ETV Bharat / bharat

হিমাচলত ডাৱৰ বিস্ফোৰণ : ৬ গৰাকী লোক নিহত, ৫০ৰো অধিক সন্ধানহীন - Himachal Pradesh cloudburst

Himachal Pradesh cloudburst: হিমাচলত ডাৱৰ বিস্ফোৰণৰ পিচতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে । কুলু জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে । ৰামপুৰ-চামেজ সংযোগী গুৰুত্বপূৰ্ণ পথৰ ব্যাপক ক্ষতি । ৫০ৰো অধিক লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ । সকলো সম্ভৱ সহায়ৰ আশ্বাস উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীৰ ।

Himachal Pradesh cloudburst
হিমাচলত ডাৱৰ বিস্ফোৰণ (ANI)
author img

By ANI

Published : August 3, 2024 at 11:40 AM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,৩ আগষ্ট : হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণৰ পিচতে অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে হিমাচল প্ৰদেশৰ কুলু, মাণ্ডি আৰু চিমলাত ডাৱৰ বিস্ফোৰণৰ পিচতে কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰশাসনৰ মতে এতিয়ালৈ প্ৰায় ৫৩ গৰাকী লোক সন্ধানহীন হৈ আছে আৰু ৬ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।

জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিশেষ সচিব ডিচি ৰাণাই এই সন্দৰ্ভত কয়, "৬০ টাতকৈও অধিক বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে । বানৰ ফলত কেইবাখনো গাঁও গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ।"

ডিচি ৰাণাই কয়, "ছিমলা জিলাৰ চামেজ অঞ্চল, ৰামপুৰ অঞ্চল, কুলুৰ বাঘিপুল আৰু মাণ্ডিৰ পাদ্দাৰত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ধ্বংস হৈছে । ৫৩ গৰাকী লোক সন্ধানহীন হৈ আছে আৰু ৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ।" উল্লেখ্য যে ৩১ জুলাইৰ মাজনিশা ডাৱৰ বিস্ফোৰণৰ খবৰ পোৱা গৈছিল ৷ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিশেষ সচিবগৰাকীৰ মতে এনডিআৰএফ আৰু এছডিআৰএফৰ দলে আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে ।

ক্ষয়-ক্ষতিৰ পৰিমাণ :

ডাৱৰ বিস্ফোৰণৰ পিচত ৰামপুৰ আৰু চামেজ অঞ্চলক সংযোগ কৰা এটা পথৰ বিস্তৰ ক্ষতি হয় । প্ৰশাসনৰ মতে সেই পথৰ পুনৰুদ্ধাৰৰ কাম চলি আছে । হিমাচল প্ৰদেশ ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ এক প্ৰতিবেদন অনুসৰি মাণ্ডিত ৫ গৰাকী লোক নিহত হোৱাৰ লগতে আটাইতকৈ বেছি লোক হতাহত হৈছে । তাৰ পিচত কুলু অঞ্চলত এজন নিহত হৈছে । চিমলাত এতিয়ালৈ কোনো লোক হতাহত হোৱা নাই ।

অৱশ্যে চিমলাত এতিয়ালৈকে সৰ্বাধিক ৩৩ গৰাকী লোক সন্ধানহীন হৈছে । তাৰ পিচতে কুলুৰ পৰা ৯ গৰাকী আৰু মাণ্ডিৰ পৰা ৬ গৰাকী লোক সন্ধানহীন হৈ আছে । মুঠ ৫৫ গৰাকী লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে আৰু ২৫ জন লোক বিভিন্ন স্থানত আৱদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে । প্ৰতিবেদন অনুসৰি ৬১ টা বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু ৪২ টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে । প্ৰতিবেদনত কোৱা হৈছে যে কুলু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত গৈছে ।

উপ-মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ বুজ লয় :

ইয়াৰ পূৰ্বে উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে বাগী পুলত কুৰ্পন খাদ পানী যোগান আঁচনিত কৃত্ৰিম বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে । তেওঁ প্ৰকাশ কৰে যে বৰ্তমান নিৰ্মাণাধীন ৩১৫ কোটি টকাৰ কুৰ্পন খাদ প্ৰকল্পৰ কৃত্ৰিম বানৰ ফলত ব্যাপক ক্ষতি হৈছে আৰু প্ৰকল্পটো পুনৰুদ্ধাৰৰ বাবে তাৎক্ষণিক আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগটোক নিৰ্দেশ দিছে ।

পানী যোগান আঁচনি আৰু ইয়াৰ সৈতে জড়িত আন্তঃগাঁথনিৰ ক্ষতিৰ মূল্যাঙ্কন কৰিবলৈ অগ্নিহোত্ৰীয়ে চিমলা জিলাৰ মাটিয়ানা অঞ্চলো পৰিদৰ্শন কৰে । তেওঁ জনোৱা মতে বুষ্টাৰ, ইনটেক গাঁথনি, ফিড লাইন চাম্প ৱেল, পাম্প হাউচ, পাম্পিং যন্ত্ৰপাতি আৰু পাইপকে ধৰি গুৰুত্বপূৰ্ণ উপাদানসমূহৰ ক্ষতিৰ বাবে বিভাগটোৱে অতিৰিক্ত ১০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ।

তেওঁ কুলু জিলাৰ বাগী পুল অঞ্চলত দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালবোৰকো সাক্ষাৎ কৰিছে । পৰিস্থিতিটোক ভয়ংকৰ আৰু বেদনাদায়ক বুলি অভিহিত কৰি তেওঁ আশ্বাস দিয়ে যে প্ৰশাসনে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়াৰ বাবে নিষ্ঠাৰে কাম কৰি আছে ।

লগতে পঢ়ক :হিমাচলত ডাৱৰ বিস্ফোৰণ : নিৰুদ্দেশ ৪০ জন - Cloudburst in Shimla