ETV Bharat / bharat

ডংকি পথেৰে বেলাৰুছলৈ যোৱা যুৱক সন্ধানহীন, হত্যাৰ সন্দেহ পৰিয়ালৰ - DONKEY ROUTE

Haryana Youth Missing In Belarus: বেলাৰুছত সন্দেহজনক পৰিস্থিতিত নিৰুদ্দেশ হৈছে হাৰিয়ানাৰ এজন যুৱক । যুৱকজনৰ হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । যুৱকজনে ডংকি পথেৰে জাৰ্মানীলৈ যাব বিচাৰিছিল যদিও ডনকাৰে তেওঁক বেলাৰুছলৈ লৈ যায় । যুৱকজনক ঘৰলৈ ঘূৰাই পঠাবলৈ আহ্বান পৰিয়ালৰ লোকৰ ৷

Haryana Youth Missing In Belarus
ডংকি পথেৰে বেলাৰুছলৈ যোৱা যুৱক সন্ধানহীন
author img

By ETV Bharat Assamese Team

Published : April 18, 2024 at 8:49 AM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, ১৮ এপ্ৰিল: ডংকি পথেৰে হাৰিয়ানাৰ পৰা জাৰ্মানীলৈ যোৱা এজন যুৱক সন্দেহজনক পৰিস্থিতিত সন্ধানহীন হয় । যুৱকজনৰ পৰিয়ালৰ লোকে বেলাৰুছত তেওঁক হত্যা কৰাৰ সন্দেহ কৰিছে ৷ পৰিয়ালৰ লোকৰ মতে, যুৱকজনক ডংকাৰে বহু অত্যাচাৰ চলাইছিল । যুৱকজনলৈ বন্দুক টোৱাই ৰখা এখন ফটো তেওঁলোকে লাভ কৰিছে আৰু এই ফটোখনে তেওঁলোকক আৰু অধিক শংকিত কৰি তুলিছে ৷

সন্ধানহীন যুৱকজন হাৰিয়ানাৰ কৰ্ণাল জিলাৰ মহদিনপুৰ গাঁৱৰ অশ্বিনী ৷ অশ্বিনীয়ে অক্টোবৰ মাহত ডংকি পথেৰে জাৰ্মানীলৈ গৈছিল ৷ কিন্তু প্ৰায় এমাহৰ পৰা যুৱকজনৰ লগত পৰিয়ালৰ কোনো ধৰণৰ যোগাযোগ হোৱা নাই । যাৰবাবে পৰিয়ালৰ লোকে তেওঁৰ হত্যাৰ আশংকা প্ৰকাশ কৰিছে । তেওঁলোকৰ এই সন্দৰ্ভত ইতিমধ্যে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত আবেদন দাখিল কৰিছে ৷ ইয়াৰ লগতে চৰকাৰ তথা প্ৰশাসনৰ পৰা সহায়ৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ তেওঁলোকৰ মাত্ৰ এটাই আবেদন, তেওঁলোকৰ সন্তান পুনৰ তেওঁলোকৰ ওচৰলৈ ঘূৰি আহক ৷

অশ্বিনীৰ মাতৃয়ে উল্লেখ কৰা মতে, কৰ্ণালৰ এজন এজেণ্টে তেওঁক বিদেশলৈ পঠিয়াইছিল ৷ ইয়াৰ বাবদ তেওঁ অশ্বিনীৰ পৰা প্ৰায় ৭.৫ লাখ টকা লৈছিল । অশ্বিনীৰ লগত প্ৰায় ১২ জন যুৱক আছিল, যি ডংকি পথেৰে জাৰ্মানীলৈ ৰাওনা হ’ব ৷ কিন্তু ডনকাৰে তেওঁলোকক প্ৰথমে মেক্সিকোলৈ পঠিয়াই আৰু তাৰ পাচত তেওঁলোকক বেলাৰুছলৈ লৈ যোৱা হয় । বেলাৰুছত ডনকাৰে তেওঁলোকক বহুত অত্যাচাৰ কৰে ।

অশ্বিনীৰ পৰিয়ালৰ লোকে তেওঁৰ লগত ৰাওনা হোৱাসকলৰ কেইজনমান যুৱক উভতি অহাৰ কথা জানিবলৈ দিয়ে ৷ কিন্তু অশ্বিনী ঘৰলৈও ঘূৰি অহা নাই আৰু প্ৰায় এমাহ ধৰি পৰিয়ালৰ লগতো তেওঁৰ কোনো যোগাযোগ হোৱা নাই ৷ ইফালে ঘৰলৈ উভতি অহা যুৱককেইজনে ডনকাৰে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷

অশ্বিনীৰ মাতৃয়ে এই সন্দৰ্ভত এজেণ্টজনৰ সৈতে কথা পতাৰ কথাও ব্যক্ত কৰে । অশ্বিনীক উভতাই অনাৰ বাবদ তেওঁ এজেন্টজনক অধিক ধন দিবলৈ সাজু ৷ কিন্তু অশ্বিনীক ঘূৰাই অনাৰ ক্ষেত্ৰত এজেন্টজনে ব্যৰ্থতা প্ৰকাশ কৰে ৷ কেৱল পঠোৱাটোৱেই তেওঁৰ কাম বুলি এজেন্টজনে উল্লেখ কৰে । ইফাল স্থানীয় আৰক্ষী চকীৰ ডি এছ পি নাইব সিঙে ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত তদন্ত অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক: গুজৰাটত ভয়াৱহ পথ দুৰ্ঘটনাত নিহত ১০ - Accident in Gujarat