ETV Bharat / bharat

পুনৰ উত্তপ্ত মণিপুৰ: এজন নিহত, ২৭জন নিৰাপত্তাৰক্ষীসহ আহত ৪৩

মণিপুৰৰ কাংপোকপি জিলাত শনিবাৰে প্ৰশাসনে ইম্ফলৰ পৰা সেনাপতিলৈ বাছ সেৱা আৰম্ভ কৰাৰ লগে লগে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ৷

MANIPUR VIOLENCE
প্ৰতিবাদকাৰীয়ে বগৰালে বাহন (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 9, 2025 at 9:32 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: ইম্ফল আৰু পাহাৰীয়া জিলাৰ মাজত বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ বিৰোধিতা কৰি কুকি-জো জনজাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বিভিন্ন জিলাত সংঘটিত হোৱা সংঘৰ্ষত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে ২৭ জন নিৰাপত্তাৰক্ষীসহ কমেও ৪৩ জন লোক আহত হয় ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰত মুক্ত চলাচল সুনিশ্চিত কৰিবলৈ দিয়া নিৰ্দেশ দিয়াৰ এসপ্তাহ পিছতে পুনৰ ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । মণিপুৰৰ কাংপকপি জিলাত প্ৰশাসনে ইম্ফলৰ পৰা কাংপকপি জিলা হৈ সেনাপতিলৈ আৰু ইম্ফলৰ পৰা বিষ্ণুপুৰ হৈ চুৰাচান্দপুৰলৈ বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ পিছতে শনিবাৰে পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে । নিৰাপত্তা বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত এজন পুৰুষ প্ৰতিবাদকাৰী নিহত হোৱাৰ বিপৰীতে ২৭ জন নিৰাপত্তাৰক্ষীসহ কমেও ৪৩ জন লোক আহত হয় । নিহত লোকজন লালগৌথাং চিংচিট বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে, কিথেলমেনবিত সংঘৰ্ষৰ সময়ত ৩০ বছৰীয়া চিংচিটক গুলীয়ে আঘাত হানে আৰু চিকিৎসালয়লৈ নিয়াৰ সময়তে তেওঁৰ মৃত্যু হয় ।

বাছত অগ্নিসংযোগ :

কাংপকপিৰ একাংশ গাঁৱৰ স্বেচ্ছাসেৱকে লাঠি-শিলেৰে পথ অৱৰোধ কৰে । এখন বাছত অগ্নিসংযোগ কৰাৰ খবৰো পোৱা গৈছে, যাৰ ফলত স্থানীয় লোক আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ নিয়োজিত নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে লাঠিচালনাৰ আশ্ৰয় লোৱাত কেইবাজনো গাঁৱৰ স্বেচ্ছাসেৱক আহত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ।

মণিপুৰত হিংসা :

স্থানীয় ৰাইজেও এই সংঘৰ্ষৰ ভিডিঅ’ বনাইছে । এই ভিডিঅ'বোৰ ছ’চিয়েল মিডিয়াত আপলোড কৰা হৈছে । ভিডিঅ’ত দেখা গৈছে যে কিছুমান বাছত জুই লগোৱাৰ লগতে কাঠ-শিলেৰে বাট-পথ অৱৰোধ কৰা হৈছে । বাছতো শিলগুটি নিক্ষেপ কৰা হৈছে । ETV Bharat-এ এই ভিডিঅ'ৰ সত্যসত্যতা নিশ্চিত কৰা নাই ।

চৰকাৰী সতৰ্কবাণী :

শুকুৰবাৰে মণিপুৰৰ মুখ্য সচিবে জাৰি কৰা এক বিবৃতিত মণিপুৰত ৮ মাৰ্চ শনিবাৰৰ পৰা বাছ সেৱা আৰম্ভ হ’ব বুলি ঘোষণা কৰা হয় । কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে বাছ সেৱালৈ নিৰাপত্তাৰক্ষীৰ এস্কৰ্টৰ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰি বিবৃতিত কোৱা হয় যে, বাছসেৱা ইম্ফল-কাংপোকপি-সেনাপতি, সেনাপতি-কাংপোকপি-ইম্ফল, ইম্ফল-বিষ্ণুপুৰ-চুৰাচান্দপুৰ আৰু চুৰাচান্দপুৰ-বিষ্ণুপুৰ-ইম্ফল পথত বাছ চলাচল কৰিব । কোনোবাই বাছ সেৱাৰ চলাচলত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্য সচিবগৰাকীয়ে সকীয়াই দিয়ে ।

গৃহমন্ত্ৰীয়ে পৰ্যালোচনা কৰিছিল মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ :

লক্ষণীয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১ মাৰ্চত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰি মণিপুৰৰ ৰাজপথত সকলোৰে মুক্ত চলাচল নিশ্চিত কৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিছিল । গৃহমন্ত্ৰীয়ে সকলোৰে বাবে পুনৰ মুক্ত চলাচল আৰম্ভ কৰিবলৈ ৮ মাৰ্চৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল । ইয়াৰ পিছত প্ৰশাসনে মণিপুৰ ৰাজ্যিক পৰিবহণৰ (এম এছ টি) বাছসমূহ ডাঙৰ ডাঙৰ পথত চলাবলৈ আৰম্ভ কৰে ।

লগতে পঢ়ক: পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা চলিছিলহে মাত্ৰ, বাছে-গাড়ীয়ে জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে