বিদ্ৰোহীৰ পৰা সমাজ সংস্কাৰকলৈ: ছত্তীশগড়ত প্ৰাক্তন নক্সালবাদীৰ শিক্ষা বিপ্লৱ
এসময়ত নক্সালসকলে নিজৰ মতাদৰ্শৰ বীজ সিঁচিবলৈ ধ্বংস কৰা চৰকাৰী প্ৰাথমিক বিদ্যালয় এতিয়া আত্মসমৰ্পণকাৰীসকলে পুনৰ নিৰ্মাণ কৰিছে ।

Published : July 11, 2025 at 2:25 PM IST
দান্তেৱাড়া : নক্সালবাদী আৰু নক্সালবাদ । ছত্তীশগড়ৰ সৰ্বত্ৰে ইয়াৰ প্ৰভাৱ । নক্সালবাদীৰ প্ৰভাৱত ৰাজ্যখনত একপ্ৰকাৰ উশাহ ল'ব নোৱৰা অৱস্থা । কিন্তু বৰ্তমান সেই পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে । নক্সালবাদীৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ লগতে মূলসুঁতিলৈ ঘূৰি অহা নক্সালবাদীসকলক প্ৰদান কৰা চৰকাৰী সাহায্য-সমৰ্থনে এতিয়া পৰিৱেশ যথেষ্টখিনি সলনি কৰিছে । তাৰেই এক উদাহৰণ ছত্তীশগড়ৰ এই অঞ্চলটো ।
এসময়ত নক্সালৰ দুৰ্গ হিচাপে ভয়তে থৰহৰি কম্পমান হোৱা ছত্তীশগড়ৰ ভান্সী মাছাপাৰা গাঁওখনে এক নীৰৱ পৰিৱৰ্তনৰ সাক্ষী হৈছে । নিয়মীয়া বন্দুকৰ গুলী আৰু বোমা বিস্ফোৰণৰ আতংকময় পৰিৱেশৰ পৰা পৰিৱৰ্তন হৈ এই অঞ্চলটো এতিয়া শিশুসকলৰ প্ৰতিদিনে বৰ্ণমালা পাঠ কৰা আৰু নেওতা আওৰোৱাৰ সুললিত কণ্ঠৰে সজীৱ হৈ উঠিছে ।
এসময়ত নক্সালসকলে নিজৰ মতাদৰ্শৰ বীজ সিঁচিবলৈ আৰু শিশুক আধুনিক শিক্ষাৰ পৰা বঞ্চিত কৰিবলৈ ধ্বংস কৰি পেলোৱা চৰকাৰী প্ৰাথমিক বিদ্যালয় এখন এতিয়া হৈ পৰিছে মানৱ সম্পদ গঢ়াৰ কমাৰশাল । জিলা প্ৰশাসনৰ সহায়ত আত্মসমৰ্পণকাৰী নক্সালবাদীসকলে অঞ্চলটোত হিংসামুক্ত পৰিৱেশ পুনৰুদ্ধাৰৰ এক ব্যাপক পদক্ষেপৰ অংশ হিচাপে বিদ্যালয়খন পুনৰ নিৰ্মাণ কৰিছে ।
বিগত পাঁচ বছৰত হাজাৰোধিক নক্সালবাদীয়ে আত্মসমৰ্পণ কৰা ৰাজ্যখনৰ ‘লন ভাৰাটু’ অভিযানৰ অধীনত আত্মসমৰ্পণ কৰা এজন প্ৰাক্তন নক্সালবাদীয়ে কয়, “পূৰ্বতে আমি হাতত বন্দুক লৈছিলোঁ; এতিয়া আমাৰ সন্তানে কলম হাতত লৈছে । এই পৰিৱৰ্তন দেখি এতিয়া আমাৰ অনুভৱ হৈছে যে আমি সঠিক সিদ্ধান্ত লৈছোঁ ।”
বিদ্যালয়খনে কেৱল সাধাৰণ মানুহৰে নহয়, আত্মসমৰ্পণকাৰী নক্সালবাদীসকলৰ শিশুসকলকো উৎসাহিত কৰিছে । শিশুসকলক বিনামূলীয়াকৈ কিতাপ আৰু ইউনিফৰ্ম প্ৰদান কৰি পৰিৱৰ্তন আৰু মিলনৰ এক প্ৰতীক কৰি তোলা হৈছে ।
"এই পৰিৱৰ্তন কেৱল ভান্সী বা মাছাপাৰাতে সীমাবদ্ধ হৈ থকা নাই । ই হৈছে সমাজ, প্ৰশাসন, জনতাৰ প্ৰবল ইচ্ছাশক্তি হ’লে যে পৰিৱৰ্তন সম্ভৱ তাৰ এক ডাঙৰ বাৰ্তা । আত্মসমৰ্পণকাৰী নক্সালবাদীয়ে নিজেই এই বিদ্যালয়ৰ ভেটি স্থাপন কৰিছিল ।" ভান্সী মাছাপাৰা বিদ্যালয়ৰ শিক্ষক কেশৱ ধ্ৰুৱই কয় ।
আত্মসমৰ্পণকাৰী আন এজন নক্সালবাদীয়ে কয়, “এই বিদ্যালয়খন আমাৰ বাবে এসময়ত যুদ্ধক্ষেত্ৰ আছিল । কিন্তু এতিয়া ল’ৰা-ছোৱালীৰ চিঞৰ-বাখৰ, কোলাহল দেখি প্ৰবল সন্তুষ্টিৰ সৃষ্টি হৈছে । মছাপাৰাত এতিয়া সপোনবোৰে ঢৌ খেলি আছে । ইয়াত পূৰ্বৰ বিদ্ৰোহীৰ সন্তানসকলে সংঘাত নহয়, প্ৰজ্ঞাৰে ভৱিষ্যত গঢ় দিয়াৰ বাবে সাজু হৈছে ।”

