ETV Bharat / bharat

মে’ মাহৰ খৰাঙৰ পৰা আগষ্ট মাহৰ বানলৈ… জলবায়ু পৰিৱৰ্তনৰ সাক্ষী জম্মু-কাশ্মীৰ

জম্মু-কাশ্মীৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালকগৰাকীয়ে কয় যে শেহতীয়াকৈ কেৱল জম্মুতে ৪০০ মিলিমিটাৰ বৰষুণ হৈছে ।

Jammu And Kashmir Weather
বানে প্লাৱিত কৰা শ্ৰীনগৰৰ এটা অঞ্চল (PTI)
author img

By ETV Bharat Assamese Team

Published : September 4, 2025 at 2:21 PM IST

5 Min Read
Choose ETV Bharat

শ্ৰীনগৰ: চলিত বৰ্ষটো প্ৰত্যাহ্বানমূলক হিচাপে বিবেচিত হৈছে জম্মু-কাশ্মীৰৰ বাবে ৷ পহলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনা, বছৰৰ মাজভাগত হোৱা খৰাং পৰিস্থিতি আৰু এতিয়া জলপ্ৰলয়ে বাৰুকৈ জোকাৰিছে ৰাজ্যখনক ৷ হিমালয় তথা ইয়াৰ পাদদেশত হোৱা জলবায়ু পৰিৱৰ্তনৰ ফলতে সঘনাই সলনি হৈছে জম্মু-কাশ্মীৰৰ বতৰ ৷ যিয়ে জনসাধাৰণৰ ক্ষতিসাধন কৰাৰ লগতে কৃষি আৰু অৰ্থনীতিতো বৃহৎ প্ৰভাৱ পেলাইছে ।

চলিত বৰ্ষত কাশ্মীৰত মে’ৰ পৰা জুলাই মাহৰ ভিতৰত অস্বাভাৱিকভাৱে কম বৰষুণ হৈছিল ৷ যাৰ বাবে দীৰ্ঘসময়লৈ কাশ্মীৰত খৰাং পৰিস্থিতিয়ে দেখা দিছিল ৷ এই খৰাংসদৃশ পৰিস্থিতিয়ে ধানৰ লগতে অন্যান্য কৃষিভূমিসমূহ শুকাই উছন কৰে ৷ খেতিয়কসকলে জলসিঞ্চনৰ পানীৰ বাবে হাহাকাৰ কৰিবলৈ ধৰে ৷ ঝিলাম আৰু ইয়াৰ ছখন মূল উপনৈ আৰু অন্যান্য সংযোগী নৈবোৰ শুকান বা স্বাভাৱিক জলস্তৰতকৈ বহু বেছি তলত আছিল ৷

Jammu And Kashmir Weather
বান পৰিস্থিতিৰ মাজতে শ্ৰীনগৰৰ কেইগৰাকীমান সাধাৰণ লোক (ETV Bharat)

অৱশ্যে আগষ্ট মাহত এক বিপৰীত ছবিহে দেখা যায় ৷ গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিলক্ষিত হয় জম্মু-কাশ্মীৰত ৷ ৰাজ্যখনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক মুখতাৰ আহমেদে ই টিভি ভাৰতক কয়, ‘‘আগষ্ট মাহত জম্মু প্ৰদেশকে ধৰি উত্তৰ-পশ্চিম হিমালয় অঞ্চলত বাৰিষাৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছিল ৷’’

তেওঁ লগতে কয়, ‘‘জম্মুত বাৰিষাৰ সময়ত স্বাভাৱিক বৰষুণৰ পৰিমাণ ৩০০ মিলিমিটাৰ যদিও চলিত সময়ত প্ৰদেশখনত ৪০০ মিলিমিটাৰ বৰষুণ হৈছে ৷ কাশ্মীৰ বিশেষকৈ দক্ষিণ কাশ্মীৰ ৰেঞ্জতো উত্তৰ ভাৰতৰ গ্ৰীষ্মকালীন বাৰিষাৰ প্ৰভাৱ পৰা দেখা গৈছে । জম্মুত এই প্ৰচণ্ড বৰষুণৰ ফলত সঘনাই হোৱা বতৰৰ পৰিৱৰ্তনৰ বাবে বান পৰিস্থিতি আৰু ডাৱৰ বিস্ফোৰণৰ দৰে কেতবোৰ ঘটনা ঘটে, যাৰ প্ৰভাৱ ৰাজ্যখনৰ জনসাধাৰণৰ ওপৰত পৰে ৷’’

Jammu And Kashmir Weather
বান পৰিস্থিতি অপৰিৱৰ্তিত (ETV Bharat)

জম্মু সংমণ্ডলৰ কিষ্টৱাৰ আৰু ডোডাকে ধৰি পাহাৰীয়া অঞ্চলসমূহত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আৰু বানৰ ফলত ১০০ জনতকৈ অধিক লোকৰ মৃত্যু ঘটাৰ লগতে কোটি কোটি মূল্যৰ দলং, বাট-পথ আৰু সা-সম্পত্তি ধ্বংস হয় । ইয়াৰ প্ৰভাৱ জম্মু-কাশ্মীৰৰ অৰ্থনৈতিক দিশতো পৰে ৷ কাৰণ জম্মু-শ্ৰীনগৰ সংযোগী ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাত আৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ আৰু বেপাৰ-বাণিজ্য স্তব্ধ হৈ পৰে ।

পৰিৱেশবিদসকলে কয় যে এই চৰম পৰ্যায়সমূহ এতিয়া কেৱল এৰাব নোৱাৰা বতৰৰ পৰিঘটনা নহয় বৰঞ্চ জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত বিশ্বব্যাপী ধাৰাটোৰ অংশ ৷

Jammu And Kashmir Weather
সঘনাই সলনি হৈছে জম্মু-কাশ্মীৰৰ বতৰ (ETV Bharat)

কাশ্মীৰ বিশ্ববিদ্যালয়ৰ ভূ-তথ্যবিজ্ঞানৰ গৱেষক পণ্ডিত ইমটিয়াজ আহমদ ভাটে কয় যে জম্মু-কাশ্মীৰৰ বতৰ দুটা প্ৰধান ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱিত হৈছে - কাশ্মীৰ উপত্যকাত পশ্চিমীয়া অশান্তি আৰু মূলতঃ জম্মু অঞ্চলত প্ৰভাৱ পেলোৱা বাৰিষা ব্যৱস্থা । ভাটে ইটিভি ভাৰতক কয়, ‘‘মে’ আৰু জুন মাহত আমি অস্বাভাৱিকভাৱে নিষ্ক্ৰিয় পশ্চিমীয়া অশান্তিৰ সাক্ষী হৈছিলো, যিয়ে কাশ্মীৰলৈ আশা কৰা ধৰণে বৰষুণ আনিব নোৱাৰিলে ৷ যাৰ ফলত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ল । এতিয়া আগষ্ট মাহত জম্মুত গ্ৰীষ্মকালীন বাৰিষাৰ সোঁত অস্বাভাৱিকভাৱে তীব্ৰতৰ হৈ পৰিছে ।’’

তেওঁ লগতে কয়, ‘‘এই দুটা বতৰ ব্যৱস্থাত গোলকীয় উষ্ণতা বৃদ্ধিয়ে ইমানেই আঘাত কৰিছে যে আমি অতি অস্বাভাৱিক পৰিস্থিতিৰ সাক্ষী হৈছো, এমাহত খৰাং আৰু পিছৰ মাহত বান ।’’

বতৰৰ চৰম পৰিস্থিতিৰ প্ৰতি ক্ৰমবৰ্ধমান উদ্বেগৰ মাজতে পৰিৱেশবিদসকলে চৰকাৰক তাৎক্ষণিক প্ৰশমন কৌশলৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি দুৰ্বল জম্মু-কাশ্মীৰকে ধৰি হিমালয় অঞ্চলটোক বচাবলৈ বহনক্ষম উন্নয়নৰ লক্ষ্য গ্ৰহণ কৰাৰ পোষকতা কৰিছে ।

‘‘যদিও জলবায়ুৰ পৰিৱৰ্তন বিশ্বব্যাপী পৰিঘটনা, স্থানীয় পৰ্যায়ত ইয়াৰ প্ৰভাৱ হ্ৰাসৰ ব্যৱস্থাই আঞ্চলিক পৰ্যায়তো ইয়াৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিব পাৰে । উৰ্বৰ ভূমিত বনানীকৰণ, প্ৰাকৃতিক সম্পদৰ শোষণ নিয়ন্ত্ৰণ আৰু প্ৰদূষণ হ্ৰাস কৰা আদি ব্যৱস্থাসমূহ হিমবাহৰ সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ । যেতিয়া ক’লা কাৰ্বন আৰু ধূলিৰ দৰে প্ৰদূষক হিমবাহৰ পৃষ্ঠত থিতাপি লয়, তেতিয়া ইয়ে বৰফ ক’লা কৰি পেলাই আৰু ইয়াৰ প্ৰাকৃতিক প্ৰতিফলন ক্ষমতা (এলবেডো) হ্ৰাস কৰে । হিমবাহৰ ওপৰত পৰা সৌৰ বিকিৰণৰ বেছিভাগেই প্ৰতিফলিত হোৱাৰ পৰিৱৰ্তে অধিক তাপ শোষণ কৰে, যাৰ ফলত পৃষ্ঠৰ উষ্ণতা বৃদ্ধি পায় আৰু হিমবাহ গলি যোৱাৰ হাৰ বৃদ্ধি পায়’’- বুলি ভাটে কয় ।

এই অনিয়মিত আৰ্হিটোৱে জল ব্যৱস্থাপনা, কৃষি আৰু উদ্যান শস্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে ৷ এই দুটা মূল খণ্ড যিয়ে ১ কোটি ২৫ লাখ লোকৰ জীৱন আৰু অৰ্থনীতিক সহায় কৰে । মে’ আৰু জুন মাহত বৰষুণ আৰু জল ব্যৱস্থাপনাৰ অভাৱত ধান ৰোপণ আৰু অন্যান্য কৃষিকাৰ্যত বিৰূপ প্ৰভাৱ পৰিছিল । এতিয়া বানে ক্ষতিগ্ৰস্ত কৰিছে জম্মু-কাশ্মীৰৰ ধানৰ খেতিপথাৰসমূহ, যিবোৰ চপোৱাৰ সময় হৈছিল ৷

বতৰৰ এই চৰম পৰিস্থিতিৰ সৈতে যুঁজি থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই যোৱা সপ্তাহত কৈছিল যে ২০১৪ চনৰ বানৰ পিছত জম্মু-কাশ্মীৰত বানৰ সৈতে মোকাবিলা কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই কথা বুজিবলৈ প্ৰশাসনৰ সৈতে আলোচনাত বহিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰি কয়, ‘‘২০১৪ চনৰ বানৰ পৰা আমি কি শিকিলোঁ ? বিগত ১১ বছৰত কি সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হ’ল ? ২০১৪ চনৰ অক্টোবৰৰ পৰা কি কি বান প্ৰশমনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিব নিৰ্বাচিত চৰকাৰে, কাৰণ বিগত ৪৮ ঘণ্টাই একপ্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।’’

লগতে পঢ়ক: হঠাৎ ঘৰৰ ওপৰত খহি পৰিল পাহাৰৰ এটা বৃহৎ অংশ; আবদ্ধ অৱস্থাতে প্ৰাণ গ’ল শিশুসহ ৬ জনৰ