ETV Bharat / bharat

পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা চলিছিলহে মাত্ৰ, বাছে-গাড়ীয়ে জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে

মণিপুৰত মুকলি বিচৰণ আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছতে আজি এই ঘটনা ।

Fresh violence erupts in Manipur, Mob pelts stones, police fire tear gas
অগ্নিগৰ্ভা মণিপুৰ, জনতাৰ শিলাবর্ষণ, আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 8:13 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ: মণিপুৰত পুনৰ সংঘটিত হৈছে হিংসাত্মক ঘটনা । প্ৰায় দুবছৰৰ অন্তত হিংসা জৰ্জৰিত সমগ্ৰ ৰাজ্যখনত জনসাধাৰণৰ বাবে যোগাযোগ পুনৰ আৰম্ভ কৰিবলৈ মণিপুৰ চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰথম দিনাই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ইম্ফলৰ পৰা কাংপোকপি জিলা হৈ ইম্ফলৰ পৰা সেনাপতিলৈ আৰু বিষ্ণুপুৰ হৈ ইম্ফলৰ পৰা চুড়াচান্দপুৰলৈ এই পথসমূহত মণিপুৰ ৰাজ্যিক পৰিবহণ নিগমে শনিবাৰে বাছ সেৱা পুনৰ আৰম্ভ কৰিছিল ।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ যে ৰাজ্যিক পৰিবহনৰ এখন বাহন প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়াৰ লগতে কেবাখনো ব্যক্তিগত বাহনো জ্বলাই দিয়ে । আজিৰে পৰা ৰাজ্যখনত মুকলি বিচৰণ আৰম্ভ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পিছতে আজি এই ঘটনা সংঘটিত হয় ।

অগ্নিগৰ্ভা মণিপুৰ, জনতাৰ শিলাবর্ষণ, আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ (ETV Bharat Assam)

নিৰাপত্তা বাহিনীয়ে হস্তক্ষেপ কৰি কন্দুৱা গেছ প্ৰয়োগেৰে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াই পথ মুকলি কৰে যদিও বাছসমূহ কাংপোকপিৰ পৰা সেনাপতি জিলা পাবলৈ সক্ষম হোৱা নাই । ৰাষ্ট্ৰপতি শাসন চলি থকা মণিপুৰত সুৰক্ষা বাহিনীয়ে আজি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতে ইম্ফল বিমানবন্দৰ পৰা এই বাছসমূহ চলাইছিল, কিন্ত কুকি অধ্যুষিত অঞ্চলত এই হিংসাত্মক ঘটনা সংঘটিত হয় ।

আনহাতে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইচাম মেঘাচন্দ্ৰই আজিৰ এই ঘটনা সন্দৰ্ভত কয়, "কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মুকলি বিচৰণৰ ব্যৱস্থাৰ ওপৰত । যাৰ পৰিণতিত কুকি অধ্যুষিত অঞ্চলত কুকিয়ে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে । ই সঁচাকৈয়ে দুৰ্ভাগ্যজনক । মেইটেই আৰু সুৰক্ষাবাহিনীৰ ওপৰত বৰ্বৰতাৰে আক্ৰমণ চলালে ।"

কাংপোকপি অঞ্চলত প্ৰতিবাদী জনতাই ৰাজপথত প্ৰকাণ্ড প্ৰকাণ্ড শিল দলিয়াই পথসমূহ বন্ধ কৰি দিয়ে । শেহতীয়া তথ্য অনুসৰি কন্দুৱা গেছ আৰু ৰাবাৰ বুলেট নিক্ষেপ কৰি নিৰাপত্তা বাহিনীয়ে পৰিস্থিতি কিছু পৰিমানে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও কাংপোকপি অঞ্চলৰ পৰা সুৰক্ষা বাহিনীৰ জোৱান কঢ়িয়াই নিয়া মণিপুৰ পৰিবহণ নিগমৰ বাহনসমূহ আবদ্ধ হৈয়ে আছে ।

আনহাতে চূড়াচান্দপুৰলৈ ১২ মাৰ্চৰ পৰা হেলিকপ্টাৰ সেৱা প্ৰযোজ্য হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে । আজিৰ এই হিংসাত্মক ঘটনাত প্ৰায় ২০ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শাসন চলি থকা ৰাজ্যখনৰ আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিছে, একে সময়তে মণিপুৰ আৰক্ষীয়ে X ত প্ৰকাশ কৰে যে সুৰক্ষা বাহিনীয়ে ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰ ভিতৰত অস্ত্ৰসমূহ বহুতে নিজে আহিও জমা দিছে । মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাৰ পিছতে বিভিন্ন গোটসমূহে এই পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্যপালে যোৱা ৬ মাৰ্চলৈকে অস্ত্ৰ জমা কৰা শেষ সময়সীমা নিৰ্ধাৰণ কৰাৰ পিছত কুকি-জু সংগঠনে ৰাজ্যপালক পুনৰ সাতদিনৰ সময়সীমা বঢ়াই দিবলৈ অনুৰোধ জনাইছিল । যাতে সংগঠনটোৱে তেওঁলোকৰ লোকসকলৰ মাজত সজাগতা বৃদ্ধি কৰি অস্ত্ৰসমূহ ঘূৰাই আনিব পাৰে ।

শুকুৰবাৰে মণিপুৰ আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে বহুখিনি অস্ত্ৰ জব্দ কৰে । সেইসমূহ হৈছে আঠটা ১২ ব'ৰ চিংগল ব্ৰল ৰাইফল, ১২ টা মাজল লোড কৰা ৰাইফল, এটা ১২ মিঃমিঃ একক ব'ৰ শ্বট গান, এটা ছিংলৰ ব'ৰ দেশত নিৰ্মিত মৰ্টাৰ, তিনিটা স্থানীয়ভাৱে নিৰ্মিত মৰ্টাৰ, ৩৮ টা ১২ ব'ৰৰ বন্দুক, ৩০ টা ৩০৩ ৰ সজীৱ গুলী, ১টা খালী মেগজিনৰ সৈতে এক্স-কেলিবাৰৰ ৰাইফল আদি ।

লগতে পঢ়ক: মণিপুৰত নতুন হিংসাত্মক ঘটনা; মুখ্যমন্ত্ৰীৰ তীব্ৰ গৰিহণা - MANIPUR FRESH VIOLENCE

মণিপুৰ আকৌ জ্বলিল: ক্ষুব্ধ জনতা-আৰক্ষীৰ সংঘৰ্ষ, আহত আৰক্ষী অধীক্ষক - MANIPUR VIOLENCE