ETV Bharat / bharat

আহি আছে FASTag-ৰ নতুন নিয়ম; ১৫ আগষ্টৰ পৰা প্ৰযোজ্য হ'বলগা এই নিয়ম কি

ঘাইপথ মন্ত্ৰীগৰাকীয়ে কয় যে এই বাৰ্ষিক পাছৰ জৰিয়তে সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে নিৰৱচ্ছিন্ন আৰু ব্যয়বহুল যাত্ৰা সম্ভৱ হ’ব ।

FASTag based Annual Pass
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী (IANS)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 6:05 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : বাহনৰ গৰাকীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীৰ । কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বুধবাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে অহা ১৫ আগষ্টৰ পৰা FASTag-ৰ এক নতুন নিয়ম প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে । এই নতুন নিয়ম অনুসৰি, ৩ হাজাৰ টকাৰ বাৰ্ষিক ভিত্তিক FASTag পাছ প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে চৰকাৰে । ঘাইপথত যাতে যান-জঁটৰ সমস্যাৰ পৰা মুক্ত হৈ ভ্ৰমণ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা বুলিও উল্লেখ কৰিছে ।

X-ৰ এটা পোষ্টত গাডকাৰীয়ে কয় যে এই পাছ সক্ৰিয় হোৱাৰ তাৰিখৰ পৰা এবছৰ বা ২০০ বাৰ টোল প্লাজাৰে ভ্ৰমণ কৰিব পাৰিব । অৱশ্যে এই পাছ কেৱল অনা-বাণিজ্যিক বা ব্যক্তিগত বাহন যেনে মটৰ কাৰ, জীপ, ভেনৰ বাবেহে প্ৰস্তুত কৰা হৈছে ।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে কয় যে এই বাৰ্ষিক পাছৰ জৰিয়তে সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে নিৰৱচ্ছিন্ন আৰু কম ব্যয়ত যাত্ৰা কৰাটো সম্ভৱ হ’ব । তেওঁ লগতে কয় যে অতি সোনকালে ৰাজমাৰ্গ যাত্ৰা এপত ইয়াৰ সক্ৰিয়কৰণ আৰু নবীকৰণৰ বাবে এটা নিৰ্দিষ্ট লিংক উপলব্ধ হ’ব । লগতে NHAI আৰু MoRTH-ৰ অফিচিয়েল ৱেবছাইটতো এইটো উপলব্ধ হ’ব বুলি তেওঁ কয় ।

গাডকাৰীয়ে কয় যে এই নীতিয়ে ৬০ কিলোমিটাৰ পৰিসৰৰ ভিতৰত অৱস্থিত টোল প্লাজা সন্দৰ্ভত দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব আৰু একক, সুলভ লেনদেনৰ জৰিয়তে টোল পৰিশোধ কৰাটো সৰল কৰিব ।

মন্ত্ৰীগৰাকীয়ে কয়, "টোল প্লাজাত অপেক্ষাৰ সময় হ্ৰাস কৰিবলৈ, ভিৰ লাঘৱ কৰিবলৈ আৰু টোল প্লাজাত বিবাদ কম কৰিবলৈ গ্ৰহণ কৰা এই বাৰ্ষিক পাছৰ লক্ষ্য হৈছে লাখ লাখ ব্যক্তিগত বাহনৰ মালিকৰ বাবে দ্ৰুত আৰু মসৃণ যাতায়াত অভিজ্ঞতা প্ৰদান কৰা ।"

ওপৰৰ ব্যৱস্থা অনুসৰি, টোল হাইৱেত এটা সম্পূৰ্ণ যাত্ৰা (প্ৰৱেশৰ পৰা প্ৰস্থানলৈকে) এটা ভ্ৰমণ হিচাপে গণ্য কৰা হ'ব । সেয়েহে ৩,০০০ টকাৰ বাৰ্ষিক ভিত্তিক FASTag পাছ সক্ৰিয় হোৱাৰ তাৰিখৰ পৰা এবছৰৰ বাবে বা ব্যৱহাৰকাৰীয়ে ২০০ টা ভ্ৰমণ সম্পূৰ্ণ নকৰালৈকে ই বৈধ হৈ থাকিব । এই ক্ষেত্ৰত প্ৰথমে যিটো আহিব অৰ্থাৎ এবছৰ বা ২০০ বাৰ সেইটো গণ্য কৰা হ'ব ।

উদাহৰণস্বৰূপে, যদি কোনোবাই হায়দৰাবাদৰ পৰা বেংগালুৰুলৈ যাত্ৰা কৰিছে, তেন্তে পথটোৰ সকলো টোল প্লাজা সামৰি একমুখী যাত্ৰাক এক যাত্ৰা বুলি গণ্য কৰা হ’ব । এটা ৰাউণ্ড ট্ৰিপ (অহা-যোৱা) মিলাই দুটা ট্ৰিপ হিচাপে গণ্য কৰা হ’ব ।

উল্লেখ্য যে বৰ্তমান সময়ত ঘাইপথত সঘনাই অহা-যোৱা কৰা লোকসকলে মাহে ৩৪০ টকাত পাছ লাভ কৰাৰ বিকল্প আছে । ইয়াৰ বাবে মুঠতে বছৰি মুঠ ৪,০৮০ টকা ভৰিব লাগে । চলিত বৰ্ষৰ আৰম্ভণিতে গাডকাৰীয়ে ইংগিত দিছিল যে চৰকাৰে ব্যক্তিগত বাহন ব্যৱহাৰকাৰীৰ বাবে পাছসমূহ অধিক সুশৃংখলিত কৰাৰ বিষয়ে আলোচনা কৰি আছে ।

লগতে পঢ়ক :উত্তৰ-পূৰ্বাঞ্চল পৰ্যটকৰ বাবে নিৰাপদ আশ্ৰয়স্থল: মধুচন্দ্ৰিকা হত্যাকাণ্ড প্ৰসংগত মেঘালয়ৰ মুখ্যমন্ত্ৰী - HONEYMOON MURDER CASE
লগতে পঢ়ক :মোদী-ট্ৰাম্পৰ বাৰ্তালাপ; ক’লে- সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত স্থিতি কঠোৰ - PM MODI TALK TRUMP