ভাৰতৰ আন এক কূটনৈতিক কৌশল; পাকিস্তানৰ সন্ত্ৰাসবাদপ্ৰীতি বিশ্বক জনাব সৰ্বদলীয় প্ৰতিনিধি দলে
সন্ত্ৰাসবাদ সন্দৰ্ভত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ স্থিতি দাঙি ধৰাৰ লক্ষ্যৰে ১০ দিনৰ বাবে কেইবাটাও সৰ্বদলীয় প্ৰতিনিধি দলে বিভিন্ন দেশ ভ্ৰমণ কৰিব ।

Published : May 17, 2025 at 11:48 AM IST
নতুন দিল্লী : পাকিস্তানৰ কুকীৰ্তি বিশ্বৰ আগত দাঙি ধৰিবলৈ ভাৰতৰ আন এক কূটনৈতিক প্ৰচেষ্টা । দেশখনৰ সন্ত্ৰাসবাদীপ্ৰীতিক বিশ্বত প্ৰচাৰৰ বাবে গ্ৰহণ কৰিছে পদক্ষেপ । এক বৃহৎ কূটনৈতিক আক্ৰমণৰ অংশ হিচাপে ভাৰত চৰকাৰে অহা সপ্তাহৰ পৰা বিভিন্ন দেশলৈ কেইবাটাও সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰি পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদক বিশ্ব মঞ্চত উদঙাই দিব ।
এই পদক্ষেপৰ লক্ষ্য হৈছে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ পিছত ভাৰতে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে সেন্দূৰ অভিযানৰ জৰিয়তে আক্ৰমণ কৰি সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ স্থিতি দাঙি ধৰা ।
শাসক আৰু বিৰোধী উভয় শিবিৰৰ বিভিন্ন দলৰ সাংসদকে ধৰি জ্যেষ্ঠ নেতাসকলক চৰকাৰে ইয়াৰ দায়িত্ব দিয়াৰ লগতে একাংশ দলেও কূটনৈতিক পদক্ষেপৰ বাবে নিজৰ সদস্যৰ উপস্থিতিত অনুমতি দিছে । সূত্ৰই জনোৱা মতে, একাংশ প্ৰাক্তন মন্ত্ৰীয়ে বিভিন্ন দলৰ সাংসদৰ প্ৰতিনিধি দলক সমগ্ৰ বিশ্বৰ কেইখনমান দেশলৈ লৈ যাব ।
প্ৰতিটো প্ৰতিনিধি দলত সাতৰ পৰা আঠজন সদস্য থকাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে চাৰিৰ পৰা পাঁচখন দেশ ভ্ৰমণ কৰিব পাৰে বুলিও লগতে কয় । অৱশ্যে প্ৰতিনিধি দল বা তাৰ সদস্যৰ সঠিক সংখ্যা সন্দৰ্ভত কোনো এতিয়াও কোনো স্পষ্ট ধাৰণা প্ৰকাশ কৰা নাই যদিও একাংশ নেতাই কয় যে এই পদক্ষেপত ৩০ জনতকৈ অধিক সাংসদক অন্তৰ্ভুক্ত কৰিব পৰা যাব । প্ৰতিনিধি দলসমূহে ১০ দিনৰ বাবে বিভিন্ন দেশ ভ্ৰমণ কৰিব । চৰকাৰে নিৰ্ধাৰণ কৰা বিভিন্ন দেশ সাংসদসকলে ভ্ৰমণ কৰিব ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে তেওঁলোকৰ যাত্ৰাৰ পূৰ্বে সাংসদসকলক অৱগত কৰিব । সাংসদ প্ৰতিনিধি হিচাপে থাকিবলগা দলবোৰৰ ভিতৰত বিজেপি, কংগ্ৰেছ, টি এম চি, ডি এম কে, এন চি পি (এছ পি), জে ডি ইউ, বি জে ডি, শিৱসেনা (ইউ বি টি), চি পি আই (এম)কে ধৰি কিছু দল আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ।
এই পদক্ষেপৰ বিষয়ে উল্লেখ কৰা এটা দলৰ এগৰাকী নেতাই কয় যে তেওঁলোকক ২২-২৩ মে’ৰ ভিতৰত ১০ দিনৰ বাবে যাত্ৰা কৰিবলৈ সাজু হ’বলৈ কোৱা হৈছে আৰু ভ্ৰমণসূচীকে ধৰি প্ৰয়োজনীয় সবিশেষ প্ৰদান কৰিবলৈ এম ই এ তেওঁলোকৰ সৈতে যোগাযোগ কৰিব ।
প্রতিনিধি দলৰ অংশ হ’ব পৰা শাসকীয় দলৰ সদস্যসকলৰ ভিতৰত প্রাক্তন কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰ আৰু ওড়িশাৰ বিজেপি সাংসদ অপৰাজিতা সাৰংগীও আছে বুলি সূত্রসমূহে প্রকাশ কৰিছে ৷ আনহাতে, প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰবিশংকৰ প্রসাদ আৰু ৰাজীৱ প্রতাপ ৰুডী, বিজেপিৰ সাংসদ সমীক ভট্টাচাৰ্য আৰু ব্রিজ লালো এই প্রতিনিধি দলৰ অংশ হোৱাৰ সম্ভাৱনা আছে ৷
কূটনৈতিক পদক্ষেপ সন্দৰ্ভত চৰকাৰে আন দলৰ সদস্যৰ উপৰি কংগ্ৰেছৰ কমেও চাৰিজন সাংসদক নিৰ্বাচন কৰিছে । চৰকাৰৰ তালিকাত অন্তৰ্ভুক্ত কংগ্ৰেছৰ সাংসদসকল হৈছে শশী থাৰুৰ, মনীষ তিৱাৰী, ছলমান খুৰশ্বিদ আৰু অমৰ সিং । লগতে দলটোৱে প্ৰতিনিধি দলৰ অংশ হ’ব বুলি নিশ্চিত কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ।
টি এম চিৰ সুদীপ বেনাৰ্জী, জে ডি ইউৰ সঞ্জয় ঝা, বি জে ডিৰ সচমিত পাত্ৰ, চি পি আই (এম)ৰ জন ব্রিটাছ, শিৱসেনাৰ প্রিয়ংকা চতুর্বেদী, এন চি পিৰ সুপ্রিয়া ছুলে, ডি এম কেৰ কে কানিমোঝি, এ আই এম আই এমৰ আছাদুদ্দিন ওৱেছি আৰু আপৰ বিক্রমজিৎ সাৱনীকো অংশগ্রহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷
সূত্ৰসমূহে জনোৱা মতে, প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী খুৰশ্বিদক দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰৰ দৰে দেশক সামৰি দক্ষিণ আৰু দক্ষিণ-পূব এছিয়ালৈ সাতগৰাকী সাংসদৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিবলৈ কোৱা হৈছে । আনহাতে, বাৰামাটিৰ সাংসদ সুপ্ৰিয়া ছুলেয়ে ওমান, ইজিপ্ত, কেনিয়া আৰু দক্ষিণ আফ্ৰিকাকে ধৰি মধ্যপ্ৰাচ্য আৰু আফ্ৰিকালৈ এটা প্ৰতিনিধি দলৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে ।
একেদৰে কংগ্ৰেছ নেতা মনীষ তিৱাৰীয়ে ইউৰোপ বা মধ্যপ্ৰাচ্যলৈ প্ৰতিনিধি দলৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে আৰু তেওঁ উপলব্ধ থাকিবনে নাই সেই বিষয়ে সোধা হৈছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে ।
সূত্ৰই লগতে কয় যে শশী থাৰুৰে আমেৰিকালৈ এটা প্ৰতিনিধি দলৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে । ইফালে মধ্যপ্ৰাচ্য আৰু আফ্ৰিকা ভ্ৰমণ কৰিবলগীয়া প্ৰতিনিধি দলটোৰ অংশ হ’ব অনুৰাগ ঠাকুৰ । আনহাতে, দক্ষিণ-পূব এছিয়ালৈ যাবলগা প্ৰতিনিধি দলটোৰ অংশ হ’ব তেওঁৰ সহযোগী সাৰংগী । এই প্ৰতিনিধি দলৰ ছাউনীও অংশ হ’ব ।
শিৱসেনাৰ (ইউ বি টি) সাংসদ চতুৰ্বেদী চৌদি আৰব, আলজেৰিয়া, কুৱেইট আৰু বাহৰেইনলৈ যাবলগা প্ৰতিনিধি দলৰ অংশ হ’ব । এই প্ৰতিনিধি দলটোত কংগ্ৰেছৰ অমৰ সিঙো থাকিব । সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গুলাম নবী আজাদো এটা প্ৰতিনিধি দলৰ অংশ হোৱাৰ সম্ভাৱনা আছে ।
অৱশ্যে চৰকাৰৰ পৰা প্ৰতিনিধি দলসমূহৰ সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই যদিও কংগ্ৰেছৰ সাধাৰণ সম্পাদক যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ৰাম ৰমেশে পি টি আইক জনাইছে যে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই সন্দৰ্ভত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে কথা পাতিছে । লগতে বিৰোধী দলে ঐক্য আৰু সংহতিৰ আহ্বান জনোৱাৰ পিছতো প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দলে কংগ্ৰেছক ধাৰাবাহিকভাৱে বদনাম কৰি আহিছে বুলিও ৰমেশে দাবী কৰে ।
X পোষ্টত তেওঁ কয়, "পাকিস্তানৰ পৰা সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি বুজাবলৈ এতিয়া হঠাতে প্ৰধানমন্ত্ৰীয়ে বহুদলীয় প্ৰতিনিধি দল বিদেশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে । ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় সৰ্বোচ্চ জাতীয় স্বাৰ্থত স্থিতি গ্ৰহণ কৰে আৰু বিজেপিৰ দৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় l কেতিয়াও ৰাজনীতিকৰণ নকৰে । সেয়েহে আই এন চি নিশ্চিতভাৱে এই প্ৰতিনিধি দলসমূহৰ অংশ হ'ব ।"
উল্লেখ্য যে, ২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে যোৱা ৭ মে’ৰ পুৱা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সেন্দূৰ অভিযানৰ অধীনত ভাৰতে সন্ত্ৰাসবাদী শিবিৰত নিখুঁত আক্ৰমণ চলায় ।

