ETV Bharat / bharat

স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কবিতা - DU PG ENGLISH SYLLABUS

এই পদক্ষেপে অৱশ্যে একাংশ শৈক্ষিক দিশৰ পৰা সমালোচনাৰ সৃষ্টি কৰিছে ৷

DU PG ENGLISH SYLLABUS
প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ফাইল ফটো (ETV Bharat)
author img

By PTI

Published : May 23, 2025 at 9:49 PM IST

2 Min Read

নতুন দিল্লী: দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কবিতা ৷

শুকুৰবাৰে কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠকত অনুমোদন জনোৱা বৃহত্তৰ পাঠ্যক্ৰম পুনৰীক্ষণৰ অংশ হিচাপে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কবিতাসমূহ দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ স্বাধীনোত্তৰ ভাৰতীয় সাহিত্যৰ গৱেষণা পত্ৰৰ অধীনত স্নাতকোত্তৰ ইংৰাজী পাঠ্যক্ৰমৰ অংশ হিচাপে বিবেচিত হ’ব ৷

১৯৯৬ চনৰ পৰা ২০০৪ চনৰ ভিতৰত তিনিটা কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অটল বিহাৰী বাজপেয়ী জাতীয়তাবাদ, সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়বস্তুকেন্দ্ৰিক আবেগিক কবিতাৰ বাবেও স্মৰণীয় ।

তেওঁৰ কবিতাৰ কিছুমান জনপ্ৰিয় শাৰী যেনে “কদম মিলাৰ চলনা হোগা”, “গীত নয়া গতা হু” আৰু “আও মিলকে দিয়া জলায়েন” জনসাধাৰণৰ মাজত সু-পৰিচিত আৰু বহুল প্ৰচলিত ৷

এই পদক্ষেপে অৱশ্যে একাংশ শৈক্ষিক দিশৰ পৰা সমালোচনাৰ সৃষ্টি কৰিছে ৷

কাৰ্যনিৰ্বাহক পৰিষদৰ (ই চি) নিৰ্বাচিত সদস্য ৰুদ্ৰাশীষ চক্ৰৱৰ্তীয়ে বাজপেয়ীৰ কবিতাৰ সাহিত্যিক মূল্যক লৈ প্ৰশ্ন উত্থাপন কৰি এনেদৰে কয় ‘‘সুদামা পাণ্ডে ধূমিল, সূৰ্যকান্ত ত্ৰিপাঠী নিৰলা আৰু গজানন মাধৱ মুক্তিবোধৰ দৰে কবিয়ে সেই যুগৰ কাব্যিক নীতি-নিয়মক ভালদৰে প্ৰতিনিধিত্ব কৰে ।’’

‘‘প্ৰকাশ্যভাৱে ৰাজনৈতিক টুকুৰা অন্তৰ্ভুক্ত কৰাৰ কোনো যুক্তি নাই… বাজপেয়ীৰ কবিতাসমূহে ইংৰাজীত পি জি পাঠ্যক্ৰমৰ অংশ হ’বলৈ কোনো সাহিত্যিক মূল্য বহন নকৰে” বুলিও তেওঁ মন্তব্য কৰে ।

আন এগৰাকী সদস্য সুনীল শৰ্মাই স্পষ্ট কৰি দিয়ে যে ই চিৰ পাঠ্যক্ৰম ফ্ৰেমৱৰ্ক কৰাৰ কৰ্তৃত্ব নাই । তেওঁ কয়, ‘‘সভাত পাঠ্যক্ৰমৰ বিষয়বস্তুৰ ওপৰত কোনো আলোচনা হোৱা নাছিল । ই চিয়ে কেৱল একাডেমিক কাউন্সিলৰ পৰামৰ্শ গৃহীত কৰে, যিটো পাঠ্যক্ৰমৰ বিষয়সমূহ নিৰ্ণয় কৰাৰ যোগ্য সংস্থা ।’’

সভাত সমাজবিজ্ঞান আৰু মনোবিজ্ঞানৰ দৰে বিভাগসমূহৰ পাঠ্যক্ৰম পৰিৱৰ্তনৰ অনুমোদন জনোৱা হয় ৷ লগতে সাংবাদিকতা আৰু পাৰমাণৱিক চিকিৎসাৰ নতুন কাৰ্যসূচী আৰম্ভ কৰা হয় ।

লগতে পঢ়ক: উত্তৰ-পূব ভাৰত অভূতপূৰ্ব উন্নতিৰ সাক্ষী হৈছে: প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.