ETV Bharat / bharat

মণিপুৰৰ লুটপাত কৰা আৰু অবৈধ অস্ত্ৰ জমা দিবলৈ ৰাজ্যপালৰ নিৰ্দেশ - PRESIDENTS RULE IMPOSED IN MANIPUR

মণিপুৰৰ শান্তি-শৃংখলা পুনৰ ঘূৰাই আনিবৰ বাবে প্ৰতিটো জনগোষ্ঠীৰ লোকে দৈনন্দিন জীৱনত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ঐক্যবদ্ধভাৱে থিয় হ’ব লাগিব ৷

PRESIDENTS RULE IMPOSED IN MANIPUR
ৰাজভৱনৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 20, 2025 at 9:38 PM IST

3 Min Read

তেজপুৰ: মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই বৃহস্পতিবাৰে এক বিশেষ ঘোষণাৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন আৰক্ষী থানাৰ পৰা লুটপাত কৰি নিয়া অস্ত্ৰ-শস্ত্ৰসমূহ জমা দিবলৈ জনাইছে আহ্বান ।

ৰাজভৱনৰ পৰা জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰিছে যে, মণিপুৰৰ শান্তি-শৃংখলা পুনৰ ঘূৰাই আনিবৰ বাবে প্ৰতিটো জনগোষ্ঠীৰ লোকে দৈনন্দিন জীৱনত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে ঐক্যবদ্ধভাৱে থিয় হ’ব লাগিব ৷

PRESIDENTS RULE IMPOSED IN MANIPUR
ৰাজ্যপালৰ নিৰ্দেশ (ETV Bharat Assam)

ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই বিশেষকৈ যুৱ প্ৰজন্মক উদ্দেশ্যে কয়, ‘‘মই যুৱকসকলক অনুৰোধ কৰিছো যে, তেওঁলোকে স্থানীয় আৰক্ষী থানাসমূহৰ পৰা হিংসাৰ সময়ত লুটপাত কৰি নিয়া অস্ত্ৰ-শস্ত্ৰ আৰু লগতে যি সমূহ অবৈধভাৱে অস্ত্ৰ মজুত ৰাখিছে, সেই সকলো অতি সোনকালে জমা কৰিব লাগে । চৰকাৰে মণিপুৰত এক শান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু ৰাজ্যৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত উন্নয়ন সাধন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । গতিকে সকলোৱে আগবাঢ়ি আহক আৰু এখন শান্তিৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি যাওঁ’’ ।

PRESIDENTS RULE IMPOSED IN MANIPUR
নিৰাপত্তাৰক্ষী (ETV Bharat Assam)

উল্লেখযোগ্য যে, মণিপুৰত বিগত ২০২৩ চনৰ ৩ মে’ৰ পৰা গোষ্ঠীগত হিংসাই ধৰাশায়ী কৰি ৰাখিছে । ৰাজ্যখনৰ প্ৰায় ৬০ হাজাৰ লোক আজিও গৃহহীন হৈ আশ্ৰয় শিবিৰত জীৱন নিৰ্বাহ কৰিছে ।

PRESIDENTS RULE IMPOSED IN MANIPUR
মণিপুৰ (ETV Bharat Assam)

আনহাতে, ৰাষ্ট্ৰপতিৰ শাসন চলি থকা ৰাজ্যখনত আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য মতে, পাহাৰীয়া আৰু উপত্যকা জিলাৰ ফ্ৰিঞ্জ আৰু দুৰ্বল অঞ্চলত নিৰাপত্তা বাহিনীয়ে অনুসন্ধান অভিযান চলাইছিল । অনুসন্ধান অভিযানৰ সময়ত তলত উল্লেখ কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰা হয় । আৰক্ষীয়ে ৩ (তিনিটা) ইম্প্ৰভাইজড মৰ্টাৰ, ২ (দুটা) মাস্কেট ৰাইফলছ, ১ (এক) ভঙা মেগজিন, এটা স্পটাৰ স্কোপৰ, ২ দুটা বাইনোকুলাৰ, হেলমেট আৰু ৫ পাঁচটা বুলেট প্ৰুফ ভেষ্ট (বুলেট প্ৰুফ প্লেট অবিহনে) উদ্ধাৰ কৰে । এই সামগ্ৰীসমূহ টেংগন'পাল জিলাৰ মাচি থানাৰ অন্তৰ্গত এছ এল জোগাম অঞ্চলৰ পৰা উদ্ধাৰ কৰিছে ।

PRESIDENTS RULE IMPOSED IN MANIPUR
অবৈধ অস্ত্ৰ জমা দিবলৈ ৰাজ্যপালৰ নিৰ্দেশ (ETV Bharat Assam)

তথ্য অনুসৰি, কুকি নেচনেল আৰ্মী আৰু কুকি নেচনেল অৰ্গেনাইজেচনকে ধৰি মুঠ ২৫ টা উগ্ৰপন্থী গোটে ২০৫ টা অত্যাধুনিক অস্ত্ৰ আৰু ২৭৭৬ টা অস্ত্ৰ-শস্ত্ৰ মজুত ৰাখিছে, যিটো চৰকাৰীভাৱে মজুত ৰখাৰ অনুজ্ঞা যথেষ্ট পৰিমাণে কম ।চূড়াচান্দপুৰৰ ৩০-৫৫ কিলোমিটাৰ ভিতৰত ৬ টা এনে শিবিৰ আছে ৷

PRESIDENTS RULE IMPOSED IN MANIPUR
কঠোৰ নিৰাপত্তা (ETV Bharat Assam)

১৪৪ সামগ্ৰী কঢ়িওৱা বাহন আৰু ৩৭৪ খন অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন ক্ৰমে ২ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে নিৰাপত্তাৰ মাজত পাৰ হৈছে । সকলো দুৰ্গম স্থানতে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু বাহনসমূহৰ মুক্ত আৰু নিৰাপদ চলাচল নিশ্চিত কৰাৰ বাবে স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ কনভয়ৰ ব্যৱস্থা কৰা হয় ।

মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু উপত্যকা উভয়তে মুঠ ১১১ টা নাকা চেকপইণ্ট স্থাপন কৰা হৈছিল ৷ ৰাজ্যখনৰ বিভিন্ন জিলাত আইন উলংঘা নোহোৱাৰ বাবে কোনো লোকক আৰক্ষীয়ে আটক কৰিবলগীয়া হোৱা নাই ।

লগতে পঢ়ক: ৩৫ খন দেশৰ ৰাষ্ট্ৰদূতৰ লগতে উচ্চ আয়ুক্তসকল অংশগ্ৰহণ কৰিব এডভাণ্টেজ অসমত : মুখ্যমন্ত্ৰী - ADVANTAGE ASSAM 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.