ETV Bharat / bharat

লোকপিয়ল ২০২৭ : দেশৰ ১৬ সংখ্যক লোকপিয়লৰ অধিসূচনা জাৰি - CENSUS 2027

চৰকাৰে জাতিগত গণনাৰ সৈতে দেশজুৰি লোকপিয়ল অনুষ্ঠিত কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে ।

CENSUS 2027
দেশৰ ১৬ সংখ্যক লোকপিয়লৰ অধিসূচনা জাৰি (IANS)
author img

By ETV Bharat Assamese Team

Published : June 16, 2025 at 2:46 PM IST

2 Min Read

নতুন দিল্লী : ২০১১ চনত অন্তিমবাৰৰ বাবে দেশত লোকপিয়ল অনুষ্ঠিত হৈছিল । ১৬ বছৰৰ অন্তত পুনৰ দেশত আৰম্ভ হ'ব লোকপিয়ল । লোকপিয়লৰ সমান্তৰালকৈ এইবাৰ জাতিগত গণনাও কৰা হ'ব । যাক লৈ দেশজুৰি চৰ্চা অব্যাহত আছে ।

তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সোমবাৰে লোকপিয়ল ২০২৭ৰ অধিসূচনা জাৰি কৰে । অধিসূচনা অনুসৰি প্ৰথম পৰ্যায়ত ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা লাডাখৰ দৰে বৰফাবৃত অঞ্চলসমূহত লোকপিয়ল আৰম্ভ হ'ব । দেশৰ বাকী অংশত লোকপিয়ল ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ'ব ।

অধিসূচনাত কোৱা হৈছে, "কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ আৰু জম্মু-কাশ্মীৰ আৰু ৰাজ্য হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বৰফাবৃত অঞ্চলৰ বাহিৰে উক্ত লোকপিয়লৰ ৰেফাৰেন্স তাৰিখ হ'ব ২০২৭ চনৰ ১ মাৰ্চ । কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ আৰু হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ দৰে ৰাজ্যৰ বৰফাবৃত এলেকা সন্দৰ্ভত ৰেফাৰেন্স তাৰিখ হ'ব ২০২৬ চনৰ ১ অক্টোবৰ ।"

সমগ্ৰ দেশৰ জনসংখ্যা সম্পৰ্কীয় তথ্য সংগ্ৰহৰ ক্ষেত্ৰত প্ৰায় ৩৪ লাখ গণনাকাৰী, তত্বাৱধায়কে কাম কৰিব । ডিজিটেল সঁজুলি সজ্জিত প্ৰায় ১.৩ লাখ লোকপিয়ল কৰ্মী জড়িত হ'ব । চৰকাৰী বিবৃতি অনুসৰি লোকপিয়লৰ সমান্তৰালকৈ জাতিগত গণনাও কৰা হ'ব ।

ৰাইজৰ সুবিধাৰ্থে ব্যক্তিগত গণনাৰো ব্যৱস্থা কৰা হ'ব । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কেন্দ্ৰীয় গৃহ সচিব, মহাপঞ্জীয়ক তথা ভাৰতৰ লোকপিয়ল আয়ুক্ত মৃতুঞ্জয় কুমাৰ নাৰায়ণকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতে লোকপিয়লৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে ।

দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকপিয়ল -

  • প্ৰথম পৰ্যায়ত- হাউছলিষ্টিং অপাৰেশ্যন (HLO)- প্ৰতিটো পৰিয়ালৰ ঘৰৰ অৱস্থা, সম্পত্তি আৰু সুবিধাসমূহৰ তথ্য সংগ্ৰহ কৰা হ'ব ।
  • দ্বিতীয় পৰ্যায়ত- জনসংখ্যা গণনা (PE)-প্ৰতিটো পৰিয়ালৰ জনগাঁথনি, আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু অন্যান্য সবিশেষ সংগ্ৰহ কৰা হ'ব ।

চৰকাৰী বিবৃতিত কোৱা হৈছে যে এই অনুশীলন আৰম্ভ হোৱাৰ পিছত ই দেশৰ স্বাধীনতাৰ পিছত অষ্টম সংখ্যক লোকপিয়ল হ'ব । বিবৃতিটোত কোৱা হৈছে যে তথ্য সংগ্ৰহ, প্ৰেৰণ আৰু সংৰক্ষণৰ সময়ত তথ্য সুৰক্ষা নিশ্চিত কৰিবলৈ অতি কঠোৰ তথ্য সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক :পুনেত দলং ভাঙি মৃত্যুৰ হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি, আহত ৫১ জন, স্থগিত উদ্ধাৰ অভিযান - PUNE BRIDGE COLLAPSE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.