ETV Bharat / bharat

চাৰি দশক পুৰণি দলং ভাঙি ১০ জন লোকৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ সাহায্য ঘোষণা

১৯৮৫ চনত দলংখন নিৰ্মাণ কৰা হৈছিল আৰু প্ৰয়োজন অনুসৰি সময়ে সময়ে ইয়াৰ মেৰামতিৰ কামো কৰা হৈছিল ।

VADODARA BRIDGE COLLAPSE
ভাঙি পৰা দলঙৰ দাঁতিত বিপদজনকভাৱে ওলমি আছে এখন ট্ৰাক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 9, 2025 at 12:58 PM IST

3 Min Read
Choose ETV Bharat

বদোদৰা: গুজৰাটৰ বদোদৰা জিলাত বুধবাৰে পুৱা সংঘটিত হয় এক দুৰ্ঘটনা ৷ প্ৰায় চাৰি দশক পুৰণি এখন দলঙৰ এটা অংশ ভাঙি কেইবাখনো বাহন সৰি পৰে নদীৰ বুকুত ৷ এই ঘটনাত ১০ জন লোকৰ মৃত্যু ঘটে ।

ৰাজ্যখনৰ মধ্য গুজৰাট আৰু সৌৰাষ্ট্ৰ অঞ্চলক সংযোগ কৰা নদীখনৰ ওপৰত থকা গম্ভীৰা দলঙৰ এটা অংশ ভাঙি পৰাৰ ফলত প্ৰায় পাঁচ-ছয়খন বাহন মহিসাগৰ নদীৰ বুকুত সৰি পৰে বুলি গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ঋষিকেশ পেটেলে জানিবলৈ দিয়ে । সংবাদ মাধ্যমৰ আগত পেটেলে কয়, ‘‘এই ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন ৫ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে ।’’

VADODARA BRIDGE COLLAPSE
ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত (PTI)

পেটেলে লগতে কয়- ‘‘১৯৮৫ চনত দলংখন নিৰ্মাণ কৰা হৈছিল আৰু প্ৰয়োজন অনুসৰি সময়ে সময়ে ইয়াৰ মেৰামতিৰ কাম কৰা হৈছিল । ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত কৰা হ’ব ৷’’

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কাৰিকৰী বিশেষজ্ঞসকলক উক্ত স্থানত উপস্থিত হৈ দলং ভাঙি পৰাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে বুলিও তেওঁ কয় ।

এই ঘটনাৰ প্ৰকাশিত ভিডিঅ’ত দেখা গৈছে যে দলংখনৰ মাজৰ এটা অংশ ভাঙি গৈ এখন ট্ৰাক বিপজ্জনকভাৱে ওলমি আছে । পুৱা প্ৰায় ৭.৩০ বজাত সংঘটিত হোৱা এই ঘটনাত দুখন ট্ৰাক আৰু দুখন ভেনসহ চাৰিখন বাহন নদীত বাগৰি পৰে বুলি পাদ্ৰা আৰক্ষী পৰিদৰ্শক বিজয় চৰণে পূৰ্বে জানিবলৈ দিয়ে ।

আন এগৰাকী বিষয়াই জনোৱা মতে, বদোদৰা অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে ৷ এই বাতৰি লিখাৰ পৰলৈকে চলি আছে উদ্ধাৰ অভিযান ৷

এন ডি আৰ এফ বাহিনীৰ এটা দল যাৱতীয় সা-সামগ্ৰীৰে ঘটনাস্থলীলৈ ৰাওনা হৈছে বুলি বিষয়াগৰাকীয়ে জনায় । ২৩ টা খুটা থকা ৯০০ মিটাৰ দৈৰ্ঘৰ এই গম্ভীৰা দলংখনে গুজৰাটৰ বদোদৰা আৰু আনন্দ জিলাক সংযোগ কৰে ।

ৰাষ্ট্ৰপতিৰ শোকপ্ৰকাশ

গুজৰাটত দলং ভাঙি কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত শোকপ্ৰকাশ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । এক্সত এটা পোষ্টত মুৰ্মুৱে কয়, ‘‘গুজৰাটৰ বদোদৰা জিলাত সংঘটিত দলং দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যুৰ খবৰটো অত্যন্ত মৰ্মান্তিক । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । মোৰ প্ৰাৰ্থনা যে এই দুৰ্ঘটনাত আহত হোৱা সকলো লোকে সোনকালে আৰোগ্য লাভ কৰক ।’’

গভীৰ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ, সাহায্য ঘোষণা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহৰাজ্য গুজৰাটত সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰে । সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিহতসকলৰ পৰিয়াললৈ ‘‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি’’ ৰ তৰফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ৷ আনহাতে, প্ৰতিগৰাকী আহত ব্যক্তিকে প্ৰদান কৰা হ’ব ৫০ হাজাৰ টকা ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই ঘোষণা কৰি এনেদৰে কয়, ‘‘যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা । আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ।’’

লগতে পঢ়ক: মাজ আকাশত ইণ্ডিগ'ৰ ইঞ্জিনত খুন্দিয়াই মৰিল চৰাই, খৰখেদাকৈ বিমান নামিল ৰাণৱেত