বেংগালুৰু : কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী মহা-নিৰ্দেশক (ডিজিপি) ওম প্ৰকাশক হত্যা । দেওবাৰে বেংগালুৰু চহৰৰ এইচ এছ আৰ লেআউটস্থিত তেওঁৰ বাসগৃহতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো । আৰক্ষীয়ে জনোৱা মতে, ওম প্ৰকাশক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছে, কাৰণ তেওঁৰ দেহত বহুতো আঘাতৰ চিন পোৱা গৈছে ।
আৰক্ষীয়ে জনোৱা মতে, ওম প্ৰকাশৰ পত্নী পল্লৱীয়ে আৰক্ষীক এই ঘটনাৰ বিষয়ে জনাইছিল । খবৰ পোৱাৰ লগে লগে জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । তেওঁৰ তিনিমহলীয়া ঘৰটোৰ গ্ৰাউণ্ড ফ্লোৰত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয় ।
Former Karnataka DGP Om Prakash, an 1981 batch IPS officer, was murdered in HSR Layout, Bengaluru. The exact reason for the incident is not yet known: Bangalore City Police pic.twitter.com/Yw6MWKFdJw
— ANI (@ANI) April 20, 2025
আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত ওম প্ৰকাশৰ পত্নী পল্লৱী আৰু জীয়ৰীৰ পৰা প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে ।জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে প্ৰাথমিক অনুসন্ধানৰ পাছত মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চেণ্ট জনছ হাস্পতাললৈ প্ৰেৰণ কৰে ।
পৰিয়ালৰ এগৰাকী নিকট আত্মীয়ৰ ওপৰত সন্দেহ
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, অৱসৰপ্ৰাপ্ত ডিজিপি ওম প্ৰকাশে পূৰ্বে তেওঁৰ কিছু নিকট আত্মীয়ক নিজৰ প্ৰাণৰ সুৰক্ষা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল । আৰক্ষীৰ সন্দেহ যে পৰিয়ালৰ এগৰাকী নিকট আত্মীয়ই এই হত্যাকাণ্ডত জড়িত থাকিব পাৰে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
এই পৰ্যন্ত কোনো গ্ৰেপ্তাৰ হোৱা নাই
ঘটনাৰ বিষয়ে বেংগালুৰুৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (ACP) বিকাশ কুমাৰে কয়, “আজি আবেলি প্ৰায় ৪-৪:৩০ বজাত আমাৰ পূৰ্বৰ ডিজিপি আৰু আইজিপি ওম প্ৰকাশৰ মৃত্যুৰ খবৰ পোৱা যায় । তেওঁৰ পুত্ৰৰ সৈতে যোগাযোগ কৰা হৈছে আৰু তেওঁ অভিযোগ দাখিল কৰিছে । তাৰ ভিত্তিত এফআইআৰ দাখিল কৰা হ’ব । তাৰ পাছত বিস্তৃত তদন্ত চলোৱা হ’ব । এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ হোৱা নাই । প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে এই ঘটনাটো ঘৰুৱা হ’ব পাৰে । অনুমান কৰা হৈছে যে হত্যাকাণ্ডত কোনো চোকা অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত অধিক ৰক্তক্ষৰণ হৈ তেওঁৰ মৃত্যু হয় ।”
#WATCH | Karnataka | Bengaluru Additional CP Vikas Kumar says, " today afternoon around 4-4:30 pm, we got information about the death of our former dgp and igp om prakash. his son has been contacted and he is giving a complaint against the incident, and based on that, an fir will… https://t.co/FlgdU1Brf1 pic.twitter.com/6qOKIq2ihE
— ANI (@ANI) April 20, 2025
বিহাৰৰ বাসিন্দা আছিল ওম প্ৰকাশ
মূলতঃ বিহাৰৰ চম্পাৰণ জিলাৰ বাসিন্দা ৬৮ বছৰীয়া ওম প্ৰকাশ ১৯৮১ ব্যাচৰ আইপিএছ বিষয়া আছিল । তেওঁ কৰ্ণাটক হোম গাৰ্ডছ আৰু ফায়াৰ ব্ৰিগেডৰ মহা-নিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৫ ৰ পৰা ২০১৭ লৈকে তেওঁ কৰ্ণাটকৰ আৰক্ষী মহা-নিৰ্দেশকৰূপে দায়িত্ব পালন কৰিছিল । প্ৰয়াত ওম প্ৰকাশে ভূ-বিদ্যাত এম.এছ.চি. ডিগ্ৰী লাভ কৰিছিল ।
লগতে পঢ়ক : শ্বাৰিক আৰু চিকন্দৰৰ সম্পত্তি জব্দ; জনকল্যাণৰ নামত হ'ব ব্যৱহাৰ লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ত মুখথেকেচা চিবিআইৰ |