ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন লকুৰ ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ নিযুক্ত

মদন লকুৰ ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ পদত ২০২৮ চনৰ ১২ নৱেম্বৰলৈকে থাকিব ।

UN Internal Justice Council
প্ৰাক্তন ন্যায়াধীশ মদন লকুৰ (ANI)
author img

By PTI

Published : December 21, 2024 at 3:19 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি লকুৰক ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । তেওঁৰ এই কাৰ্যকাল ২০২৮ চনৰ ১২ নৱেম্বৰত সমাপ্ত হ'ব ।

প্ৰাক্তন ন্যায়াধীশ লকুৰৰ সৈতে যোগাযোগ কৰি ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে কয় যে শীৰ্ষ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকী পৰিষদৰ পৰৱৰ্তী মুৰব্বী হ'ব । আনহাতে, এই পৰিষদত আন বিশিষ্ট আইনবিদসকলো অন্তৰ্ভুক্ত থাকিব ।

১৯ ডিচেম্বৰৰ যোগাযোগ সন্দৰ্ভত কোৱা হৈছে, "২০২৮ চনৰ ১২ নৱেম্বৰলৈকে কাৰ্যকালৰ বাবে ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ সদস্য হিচাপে অধ্যক্ষৰ ক্ষমতা প্ৰদান কৰি তাৎক্ষণিকভাৱে আপোনাক নিযুক্তি প্ৰদান কৰি মই আনন্দিত ।"

"পৰিষদৰ আন সদস্যসকল হৈছে (নামৰ বৰ্ণানুক্ৰমত) কাৰমেন আৰ্টিগাছ (উৰুগুৱে), মনোনীত বিশিষ্ট বাহ্যিক আইনবিদ; ৰোজালি বাল্কিন (অষ্ট্ৰেলিয়া), মেনেজমেণ্টৰ দ্বাৰা মনোনীত বিশিষ্ট বাহ্যিক আইনবিদ; ষ্টিফেন ব্ৰেজিনা (অষ্ট্ৰিয়া), কৰ্মচাৰী প্ৰতিনিধি; আৰু জে পোজেনেল (আমেৰিকা), ব্যৱস্থাপনা প্ৰতিনিধি ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

উল্লেখ্য যে, ১৯৫৩ চনত জন্মগ্ৰহণ কৰা ন্যায়াধীশ লকুৰক ২০১২ চনৰ ৪ জুনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল । তেওঁ ২০১৮ চনৰ ৩০ ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰে । আনহাতে, 2019 চনত ন্যায়াধীশ লকুৰক প্ৰবাসী পেনেলৰ ন্যায়াধীশ হিচাপে ফিজিৰ উচ্চতম ন্যায়ালয়ত নিযুক্তি দিয়া হৈছিল । তেওঁ হৈছে অন্য এখন দেশৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্ত হোৱা প্ৰথমগৰাকী ভাৰতীয় ন্যায়াধীশ ।

ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ ন্যায় পৰিষদৰ সদস্য হিচাপে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট ন্যায়াধীশ আছে । এনে পৰিস্থিতিত ন্যায়াধীশ লকুৰক পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াটো সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় ।

লগতে পঢ়ক :এগৰাকী বিশেষ ব্যক্তিক আজি কুৱেইটত সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে; কি বিশেষত্ব তেওঁৰ ? - PM MODI KUWAIT VISIT
লগতে পঢ়ক :বাংলাদেশ-পাকিস্তানত কিমান হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে ? কেন্দ্ৰই দিলে তথ্য - VIOLENCE AGAINST HINDUS