ত বিশ্ব শৰ্মাই এই বক্তব্য তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰি জেএমএমক টেগ কৰি প্ৰশ্ন কৰিছে যে এইটো কেনেকৈ হ’ল ?

লগতে পঢ়ক : অৱশেষত মুখ্যমন্ত্ৰী ছোৰেনৰ সমষ্টিত বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী

লগতে পঢ়ক : প্ৰতিটো নিৰ্বাচনতে কংগ্ৰেছে 20 শতাংশ টিকট বিক্ৰী কৰে: ঝাৰখণ্ডত ড৹ শৰ্মাই ফুটালে নতুন বোমা