ETV Bharat / bharat

গুজৰাটত দলং ভাঙি মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি; পুনৰ ৩ টা মৃতদেহ উদ্ধাৰ

শুকুৰবাৰে তৃতীয়দিনাও উদ্ধাৰ অভিযান চলি আছে । উদ্ধাৰকাৰী দলে ৫০ ঘণ্টাতকৈও অধিক সময় ধৰি অভিযান চলাই আছে ৷

Gambhira Bridge Collapse
গুজৰাটত দলং ভাঙি মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি (ANI)
author img

By ETV Bharat Assamese Team

Published : July 11, 2025 at 6:20 PM IST

2 Min Read
Choose ETV Bharat

বদোদৰা: গুজৰাটৰ আনন্দ জিলাৰ মুজপুৰৰ ওচৰৰ মহিসাগৰ নদীৰ গম্ভীৰা দলং ভাঙি সংঘটিত দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পাইছে । এই দুৰ্ঘটনাত চাৰিখনতৈ অধিক বাহন দলঙৰ ভঙা অংশৰে নদীত পৰিছিল । আনহাতে, দুৰ্ঘটনাৰ ৫০ ঘণ্টাৰ পিছত শুকুৰবাৰে আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয় । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সন্ধিয়ালৈকে ১৮ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল ।

ঘটনাস্থলীত শুকুৰবাৰে তৃতীয়দিনাও উদ্ধাৰ অভিযান চলি আছে । উদ্ধাৰ অভিযানত নিয়োজিত বাহিনীয়ে ৫০ ঘণ্টাতকৈও অধিক সময় ধৰি অভিযান চলাই আছে । গভীৰ নিশালৈকে উদ্ধাৰ অভিযান চলোৱা হৈছে । শুকুৰবাৰে পুৱাৰে পৰা চলোৱা অভিযানত আবেলিলৈকে আৰু তিনিটা মৃতদেহ উদ্ধাৰ হয় ।

বদোদৰাৰ জিলা আয়ুক্ত অনিল ধমেলিয়াই জনোৱা মতে, "দুদিন পূৰ্বে সংঘটিত এই দুৰ্ঘটনাৰ উদ্ধাৰ অভিযান চলি আছে । বিশেষকৈ ধ্বংসাৱশেষৰ পৰিমাণ আৰু দলংখনৰ সুস্থিৰতা সম্বন্ধীয় কাৰণৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰেনৰ দ্বাৰা উপৰিভাগত সুৰক্ষিতভাৱে কাম কৰি থকা হৈছে । ইয়াৰ উপৰি পানীৰ তলত তেল আৰু অন্য পদাৰ্থ মিহলি হোৱাত জ্বলা-পোৰা আৰু খজুৱতিৰ দৰে সমস্যাৰ সৃষ্টি হৈছে ।"

তেওঁ লগতে কয় যে ৯৮ শতাংশ ছালফিউৰিক এচিড থকা এখন টেংকাৰো পানীৰ তলত আছে । ইয়াৰ বাবে উদ্ধাৰকাৰী দলে সকলো বিপদৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰকাৰ্য চলাই আছে ।

আনহাতে, বৃহস্পতিবাৰে নিশা নদীত পানী বৃদ্ধি পোৱা বাবে প্ৰায় ১০ বজালৈকে কাম কৰাৰ পিছত অভিযান বন্ধ কৰিবলগা হয় । তেতিয়ালৈকে ১৮ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল । দুৰ্ঘটনাৰ দিনা নিৰুদ্দেশ হোৱা লোকৰ সংখ্যা উল্লেখ কৰি যি তালিকা প্ৰকাশ কৰা হৈছিল তাত মুঠ ৮ জন লোক নিৰুদ্দেশ হোৱা বুলি উল্লেখ কৰা হৈছিল । ইয়াৰ বিপৰীতে প্ৰথমদিনা ১২ টা মৃতদেহ উদ্ধাৰ হয় । আনহাতে, বৃহস্পতিবাৰে ৬ টা মৃতদেহ উদ্ধাৰ কৰা হয় ।

উল্লেখ্য যে, বুধবাৰে পুৱা সংঘটিত দুৰ্ঘটনাটোত প্ৰায় চাৰি দশক পুৰণি এখন দলঙৰ এটা অংশ ভাঙি কেইবাখনো বাহন নদীৰ বুকুত সৰি পৰে ৷ মধ্য গুজৰাট আৰু সৌৰাষ্ট্ৰ অঞ্চলক সংযোগ কৰা নদীখনৰ ওপৰত থকা গম্ভীৰা দলঙৰ এটা অংশ ভাঙি পৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক :চাৰি দশক পুৰণি দলং ভাঙি ১০ জন লোকৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ সাহায্য ঘোষণা - VADODARA BRIDGE COLLAPSE
লগতে পঢ়ক :আহমেদাবাদ বিমান দুৰ্ঘটনা; বিজয় ৰূপানীসহ ৪৭ টা ডি এন এ মিলিছে - AHMEDABAD PLANE CRASH