ETV Bharat / bharat

হিমাচলৰ ১৫ বিজেপি বিধায়কক নিলম্বন অধ্যক্ষৰ; সদন স্থগিত

BJP MLA Suspended From HP Assembly : সদনৰ পৰা নিলম্বিত হোৱা ১৫ গৰাকী বিজেপি বিধায়কৰ ভিতৰত আছে জয়ৰাম ঠাকুৰ, বিপিন পাৰমাৰ, ৰণধীৰ শৰ্মা, হংস ৰাজ, বিনোদ কুমাৰ, জনক ৰাজ, বলবীৰ বাৰ্মা, লোকিন্দৰ কুমাৰ, ত্ৰিলোক জামৱাল, সুৰিন্দৰ চৌৰী, পুৰাণ চান্দ, দলীপ ঠাকুৰ, ইন্দৰ চিংব গান্ধী, ৰণবীৰ নিক্কা আৰু দীপ ৰাজ ।

হিমাচলৰ ১৫ বিজেপি বিধায়কক নিলম্বন অধ্যক্ষৰ
হিমাচলৰ ১৫ বিজেপি বিধায়কক নিলম্বন অধ্যক্ষৰ
author img

By PTI

Published : February 28, 2024 at 12:53 PM IST

3 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰী : কংগ্ৰেছশাসিত হিমাচল প্ৰদেশত অব্যাহত আছে ৰাজনৈতিক উত্তেজনা । মঙলবাৰে ৰাজ্যখনৰ ৰাজনীতিত এক অভূতপূৰ্ব ঘটনাত সংখ্যাগৰিষ্ঠতা থকা সত্ত্বেও ৰাজ্যসভা নিৰ্বাচনত পৰাস্ত হয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী । তাৰ পিছৰ দিনটোত, বুধবাৰে চলিত হিমাচল প্ৰদেশ বিধানসভা অধিবেশনৰ পৰা অধ্যক্ষ কুলদীপ সিং পাথানিয়াই বিৰোধী দলৰ নেতা জয়ৰাম ঠাকুৰকে ধৰি বিজেপিৰ ১৫ গৰাকী বিধায়কক নিলম্বন কৰে । লগতে সদন স্থগিত ৰাখে ।

বিজেপি বিধায়ককেইগৰাকীক সদনত দুৰ্ব্যৱহাৰ আৰু শ্লোগান দিয়াৰ অভিযোগত বিধানসভাৰ অধ্যক্ষই নিলম্বন কৰে ।

আনহাতে, নিলম্বনৰ পূৰ্বে বিৰোধী দলৰ নেতা জয়ৰাম ঠাকুৰে পুৱা সাংবাদিকৰ আগত এনেদৰে কয়, "আমি আশংকা কৰিছোঁ যে অধ্যক্ষ কুলদীপ সিং পাথানিয়াই বিজেপি বিধায়কসকলক নিলম্বন কৰিব পাৰে, যাতে বিধানসভাত বাজেট গৃহীত কৰিব পৰা যায় ।"

তেওঁ লগতে কয় যে ৰাজ্যসভাৰ নিৰ্বাচনে এইটো স্পষ্ট কৰি দিছে যে কংগ্ৰেছ চৰকাৰ সংখ্যালঘু হৈ পৰিছে । লগতে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ পদত্যাগো দাবী কৰে ।

উল্লেখ্য যে ৰাজ্যখনৰ শাসকীয় কংগ্ৰেছ দলৰ বিধায়কসকলৰ দ্বাৰা ক্ৰছ ভোটদানৰ বাবে বিজেপিয়ে মঙলবাৰে ৰাজ্যখনৰ একমাত্ৰ ৰাজ্যসভা আসনখনত বিজেপিৰ প্ৰাৰ্থী হৰ্ষ মহাজনে কংগ্ৰেছৰ শক্তিশালী নেতা অভিষেক মনু সিংভিক পৰাস্ত কৰে । তাৰ এদিন পিছতে বিজেপি বিধায়কক বিধানসভাৰ অধিবেশনৰ পৰা নিলম্বনৰ এই পদক্ষেপ লোৱা হয় ।

সদনৰ পৰা নিলম্বিত হোৱা ১৫ গৰাকী বিজেপি বিধায়কৰ ভিতৰত আছে জয়ৰাম ঠাকুৰ, বিপিন পাৰমাৰ, ৰণধীৰ শৰ্মা, হংস ৰাজ, বিনোদ কুমাৰ, জনক ৰাজ, বলবীৰ বাৰ্মা, লোকিন্দৰ কুমাৰ, ত্ৰিলোক জামৱাল, সুৰিন্দৰ চৌৰী, পুৰাণ চান্দ, দলীপ ঠাকুৰ, ইন্দৰ চিংব গান্ধী, ৰণবীৰ নিক্কা আৰু দীপ ৰাজ ।

ৰাজ্যিক সংসদীয় দলৰ পৰিক্ৰমা মন্ত্ৰী হৰ্ষবৰ্ধন চৌহানে বিধায়কসকলক সদনৰ পৰা বহিষ্কাৰৰ পৰামৰ্শ দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে অধ্যক্ষই বিজেপি বিধায়কসকলক নিলম্বন কৰে ।

আনহাতে, সদনৰ কাম-কাজত বাধাৰ মাজতে হিমাচল প্ৰদেশ বিধানসভাৰ অধিবেশন দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয় । কিয়নো বিৰোধী সদস্যসকলে সদনৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে সদন স্থগিত ৰাখিবলগা হয় । বিজেপিয়ে অৱশ্যে বাজেট অধিবেশনৰ পূৰ্বে চৰকাৰখনৰ সমৰ্থনযোগ্য বিধায়কৰ সংক্যা কমি যোৱাটো প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ এই পদক্ষেপ বুলি অভিহিত কৰে ।

আনহাতে, বিজেপিৰ ৰাজ্যসভাৰ বিজয়ী প্ৰাৰ্থী হৰ্ষ মহাজনে কয়, "কংগ্ৰেছ চৰকাৰৰ সমৰ্থন তললৈ নামি আহিছে । গতিকে এনে ধৰণৰ প্ৰয়াস কৰা হৈছে... বিৰোধী বিধায়কক নিলম্বনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এইবোৰ হৈছে বিলম্বৰ কৌশল আৰু প্ৰতিখন বিধানসভাতে অনুসৰণ কৰা হয়... কংগ্ৰেছ ধ্বংসৰ দিশলৈ গতি কৰিছে । তেওঁলোকে বৰ্তমান গ্ৰহণ কৰা সকলো প্ৰচেষ্টা বিফল হ'ব । বিজেপিয়ে ইয়াত চৰকাৰ গঠন কৰিব... নজন বিধায়ক (যিসকলে ক্ৰছ-ভোট দিছে) মোৰ সমৰ্থনত আছে... ।"

লগতে পঢ়ক :হিমাচল প্ৰদেশৰ সংকট মোচনৰ বাবে ভূপেন্দ্ৰ হুদা, ডি কে শিৱকুমাৰক পৰ্যবেক্ষক নিযুক্ত কংগ্ৰেছৰ