ETV Bharat / bharat

যমুনাত বিসৰ্জন মনমোহন সিঙৰ চিতাভস্ম

শিখ ৰীতি-নীতি মতে মজনু কা তিলা গুৰুদ্বাৰাৰ সমীপৰ যমুনা নদীত মনমোহন সিঙৰ চিতাভস্ম বিসৰ্জন দিয়া হয় ।

Former Prime Minister Manmohan Singh's Ashes Immersed In Yamuna
যমুনাত বিসৰ্জন মনমোহন সিঙৰ চিতাভস্ম (PTI)
author img

By ETV Bharat Assamese Team

Published : December 29, 2024 at 5:20 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : পৰিয়ালৰ সদস্যসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চিতাভস্ম শিখ ৰীতি-নীতি অনুসৰি মজনু কা তিলা গুৰুদ্বাৰাৰ সমীপৰ যমুনা নদীত বিসৰ্জন দিয়ে । দেওবাৰে পুৱা সিঙৰ পৰিয়ালৰ সদস্যসকলে নিগমবোধ ঘাটৰ পৰা চিতাভস্ম সংগ্ৰহ কৰে আৰু পিছত গুৰুদ্বাৰাৰ সমীপৰ যমুনা নদীৰ পাৰত থকা অষ্ট ঘাটলৈ লৈ যায় । সিঙৰ পত্নী গুৰচৰণ কৌৰ, তেওঁলোকৰ তিনি কন্যা ক্ৰমে উপিন্দৰ সিং, দামন সিং আৰু অমৃত সিং আন আত্মীয়সকলৰ সৈতে চিতাভস্ম বিসৰ্জন স্থানত উপস্থিত থাকে ।

শিখ ৰীতি-নীতিৰ অংশ হিচাপে পৰিয়ালটোৱে অহা ১ জানুৱাৰীত ৩ মতিলাল নেহৰু মাৰ্গৰ চৰকাৰী বাসভৱনত এক 'অখণ্ড পাঠ' অনুষ্ঠিত কৰিব । সংসদ চৌহদৰ ওচৰৰ ৰকাব গঞ্জ গুৰুদ্বাৰাত ৩ জানুৱাৰীত 'ভোগ' অনুষ্ঠান, 'অন্তিম আৰ্দাস' আৰু 'কীৰ্তন' অনুষ্ঠিত হ'ব ।

নিগমবোধ ঘাটত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া

উল্লেখ্য যে বাৰ্ধক্যজনিত কাৰণত চিকিৎসাৰ সময়তে সিঙৰ ২৬ ডিচেম্বৰত দিল্লীৰ এইমছত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ । ১৯৯০ৰ দশকত অৰ্থনৈতিক উদাৰীকৰণৰ যুগ আৰম্ভ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শনিবাৰে নিগমবোধ ঘাটত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।

দেশবাসীৰ হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাক্তন প্ৰধানমন্ত্ৰীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । চিতাভস্ম বিসৰ্জনৰ ফটো শ্বেয়াৰ কৰি এক্সৰ এটা পোষ্টত কংগ্ৰেছে লিখিছে, "মনমোহন সিং জীৰ দেশৰ প্ৰতি সেৱা, তেওঁৰ নিষ্ঠা আৰু তেওঁৰ সৰলতা আমি সকলোৱে সদায় মনত ৰাখিম ।"

চিতাভস্ম বিসৰ্জনক লৈ ৰাজনীতি

চিতাভস্ম বিসৰ্জনৰ সময়ত গান্ধী পৰিয়ালৰ কোনো এজন ব্যক্তি উপস্থিত নথকাক লৈ আকৌ বিজেপিয়ে ৰাজনীতি কৰাও দেখা গৈছে । বিজেপি নেতা মনজিন্দৰ সিং চিৰছাই দুখ প্ৰকাশ কৰি কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চিতাভস্ম বিসৰ্জনৰ সময়ত গান্ধী পৰিয়ালৰ পৰা কোনো লোক উপস্থিত নাছিল । তেওঁ কয়,"এয়া আমাৰ সকলোৰে বাবে দুখৰ মুহূৰ্ত । অৱশ্যে, এয়া সঁচা যে আজি গান্ধী পৰিয়ালৰ পৰা (সিঙৰ চিতাভস্ম বিসৰ্জনৰ সময়ত) কোনো নাছিল..., যেতিয়া কেমেৰা নাছিল, কংগ্ৰেছৰ পৰাও কোনো নাছিল । এইটো এক দুখজনক কথা ।"

লগতে পঢ়ক :নিগমবোধ ঘাটত পঞ্চভূতত বিলীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ নশ্বৰ দেহ - MANMOHAN SINGH FUNERAL LIVE UPDATES