ETV Bharat / bharat

প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণাৰ বিয়োগত শোকস্তব্ধ কৰ্ণাটক

১৯৯৯ চনৰ ১১ অক্টোবৰৰ পৰা ২০০৪ চনৰ ২৮ মে'লৈ মুখ্যমন্ত্ৰী আছিল এছ এম কৃষ্ণা । তেওঁ ৫০ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটাই বিজেপিত যোগদান কৰিছিল ।

Former Karnataka CM SM Krishna passes away
প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী এছ এম কৃষ্ণা (ANI)
author img

By ANI

Published : December 10, 2024 at 10:28 AM IST

3 Min Read
Choose ETV Bharat

বেংগালুৰু: কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এছ এম কৃষ্ণাৰ মঙলবাৰে পুৱা ৯২ বছৰ বয়সত সাদশৱীনগৰৰ বাসগৃহত দেহাৱসান ঘটে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিল । আগষ্টৰ আদি ভাগতেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ৰাজনীতিবিদগৰাকীৰ মৃতদেহ জনসাধাৰণৰ অন্তিম দৰ্শনৰ বাবে আজি তেওঁৰ বাসগৃহত ৰখা হ'ব ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দীৰ্ঘদিনীয়া বন্ধু কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয় যে কৃষ্ণাৰ গৃহভূমি মাণ্ড্য জিলাৰ সোমানাহাল্লিত বুধবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্য়ুত কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গেই শোক প্ৰকাশ কৰি কয় যে তেওঁৰ নেতৃত্ব আৰু সেৱাই ৰাজ্য আৰু ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ পেলাইছে । Xত খাৰ্গে এটা পোষ্টত লিখিছে, "কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী এছ এম কৃষ্ণাৰ মৃত্যুত দুঃখিত । তেওঁৰ দৃষ্টিভংগী আৰু নিষ্ঠাই কৰ্ণাটকৰ প্ৰগতি আৰু বেংগালুৰুৰ বাবে শাসনৰ প্ৰতি তেওঁৰ কৰ্পোৰেট দৃষ্টিভংগীয়ে তেওঁক বহুতৰ বাবে আপোন কৰিছিল । কৃষ্ণৰ অৱদানে অনাগত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব । তেওঁৰ আত্মাই শান্তি লাভ কৰক আৰু তেওঁৰ অৱদানে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকক। "

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই এছ এম কৃষ্ণাৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে আই টি-বি টিৰ বিকাশত কৃষ্ণৰ অৱদানৰ বাবে কৰ্ণাটক ঋণী হৈ থাকিব । Xত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা পোষ্টত লিখিছে ,"প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণাৰ মৃত্যুত মই মৰ্মাহত হৈছো । ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে কৃষ্ণাৰ সেৱা অতুলনীয় । তথ্য প্ৰযুক্তি-বিটি খণ্ডৰ বিকাশত, বিশেষকৈ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ অৱদানৰ বাবে কৰ্ণাটক সদায় তেওঁৰ ওচৰত ঋণী হৈ থাকিব ।"

তেওঁ পুনৰ কয়,"কংগ্ৰেছ দলত যোগদান কৰাৰ প্ৰাৰম্ভিক দিনবোৰত মোৰ পথ প্ৰদৰ্শক হৈ থকা কৃষ্ণা সদায় মোৰ শুভাকাংক্ষী আছিল । কৃষ্ণাৰ দূৰদৰ্শিতা, শৃংখলাবদ্ধ জীৱন, ভদ্ৰ আচৰণ আৰু অধ্যয়নশীল মনোভাৱ উদীয়মান ৰাজনীতিবিদসকলৰ বাবে আদৰ্শ । " তথ্য, প্ৰযুক্তি আৰু জৈৱ প্ৰযুক্তি মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই শোক প্ৰকাশ কৰি কয় যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগী আৰু নিষ্ঠাই কৰ্ণাটকৰ প্ৰগতিক গঢ় দিছে ।

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পাইও Xত শোক প্ৰকাশ কৰি লিখিছে "প্ৰবীণ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী আৰু মৰমৰ বন্ধু শ্ৰীএছ এম কৃষ্ণাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো । এজন প্ৰকৃত ৰাজনীতিবিদ আৰু শক্তিশালী নেতা হিচাপে আমাৰ দেশ আৰু কৰ্ণাটকলৈ তেওঁৰ অমূল্য অৱদান চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব ।

৯২ বছৰীয়া কৃষ্ণা ১৯৯৯ চনৰ ১১ অক্টোবৰৰ পৰা ২৮ মে, ২০০৪ লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আছিল । ২০০৯ চনৰ পৰা ২০১২ চনলৈ ড৹ মনমোহন সিং মন্ত্ৰীসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ ২০১৭ চনৰ মাৰ্চ মাহত কংগ্ৰেছৰ সৈতে তেওঁৰ প্ৰায় ৫০ বছৰীয়া সম্পৰ্কৰ সমাপ্তি ঘটাই বিজেপিত যোগদান কৰিছিল । তেওঁ যোৱা বছৰ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

লগতে পঢ়ক:খহি পৰিল ভাৰতৰ উদ্যোগ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ; অন্তিম শয়নত ৰতন টাটা

কিউকি চাছ ভি কভী বহু থী ৰে বিখ্যাত হোৱা টিভি তাৰকা বিকাশ শেঠীৰ 48 বছৰ বয়সত মৃত্যু - Vikas Sethi death reason