আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তিত অনুমোদন কেবিনেটৰ নিযুক্তি সমিতিৰ ।

By PTI
Published : August 29, 2025 at 12:55 PM IST
নতুন দিল্লী : ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তিত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ । কেবিনেটৰ নিযুক্তি সমিতিয়ে উৰ্জিত পেটেলৰ ৩ বছৰীয়া কাৰ্যকালৰ বাবে অনুমোদন জনাইছে । পূৰ্বে এই পদত আছিল কে ভি সুব্ৰমণিয়ান । ৩ বছৰীয়া কাৰ্যকাল শেষ হ'বলৈ ৬ মাহ বাকী থাকোতেই সুব্ৰমণিয়ানক চৰকাৰে অব্যাহতি দিয়ে । ২০২৫ চনৰ ৩০ এপ্ৰিলত তেওঁক অব্যাহতি দিয়া হয় ।
২০২৫ চনৰ ২৮ আগষ্টৰ চৰকাৰী আদেশত কোৱা হৈছে যে কেবিনেটৰ নিযুক্তি সমিতিয়ে অৰ্থনীতিবিদ তথা আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক আই এম এফৰ কাৰ্যবাহী সঞ্চালক (ই ডি) পদত নিযুক্তি দিয়াৰ বাবে অনুমোদন জনাইছে ।
আই এম এফৰ কাৰ্যবাহী মণ্ডলী সদস্য দেশ বা দেশৰ গোটৰ দ্বাৰা নিৰ্বাচিত ২৫ জন সঞ্চালক (কাৰ্যবাহী সঞ্চালক বা ই ডি)ৰে গঠিত । বাংলাদেশ, শ্ৰীলংকা আৰু ভূটানক সদস্য হিচাপে লৈ ভাৰত ৪ খন দেশৰ সমষ্টিৰ অংশ ।
এই নিযুক্তিৰ পূৰ্বে পেটেল এছিয়ান ইনফ্ৰাচট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক (এআইআইবি)ত বিনিয়োগ পৰিচালনা (Region 1)ৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । বেইজিংস্থিত প্ৰতিষ্ঠানটোৰ মতে ২০২৪ চনৰ জানুৱাৰী মাহত তেওঁ পৰিয়ালৰ স্বাস্থ্যজনিত বিষয়ৰ বাবে পদৰ পৰা পদত্যাগ কৰিছিল ।
ৰঘুৰাম ৰাজনৰ পিছত ২০১৬ চনত আৰ বি আইৰ ২৪ সংখ্যক গৱৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰিছিল পেটেলে । আৰ বি আইৰ গৱৰ্ণৰৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে পেটেলে মুদ্ৰানীতি, অৰ্থনৈতিক নীতি গৱেষণা, পৰিসংখ্যা আৰু তথ্য ব্যৱস্থাপনা, জমা বীমা, যোগাযোগ আৰু তথ্যৰ অধিকাৰ চম্ভালি ডেপুটি গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
১৯৬৩ চনত জন্মগ্ৰহণ কৰা পেটেলে ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে বিত্ত মন্ত্ৰালয়ৰ পৰামৰ্শদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, আইডিএফচি লিমিটেড, এমচিএক্স লিমিটেড, গুজৰাট ষ্টেট পেট্ৰলিয়াম কৰ্প'ৰেশ্যনকে ধৰি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডতো কাম কৰিছিল ।
লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰা পেটেলে ১৯৮৬ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম ফিল ডিগ্ৰী লাভ কৰে । ১৯৯০ চনত ইয়েল বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত পি এইচ ডি সম্পূৰ্ণ কৰে । ইয়াৰ পিছত তেওঁ আই এম এফত যোগদান কৰি ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈকে আমেৰিকা, ভাৰত, বাহামা আৰু ম্যানমাৰৰ ডেস্কত সেৱা আগবঢ়ায় ।
লগতে পঢ়ক :ছটা দশকৰ জটিলতা আঁতৰাব নতুন কৰ আইনে, সৰলতাৰ ওপৰত গুৰুত্ব চৰকাৰৰ - NEW INCOME TAX ACT

