জম্মু-কাশ্মীৰত গুলীয়াগুলী: নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত চাৰি সন্ত্ৰাসবাদী, দুজন জোৱান ছহিদ - KASHMIR ENCOUNTER
Twin encounters in Jammu and Kashmir : অশান্ত জম্মু-কাশ্মীৰ ৷ এইবাৰ কুলগাম জিলাৰ দুটা স্থানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এক সংঘৰ্ষত চাৰিটা সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুজন সেনা জোৱানোৰো মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে ৷

Published : July 7, 2024 at 7:36 AM IST
|Updated : July 7, 2024 at 11:17 AM IST
নেশ্যনেল ডেস্ক, 7 জুলাই : শনিবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ দুটা স্থানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এক সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত নিহত হয় চাৰিটা সন্ত্ৰাসবাদী । এই গুলীয়াগুলীত দুজন সেনা জোৱানো নিহত হোৱাৰ খবৰ পোৱা গৈছে ৷
সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভৰ পিচত নিৰাপত্তা বাহিনীয়ে উক্ত অঞ্চলটো ঘেৰাও কৰি অভিযান চলায় ৷ তেনে সময়তে দক্ষিণ কাশ্মীৰ জিলাৰ মডেৰগাম গাঁৱত প্ৰথমটো গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ এই তথ্য সদৰী কৰিছে বিভাগীয় বিষয়াসকলে ।
সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ লগে লগে নিৰাপত্তাৰক্ষীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে । এই গুলীচালনাত ভাৰতীয় সেনাৰ এজন জোৱান নিহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে । ইফালে কুলগামৰ ফ্ৰিছাল চিন্নিগাম অঞ্চলতো সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত আন এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ।
কাশ্মীৰ মণ্ডল আৰক্ষীয়ে এক্সত প্ৰকাশ কৰা এটা পোষ্টত কয়, "আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অভিযান চলাই আছে । অধিক বিৱৰণ পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ'ব ।" স্থানীয় সূত্ৰৰ তথ্য অনুসৰি, এই এনকাউণ্টাৰত চাৰিটা সন্ত্ৰাসবাদী নিহত হৈছে যদিও সন্ত্ৰাসবাদী ফালৰ পৰা হোৱা প্ৰচণ্ড গুলীচালনাৰ বাবে আৰক্ষীয়ে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ।
লগতে পঢ়ক : কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে মৰাণত তীব্ৰ প্ৰতিবাদ - Protest in Maran
"আজি পুৱা চিন্নিগামত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে ইনপুট পাইছো । অনুসন্ধান অভিযানৰ সময়ত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল । এনকাউণ্টাৰ এতিয়াও চলি আছে । আমি সেই স্থানত কিছু মৃতদেহ পৰি থকা দেখিছো । যিহেতু অভিযান এতিয়াও চলি আছে, আমি আৰু কোনো সবিশেষ শ্বেয়াৰ কৰিব নোৱাৰো ।’’- শনিবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এইদৰে কয় আই জি পি কাশ্মীৰ ভি কে বাৰ্ডিয়ে ।
যোৱা 26 জুনত জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ এখন বনাঞ্চলত ছয় ঘণ্টাৰো অধিক সময় ধৰি চলা গুলীয়াগুলীত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জয়ছ ই মহম্মদৰ তিনিটা সন্ত্ৰাসবাদীক (সন্দেহযুক্ত) হত্যা কৰা বুলি দাবী কৰিছিল নিৰাপত্তাৰক্ষীয়ে ৷ 11 জুনত সন্ত্ৰাসবাদীয়ে চত্তৰগাল্লাৰ যৌথ তালাচী চকীত আক্ৰমণ কৰাত ছয়জন নিৰাপত্তাৰক্ষী আহত হয় ৷ ইফালে পিচদিনা গাণ্ডোহৰ কোটা টপত সন্ত্ৰাসবাদীৰ সৈতে গুলীয়াগুলীত এজন আৰক্ষী জোৱান আহত হয় ।

