ETV Bharat / bharat

গোৰ্ছাম কোৰা মহোৎসৱে সুদৃঢ় কৰিব ভাৰত-ভূটানৰ বন্ধুত্ব

অৰুণাচল প্ৰদেশৰ জেমিথাং উপত্যকাত হিমালয়ৰ বৌদ্ধ সাংস্কৃতিক উত্তৰাধিকাৰৰ সন্মানত আৰু ভাৰত-ভূটানৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বক উদযাপনৰ বাবে প্ৰতি বছৰে অনুষ্ঠিত হয় এই গোৰ্ছাম কোৰা উৎসৱ ।

GORSAM KORA FESTIVAL
গোৰ্ছাম কোৰা মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 25, 2025 at 7:39 PM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ: "গোৰ্ছাম কোৰা" মহোৎসৱ হৈছে এক ঐতিহাসিক মহোৎসৱ, যাৰ দ্বাৰা ভাৰত আৰু ভূটানৰ মাজত এক বন্ধুত্ব স্থাপনৰ এক দীৰ্ঘদিনীয়া প্ৰচেষ্টা হাতত লোৱা হৈছে ৷ ২৬ মাৰ্চৰ পৰা অৰুণাচল প্ৰদেশৰ জেমিথাং উপত্যকাত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক অনুষ্ঠান গোৰ্ছাম কোৰা উৎসৱত বৌদ্ধধৰ্মৰ সাংস্কৃতিক ঐতিহ্যক সন্মান জনোৱাৰ লগতে ভাৰত আৰু ভূটানৰ দীৰ্ঘদিনীয়া বন্ধুত্বক আদৰণি জনোৱা হ’ব । তেজপুৰস্থ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই এই বিষয়ে জানিবলৈ দিয়ে ।

অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ জেমিথাং উপত্যকাত হিমালয়ৰ বৌদ্ধ সাংস্কৃতিক উত্তৰাধিকাৰৰ সন্মানত আৰু ভাৰত-ভূটানৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বক উদযাপনৰ বাবে প্ৰতি বছৰে অনুষ্ঠিত হয় এই গোৰ্ছাম কোৰা উৎসৱ ।

GORSAM KORA FESTIVAL
গোৰ্ছাম কোৰা মহোৎসৱ (ETV Bharat Assam)

ন্যামজ্ঞাং-চ্যু নদীৰ কাষত অৱস্থিত জেমিথাঙে ১৯৫৯ চনত তিব্বতৰ পৰা প্রত্যাপৰ্ণ কৰাৰ পিছত চতুৰ্দশ দালাই লামাই আশ্ৰয় লোৱা অভয়াৰণ্য হিচাপে ঐতিহাসিক তাৎপৰ্য লাভ কৰিছে । খৃষ্টীয় দ্বাদশ শতিকাৰ সময়ছোৱাত স্থানীয় সন্ন্যাসী লামা প্ৰধৰে নিৰ্মাণ কৰা ৯৩ ফুট ওখ স্তূপ গোৰ্ছাম চোৰ্টেনত অনুষ্ঠিত হ’ব এই উৎসৱ ।

টাৱাং মঠতকৈ বহু পুৰণি এই বিৰল স্তূপটো নেপালৰ বৌধিনাথ স্তূপৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে । বৌদ্ধধৰ্মৰ চন্দ্ৰ কেলেণ্ডাৰৰ প্ৰথম মাহৰ অন্তিম দিনটোত গোৰ্ছাম কোৰা উৎসৱৰ সময়ত ভূটানৰ বহু নাগৰিককে ধৰি হাজাৰ হাজাৰ ভক্ত একত্ৰিত হ’ব এই পৌৰাণিক ধৰ্মীয় অনুষ্ঠানটোত ।

GORSAM KORA FESTIVAL
গোৰ্ছাম কোৰা মহোৎসৱ (ETV Bharat Assam)

জেমিথাং ৰাজহ চক্ৰৰ উদ্যোগত অসামৰিক কৰ্তৃপক্ষৰ সহযোগত আৰু স্থানীয় ভাৰতীয় সেনা ইউনিটৰ দ্বাৰা এই উৎসৱৰ আৰম্ভণি হ’ব মহামহিম পদ্ম শ্ৰীথেংচে ৰিনপোচেৰ নেতৃত্বত । চতুৰ্দশ দালাই লামাই ৰোপণ কৰা বুলি বিশ্বাস কৰা খিনজেমানে পবিত্ৰ গছত প্ৰাৰ্থনাৰে তিনিদিনীয়া এই অনুষ্ঠানৰ আৰম্ভণি হ’ব । চোৰ্টেনত সন্ন্যাসীসকলে পবিত্ৰ মন্ত্ৰৰ জপ আৰু বৌদ্ধধৰ্মৰ পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰিব । এই অনুষ্ঠানত ভূটান, টাৱাং আৰু চুবুৰীয়া অঞ্চলৰ তীৰ্থযাত্ৰী আৰু লামাসকলেও অংশগ্ৰহণ কৰিব ৷

এই মহোৎসৱত স্থানীয় দল আৰু ভাৰতীয় সেনাৰ বেণ্ডৰ সাংস্কৃতিক পৰিৱেশনকে ধৰি বিভিন্ন অনুষ্ঠানৰ লগতে মল্লখম্ব আৰু জাঞ্জৰ দৰে যুদ্ধ অনুষ্ঠানৰ আয়োজন কৰা হ’ব ।

‘জিৰ’ ৱেষ্ট ফেষ্টিভেল’ শীৰ্ষক বিষয়বস্তুৰ অধীনত উদযাপন কৰা ফাৰ্দাৰ এণ্ড বিয়ণ্ড ফাউণ্ডেচনে ভাৰতীয় সেনা আৰু স্থানীয় প্ৰশাসনৰ সহযোগত এই অনুষ্ঠানৰ সময়ত এক বিশেষ স্বচ্ছতাৰ অভিযান হাতত ল’ব ।

লগতে পঢ়ক: অৱশেষত মুকলি আকাশৰ তললৈ ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হক - USTM CHANCELLOR MAHBUBUL HOQUE