ETV Bharat / bharat

মুছেৱালাৰ হত্যাত অভিযুক্ত কুখ্যাত গেংষ্টাৰক শিলচৰ কাৰাগাৰলৈ প্ৰেৰণ

পঞ্জাবৰ বিশিষ্ট গায়ক সিধু মুছেৱালা হত্যাকাণ্ডত জড়িত কুখ্যাত গেংষ্টাৰ জগদীপ সিঙক পঞ্জাবৰ ভাটিণ্ডাৰ পৰা শিলচৰ কেন্দ্রীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।

Gangster Jagdeep Singh
শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ গেংষ্টাৰ জগদীপ সিঙক (ANI)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 7:38 AM IST

|

Updated : March 24, 2025 at 10:03 AM IST

2 Min Read
Choose ETV Bharat

শিলচৰ : পঞ্জাবৰ বিশিষ্ট গায়ক সিধু মুছেৱালাৰ হত্যাত অভিযুক্তক শিলচৰ কাৰাগাৰলৈ প্ৰেৰণ । মুছেৱালাৰ হত্যাকাণ্ডত জড়িত কুখ্যাত গেংষ্টাৰ জগদীপ সিং ওৰফে জগ্গু ভগৱানপুৰীয়াক পঞ্জাবৰ ভাটিণ্ডা কাৰাগাৰৰ পৰা শিলচৰ কেন্দ্রীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।

বিশেষ বিমানেৰে দেওবাৰে কুখ্যাত অপৰাধীজনক পঞ্জাবৰ পৰা শিলচৰলৈ লৈ অনা হয় । পঞ্জাবৰ NDPS শাখাৰ বিশেষ আৰক্ষী বাহিনীয়ে দেওবাৰে তেওঁক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত আনি চমজাই দিয়ে ।

উল্লেখ্য যে জগদীপ সিঙৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যত অস্ত্ৰ সৰবৰাহ, ড্ৰাগছ সৰবৰাহসহ বিভিন্ন অপৰাধৰ লগত জড়িত থকাৰ ১২৮টা গোচৰ ৰুজু হৈ আছে । পাকিস্তান, আমেৰিকা, কানাডাসহ বিভিন্ন দেশৰ লগত আন্তর্জাতিক অস্ত্ৰ সৰবৰাহ চক্ৰত জড়িত জগদীপ সিং । নিৰাপত্তাজনিত কাৰণত কুখ্যাত অপৰাধীজনক শিলচৰলৈ স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰ'ৱে (এন চি বি) দেওবাৰে এক বিবৃতিত কয় যে কুখ্যাত গেংষ্টাৰ তথা ড্ৰাগ সৰবৰাহকাৰী জগদীপ সিং ওৰফে জগ্গু ভগৱানপুৰীয়াক নাৰ্কোটিক ড্ৰাগছ এণ্ড ছাইকোট্ৰপিক ছাবষ্টেন্স (পি আই টি এন ডি পি এছ) আইন, ১৯৮৮ৰ অধীনত ভাটিণ্ডাৰ (পঞ্জাব) পৰা শিলচৰৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে ।

উল্লেখ্য যে পঞ্জাবৰ গুৰদাসপুৰৰ বাসিন্দা ভগৱানপুৰীয়া ২০১২ চনৰ পৰা হাই প্ৰফাইল হত্যাৰ গোচৰ, ধনদাবী, অস্ত্ৰৰ চোৰাং ব্যৱসায় আৰু ১২ টা গোচৰকে ধৰি এন ডি পি এছ আইনৰ অধীনত ১২৮ টা অপৰাধমূলক গোচৰত জড়িত হৈ আছে ।

তেওঁ হৈছে পাঞ্জাবী গায়ক সিধু মুছেৱালাৰ হত্যাৰ এজন অন্যতম অভিযুক্ত । তেওঁৰ বিশাল অপৰাধী নেটৱৰ্কৰ ভিতৰত আছে হেৰোইন, আফিং, ছাইকোট্ৰপিক পদাৰ্থ আৰু অবৈধ অস্ত্ৰ-শস্ত্ৰৰ চোৰাং ব্যৱসায় ।

আনহাতে, বিষয়াসকলে জনোৱা মতে, পঞ্জাবৰ উচ্চ সুৰক্ষা বিশিষ্ট কাৰাগাৰত বন্দী হৈ থকা সত্ত্বেও ভগৱানপুৰিয়াই কাৰাগাৰৰ পৰাই মোবাইল ফোন ব্যৱহাৰ কৰি তেওঁৰ অপৰাধী সাম্ৰাজ্য চলাই আহিছে ।

ইফালে একেধৰণৰ পদক্ষেপত কাৰাগাৰৰ পৰায়ে অবৈধ কাৰ্যকলাপ অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষিতত আন দুজন হাই প্ৰফাইল ড্ৰাগছ সৰবৰাহকাৰী অক্ষয় ছাবৰা আৰু জছপাল গোল্ডীক পি আই টি এন ডি পি এছ আইনৰ অধীনত পঞ্জাবৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰিত কৰা হৈছে ।

লগতে পঢ়ক :টকাই টকা ওলাইছে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত - JUSTICE VARMA CURRNECY RECOVERY ROW
লগতে পঢ়ক :সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্ত সমাপ্ত; ক্লজাৰ ৰিপ’ৰ্ট দাখিল চি বি আইৰ - SUSHANT RAJPUT DEATH
Last Updated : March 24, 2025 at 10:03 AM IST