বিজেপি এৰিলে প্ৰাক্তন সাংসদ ৰাজেন গোঁহায়ে, বাজপেয়ী ভৱনলৈ আহি দিলে পদত্যাগ পত্ৰ
সভাপতিলৈ লিখিলে দুটা বাক্য়ৰ পদত্যাগ পত্ৰ । নতুন দলত যোগদান কৰিব নেকি !

Published : October 9, 2025 at 4:11 PM IST
গুৱাহাটী: "আজি যিসকলৰ নেতৃত্ব আছে, সেইসকলক দেখি বিজেপিত আমি যোগ দিয়া নাছিলোঁ । আমি যোগদান কৰিছিলোঁ অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী আদি জ্যেষ্ঠ নেতাৰ আদৰ্শ অনুসৰণ কৰিহে । আমাৰ দুখখিনি চাওঁতা মানুহ আজি কোনো নাই ।" এইদৰে বৰ্তমানৰ অসম বিজেপিৰ দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোঁহায়ে তেওঁৰ ৩৪ বছৰীয়া বিজেপি যাত্ৰা সামৰিলে মাত্ৰ দুটা বাক্যৰ এখন পদত্যাগ পত্ৰৰে । বৃহস্পতিবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত উপস্থিত হৈ পদত্যাগ কৰে বিজেপিৰ চাৰিবাৰৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে ।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ লিখা মাত্ৰ দুটি শাৰীৰ পদত্যাগ পত্ৰখনত ৰাজেন গোঁহায়ে লিখিছে, “আপোনাক সন্মান সহকাৰে অৱগত কৰিব বিচাৰোঁ যে মই ভাৰতীয় জনতা পাৰ্টীৰ সকলো দায়িত্বৰ লগতে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ । আশাকৰো, মোৰ পদত্যাগ সাদৰেৰে গ্ৰহণ কৰিব ।”

পদত্যাগ পত্ৰ দাখিল কৰি সংবাদমাধ্যমৰ সন্মুখত বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰিলে ৰাজেন গোঁহায়ে । গোঁহায়ে ক'লে,"আজি যিটো পৰিৱেশ, পৰিস্থিতি দেখিছোঁ, বাহিৰৰ দলৰ পৰা মানুহ আনি জীৱনৰ সোণোৱালী জীৱন-যৌৱন দলটোত পাৰ কৰা আমাৰ পুৰণা মানুহখিনিক ৰক্ষণাবেক্ষণ দিয়া মানুহ কোনো নাই । বাহিৰৰ পৰা পিছত অহা মানুহে যাৰ যি ইচ্ছা তেনেদৰেই ব্যৱহাৰ কৰিব পাৰে ।"
কিন্তু কিয় দল ত্যাগ কৰিলে ৰাজেন গোঁহায়ে ? ইয়াৰ কাৰণ ব্যাখ্যা কৰি ৰাজেন গোঁহাইৰ মন্তব্য, "বাহিৰৰ পৰা অহা মানুহখিনিৰ পৰা আমাক পুৰণা মানুহখিনিক সুৰক্ষা দিয়া মানুহ কোনো নাই । যি দলত কোনোৱে খবৰ নলয়, কোনোৱে সুৰক্ষা নিদিয়ে সেই দলত মই থকা উচিত হ'ব জানোঁ ? সকলোৰে এটা স্বাভিমান থাকে । মোৰ স্বাভিমানত আনক আঘাত কৰিবলৈ সহজে মই এই নিদিম ।"
বিজেপি ত্যাগ কৰাৰ পিছত আন দলত যোগদান কৰিব নেকি ৰাজেন গোঁহায়ে ? সেই কথাৰ ইংগিত দি ৰাজেন গোঁহায়ে ক'লে এইদৰে, "সমাজসেৱা বা মানৱ সেৱা কেৱল এইটো দলত থাকিয়েই যে কৰিব পাৰি সেইটো নহয় । সদভাৱ থাকিলে যিকোনো আদৰ্শৰ মাজৰ পৰাই এইবোৰ কাম কৰিব পাৰি ।"
১৯৯১ চনত বিজেপিত যোগদান কৰি ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ত নগাঁও সমষ্টিৰ পৰা সাংসদৰূপে প্ৰতিনিধিত্ব কৰিছিল । অসম বিজেপিৰ সভাপতিৰূপে একাধিক কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰি ৰাজেন গোঁহায়ে মুঠ চাৰিবাৰকৈ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে কাৰ্য নিৰ্বাচিত হৈছিল । ১৯৯৯ চনৰ পৰা ২০১৯লৈ এই কালছোৱাত তেওঁ নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে কাৰ্যনিৰ্বাহ কৰা গোঁহায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালত ২০১৬ৰ ৫ জুলাইৰ পৰা ৰে’ল বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল ৷
ৰাজেন গোঁহায়ে ২০১৯ত লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব নোপোৱাৰ পিছৰেই পৰা দলত বিদ্ৰোহ ঘোষণা কৰি আহিছিল ৷ শেহতীয়াকৈ ২০২৪ৰ লোকসভা নিৰ্বাচনতো প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰি নিস্ক্ৰিয় হৈ পৰিছিল বিজেপিত । লগতে, চৰ্চা চলিছিল যে ৰাজেন গোঁহায়ে লুৰীণজ্যোতি গগৈ নেতৃতাধীন অসম জাতীয় পৰিষদত যোগদান কৰাৰ প্ৰস্তুতি চলাইছিল ৷ কিন্তু সাংসদ দিলীপ শইকীয়া ৰাজ্যিক সভাপতি হোৱাৰ পিছত ৰাজেন পুনৰ দলৰ মজিয়ালৈ আহিছিল যদিও তেওঁৰ কোনো দলীয় কাৰ্যকলাপ দেখা পোৱা নাছিল ।
সকলো চৰ্চাৰ অৱসান ঘটাই বৃহস্পতিবাৰে অসম বিজেপিৰ এগৰাকী পুৰণি নেতা ৰাজেন গোঁহায়ে বিজেপিৰ প্ৰাথমিক সদস্য পদত্যাগ কৰি কেইবা দশকজুৰি সংপৃক্ত হৈ থকা বিজেপিৰ পৰা আনুষ্ঠানিকভাৱে বিদায় ল’লে । ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজেন গোঁহাইৰ বিজেপি ত্যাগে নিঃসন্দেহে বিশেষ তাৎপৰ্য বহন কৰিছে ৷ বৰ্তমান ৭৪ বছৰীয়া ৰাজেন গোঁহায়ে বিজেপিৰ পৰা বিদায় লৈ ভৱিষ্যতে কিদৰে ৰাজনৈতিকভাৱে সক্ৰিয় হয় সেয়া হ’ব মন কৰিবলগীয়া ।

