ETV Bharat / bharat

প্ৰাক্তন DGP ক হত্যা, নিজ ঘৰতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ মৃতদেহ

কৰ্ণাটকৰ প্ৰাক্তন DGP ওম প্ৰকাশক হত্যা । ৰক্তাক্ত অৱস্থাত উদ্ধাৰ তেওঁৰ মৃতদেহ ।

Former Karnataka DGP Om Prakash found dead at Bengaluru residence
কৰ্ণাটকৰ প্ৰাক্তন DGP ওম প্ৰকাশক হত্যা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 20, 2025 at 11:56 PM IST

2 Min Read
Choose ETV Bharat

বেংগালুৰু : কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী মহা-নিৰ্দেশক (ডিজিপি) ওম প্ৰকাশক হত্যা । দেওবাৰে বেংগালুৰু চহৰৰ এইচ এছ আৰ লেআউটস্থিত তেওঁৰ বাসগৃহতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো । আৰক্ষীয়ে জনোৱা মতে, ওম প্ৰকাশক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছে, কাৰণ তেওঁৰ দেহত বহুতো আঘাতৰ চিন পোৱা গৈছে ।

আৰক্ষীয়ে জনোৱা মতে, ওম প্ৰকাশৰ পত্নী পল্লৱীয়ে আৰক্ষীক এই ঘটনাৰ বিষয়ে জনাইছিল । খবৰ পোৱাৰ লগে লগে জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । তেওঁৰ তিনিমহলীয়া ঘৰটোৰ গ্ৰাউণ্ড ফ্লোৰত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয় ।

আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত ওম প্ৰকাশৰ পত্নী পল্লৱী আৰু জীয়ৰীৰ পৰা প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰিছে ।জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে প্ৰাথমিক অনুসন্ধানৰ পাছত মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চেণ্ট জনছ হাস্পতাললৈ প্ৰেৰণ কৰে ।

পৰিয়ালৰ এগৰাকী নিকট আত্মীয়ৰ ওপৰত সন্দেহ

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, অৱসৰপ্ৰাপ্ত ডিজিপি ওম প্ৰকাশে পূৰ্বে তেওঁৰ কিছু নিকট আত্মীয়ক নিজৰ প্ৰাণৰ সুৰক্ষা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল । আৰক্ষীৰ সন্দেহ যে পৰিয়ালৰ এগৰাকী নিকট আত্মীয়ই এই হত্যাকাণ্ডত জড়িত থাকিব পাৰে । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

এই পৰ্যন্ত কোনো গ্ৰেপ্তাৰ হোৱা নাই

ঘটনাৰ বিষয়ে বেংগালুৰুৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত (ACP) বিকাশ কুমাৰে কয়, “আজি আবেলি প্ৰায় ৪-৪:৩০ বজাত আমাৰ পূৰ্বৰ ডিজিপি আৰু আইজিপি ওম প্ৰকাশৰ মৃত্যুৰ খবৰ পোৱা যায় । তেওঁৰ পুত্ৰৰ সৈতে যোগাযোগ কৰা হৈছে আৰু তেওঁ অভিযোগ দাখিল কৰিছে । তাৰ ভিত্তিত এফআইআৰ দাখিল কৰা হ’ব । তাৰ পাছত বিস্তৃত তদন্ত চলোৱা হ’ব । এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ হোৱা নাই । প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে এই ঘটনাটো ঘৰুৱা হ’ব পাৰে । অনুমান কৰা হৈছে যে হত্যাকাণ্ডত কোনো চোকা অস্ত্ৰ ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত অধিক ৰক্তক্ষৰণ হৈ তেওঁৰ মৃত্যু হয় ।”

বিহাৰৰ বাসিন্দা আছিল ওম প্ৰকাশ

মূলতঃ বিহাৰৰ চম্পাৰণ জিলাৰ বাসিন্দা ৬৮ বছৰীয়া ওম প্ৰকাশ ১৯৮১ ব্যাচৰ আইপিএছ বিষয়া আছিল । তেওঁ কৰ্ণাটক হোম গাৰ্ডছ আৰু ফায়াৰ ব্ৰিগেডৰ মহা-নিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৫ ৰ পৰা ২০১৭ লৈকে তেওঁ কৰ্ণাটকৰ আৰক্ষী মহা-নিৰ্দেশকৰূপে দায়িত্ব পালন কৰিছিল । প্ৰয়াত ওম প্ৰকাশে ভূ-বিদ্যাত এম.এছ.চি. ডিগ্ৰী লাভ কৰিছিল ।

লগতে পঢ়ক : শ্বাৰিক আৰু চিকন্দৰৰ সম্পত্তি জব্দ; জনকল্যাণৰ নামত হ'ব ব্যৱহাৰ

লগতে পঢ়ক : উচ্চতম ন্যায়ালয়ত মুখথেকেচা চিবিআইৰ