সেনাবাহিনীক তেওঁ সৰ্বোচ্চ সন্মানত ৰাখে: বিতৰ্কিত মন্তব্যত ছুপ্ৰিম কোৰ্টৰ প্ৰসংগত ভাতৃক সমৰ্থন প্ৰিয়ংকা গান্ধীৰ
২০২২ চনৰ ১৬ ডিচেম্বৰত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত এই মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে ।

By ANI
Published : August 5, 2025 at 4:07 PM IST
নতুন দিল্লী : ভাৰতীয় সেনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা বুলি অভিযোগৰ পিছত এই প্ৰসংগত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে টানি আনিছে । ইয়াৰ পিছত মঙলবাৰে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে তেওঁৰ ভাতৃয়ে সেনাবাহিনীক সৰ্বোচ্চ সন্মানেৰে গ্ৰহণ কৰে । এইটো এটা 'ভুল ব্যাখ্যা' ।
"...এজন প্ৰকৃত ভাৰতীয় কোন সেইটো তেওঁলোকে নিৰ্ণয় কৰিব নোৱাৰে । চৰকাৰক প্ৰত্যাহ্বান জনাবলৈ প্ৰশ্ন কৰাটো বিৰোধী নেতাৰ কাম, তেওঁৰ কৰ্তব্য । মোৰ ভাতৃয়ে কেতিয়াও সেনাবাহিনীৰ বিৰুদ্ধে একো ক'ব নোৱাৰে । তেওঁ সেনাবাহিনীক সৰ্বোচ্চ সন্মানত ৰাখে । গতিকে ই এক ভুল ব্যাখ্যা ।" এ এন আইৰ আগত প্ৰিয়ংকাই কয় ।
ইয়াৰ পূৰ্বে সোমবাৰে ২০২২ চনত অৰুণাচল প্ৰদেশৰ ইয়াংছি অঞ্চলত ভাৰত আৰু চীনা সেনাৰ মাজত সংঘৰ্ষৰ পিছত ভাৰতীয় সেনাক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গান্ধীৰ বিতৰ্কিত মন্তব্যৰ অভিযোগৰ বিষয়টোত উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক টানি আনিছিল ।
ন্যায়াধীশ দীপাংকৰ দত্ত আৰু অগাষ্টিন জৰ্জ মছিহৰ বিচাৰপীঠে ৰাহুল গান্ধীৰ এই মন্তব্যত অসন্মতি প্ৰকাশ কৰি কয় যে তেওঁ কেনেকৈ জানে যে চীনে ২০০০ বৰ্গ কিলোমিটাৰ ভূমি দখল কৰিছিল । লগতে কয় যে এজন প্ৰকৃত ভাৰতীয়ই এনে কথা কেতিয়াও নকয় ।
ন্যায়াধীশ দত্তই কয়, "আপুনি কেনেকৈ জানিব পাৰিলে যে ২০০০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূখণ্ড চীনে দখল কৰিছিল ? ইয়াৰ বিশ্বাসযোগ্য সূত্ৰ কি ? যদি আপুনি এজন প্ৰকৃত ভাৰতীয় হয় তেন্তে আপুনি এনে কথা নকয় । সীমান্তৰ সিপাৰে সংঘাত হৈ থকাৰ সময়ত... আপুনি এইবোৰ ক'ব পাৰেনে ?"
উল্লেখ্য যে ২০২২ চনৰ ১৬ ডিচেম্বৰত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত এই মন্তব্য কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে ।
ৰাহুল গান্ধীয়ে কৈছিল, "ৰাইজে য'তে-ত'তে ভাৰত জোড়ো যাত্ৰাৰ কথা সুধিব, অশোক গেহলট আৰু শচীন পাইলট আৰু কি কি নুসুধিব । কিন্তু চীনে ২০০০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূখণ্ড দখল কৰা, ''২০ জন ভাৰতীয় সেনাক হত্যা কৰা' আৰু 'অৰুণাচল প্ৰদেশত আমাৰ সেনাক পিছলৈ ঠেলি পঠিওৱা'ৰ বিষয়ে এটাও প্ৰশ্ন নকৰে ।"
তেওঁ লগতে কয়, "কিন্তু ভাৰতীয় সংবাদ মাধ্যমে তেওঁলোকক এই বিষয়ে কোনো প্ৰশ্ন নকৰে । এইটো সঁচা নহয়নে ? দেশে এই সকলোবোৰ চাই আছে । মানুহে একো নাজানে বুলি ভাও ধৰিব নালাগে ।"

