ETV Bharat / bharat

হালদ্বাণী হিংসা : দিল্লীৰ পৰা গ্ৰেপ্তাৰ মাষ্টাৰমাইণ্ড আব্দুল মালিক, নিশ্চিত কৰিলে উত্তৰাখণ্ড আৰক্ষীয়ে

Haldwani violence : হালদ্বাণী হিংসাৰ মাষ্টাৰমাইণ্ড আব্দুল মালিকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ উত্তৰাখণ্ড আৰক্ষীয়ে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে হালদ্বানী হিংসাৰ মাষ্টাৰমাইণ্ড আব্দুল মালিকক। আৰক্ষীয়ে আব্দুল মালিকক হালদ্ৱানীলৈ আনিছে বুলি জানিব পৰা গৈছে।

Haldwani violence
দিল্লীৰ পৰা গ্ৰেপ্তাৰ মাষ্টাৰমাইণ্ড আব্দুল মালিক
author img

By ETV Bharat Assamese Team

Published : February 24, 2024 at 7:43 PM IST

4 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰী : আৰক্ষীৰ জালত বনভুলপুৰা কাণ্ডৰ মাষ্টাৰমাইণ্ড আব্দুল মালিক ৷ আব্দুলক বিচাৰি ইতিমধ্যে নেপালকে ধৰি দেশৰ বহু চহৰত আৰক্ষীয়ে অভিযান চলাইছিল ৷ পত্নী আৰু পুত্ৰৰ সৈতে পলাতক হৈ আছিল আব্দুল মালিক ৷ হালদ্বাণী হিংসাৰ গোচৰত আব্দুল মালিক আৰু তেওঁৰ পুত্ৰক বিচৰা বুলি ঘোষণা কৰিছিল আৰক্ষীয়ে ৷ ইফালে আব্দুল মালিকৰ অধিবক্তাই কয় যে তেওঁক দিল্লীৰ পৰা উত্তৰাখণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আব্দুল মালিকৰ অধিবক্তা অজয় ​​কুমাৰ বহুগুনা আৰু শৈলাভ পাণ্ডেই কয় যে হালদ্বানীৰ সত্ৰ আদালতত আবেদন দাখিল কৰা হৈছে ৷ আব্দুল মালিকে সত্ৰ আদালতত অগ্ৰিম জামিন অৰ্থাৎ আগতীয়া জামিন আবেদন দাখিল কৰিছে ৷ য’ত তেওঁ গ্ৰেপ্তাৰৰ ওপৰত স্থগিতাদেশৰ অনুৰোধ জনাইছে ৷ আব্দুল মালিকৰ অধিবক্তাই জনোৱা মতে, উত্তৰাখণ্ড আৰক্ষীয়ে তেওঁক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৷ অধিবক্তাগৰাকীৰ মতে, উত্তৰাখণ্ড আৰক্ষীয়ে আব্দুল মালিকক হালদ্বানীলৈ আনিছে ৷

উল্লেখযোগ্য যে বিগত 8 ফেব্ৰুৱাৰীত বনফুলপুৰাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত দুস্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ আৰু অগ্নিসংযোগত লিপ্ত হৈছিল ৷ য’ত তিনিশৰো অধিক লোক আহত হোৱাৰ বিপৰীতে অগ্নিসংযোগ আৰু হিংসাত 8 কোটিৰো অধিক মূল্যৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ ক্ষতিসাধন হয় ৷ আৰক্ষী আৰু দুষ্কৃতিকাৰীৰ মাজত হোৱা গুলীচালনাতো 5 জন লোকে প্ৰাণ হেৰুৱাই ৷ হিংসাৰ আন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে ৷ এই হিংসাৰ মূল অভিযুক্ত, মষ্ট ৱাণ্টেড আব্দুল মালিক আৰু তেওঁৰ পুত্ৰ ম’ইদ পলাতক হৈ আছিল আৰু শেহতীয়াকৈ আব্দুল মালিকক গ্ৰেপ্তাৰৰ খবৰ লাভ কৰা গৈছে ৷

আব্দুল মালিক কোন-

হালদ্বানী হিংসাৰ মাষ্টাৰমাইণ্ড বুলি চিনাক্ত কৰা আব্দুল মালিক মুছলমান সমাজৰ বঞ্জাৰা পৰিয়ালৰ ব্যক্তি ৷ তেওঁৰ প্ৰাথমিক শিক্ষা হালদ্বাণীত হৈছিল ৷ নাইনিতালৰ পৰা বি এ সম্পূৰ্ণ কৰে অভিযুক্ত মালিকে ৷ আব্দুল মালিকৰ পৰিয়ালৰ পুৰণি কাম আছিল চাউল আৰু শস্য বিক্ৰী কৰা ৷ পূৰ্বে দেউতাকৰ লগত চাউলৰ ব্যৱসায় কৰিছিল আব্দুলে ৷ ৰাজনৈতিক প্ৰসাৰতা থকা আব্দুল মালিকৰ সমাজবাদী পাৰ্টি আৰু বহুজন সমাজ পাৰ্টিতো প্ৰভাৱ থকা বুলি কোৱা হয় ৷ উত্তৰ প্ৰদেশত থকা সময়ছোৱাত আব্দুলে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ নব্বৈৰ দশকত তেওঁ চাড্ডা গ্ৰুপৰ সৈতে খননৰ কামতো হাত উজান দিছিল ৷

ৰে’লৱে ঠিকাদাৰী ক্ষেত্ৰতো হাত দিছে আব্দুলে ৷ কোৱা হয় যে আব্দুল মালিকৰ হাৰিয়ানা আৰু চণ্ডীগড়তো বহু ব্যৱসায় আছে ৷ 25 বছৰ পূৰ্বে হালদ্বাৰ এজন এছ পি নেতাৰ হত্যাকাণ্ডৰ গোচৰত মষ্ট ৱান্টেড হোৱাৰ লগতে শাস্তিও লাভ কৰিছে ৷ বিলাসী গাড়ীত যাত্ৰা কৰাত চৌখিন আব্দুল মালিক ৷ লগতে কেইবাজনো ব্যক্তিগত অস্ত্ৰধাৰী দেহৰক্ষীও লগত লৈ ফুৰে আব্দুলে ৷ স্থানীয় লোকে অভিযোগ কৰে যে চৰকাৰী ভূমিত অবৈধ মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ কৰি আব্দুল মালিকে নিজৰ সমাজত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল ৷

আব্দুলৰ উদ্দেশ্য আছিল যে অবৈধ মাদ্ৰাছা আৰু মছজিদৰ আৱৰণত তেওঁ পৌৰ নিগমৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব আৰু নিগমে তেওঁক চৰকাৰী মাটি খালী কৰিবলৈ নক’ব ৷ পৌৰ নিগমে যেতিয়া অবৈধ নিৰ্মাণৰ কাম ভাঙিবলৈ গৈছিল, তেতিয়া আব্দুলৰ আহ্বানত বৃহৎ জনসমাগম হৈছিল, যিয়ে বনভুলপুৰা আৰক্ষী থানাত জুই লগোৱাৰ লগতে 70 খনতকৈও অধিক বাহন জ্বলাই দিছিল ৷ ১৯৯৮ চনৰ ১৯ ​​মাৰ্চত এছ পি নেতা ৰাহুফ ছিদ্দিকিৰ হত্যাকাণ্ডৰ গোচৰতোআব্দুল মালিকৰ নাম জড়িত হৈ আছে ৷ এই গোচৰত আব্দুলে বহু বছৰ ধৰি জেলতো শাস্তি ভোগ কৰি আছিল ৷ ইতিমধ্যে আব্দুল মালিকৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈছে ৷

লগতে পঢ়ক : কাৰ ভুলৰ বাবে উত্তৰ প্ৰদেশত কৰ্মৰত অৱস্থাত নিহত অসমৰ জোৱান কমল যোশী ?