নতুন দিল্লী : ভাৰত-পাকিস্তানৰ সংঘাতৰ সময়ত পাকিস্তানে ভুগি থকা বৃহৎ লোকচান যদি কোনোবাই লুকুৱাব বিচাৰে, তেন্তে তেওঁলোকে লুকুৱাব নোৱাৰে বুলি মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । তেওঁ কয় যে উপগ্ৰহৰ পৰা লোৱা ছবিৰ পৰা দেখা যায় যে পাকিস্তানে বৃহৎ লোকচানৰ সন্মুখীন হৈছে । বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে এই সময়ছোৱাত আমি বিশ্বৰ বহু দেশৰ পৰা সমৰ্থন পাইছিলো আৰু আমাৰ বাৰ্তা প্ৰেৰণ কৰাতো আমি সফল হৈছিলো ।
হণ্ডুৰাছৰ দূতাবাস উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ এই কথা উল্লেখ কৰে । পাহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত হণ্ডুৰছে ভাৰতৰ পক্ষক সমৰ্থন কৰিছিল । ইয়াৰ বাবে বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে।
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে পাকিস্তানৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি ইতিমধ্যে স্পষ্ট হৈ পৰিছে । তেওঁ কয় যে পাকিস্তানৰ সৈতে আলোচনা কেৱল দ্বিপাক্ষিক পৰ্যায়ত হ’ব আৰু এই বিষয়ত কোনো তৃতীয় পক্ষৰ হস্তক্ষেপৰ কোনো পৰিসৰ নাই ।
Speaking at the inauguration of Embassy of Honduras in New Delhi.
— Dr. S. Jaishankar (@DrSJaishankar) May 15, 2025
🇮🇳 🇭🇳
https://t.co/CKVGyO06BM
অপাৰেশ্যন সেন্দূৰৰ সন্দৰ্ভত ভাষণ দি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ লক্ষ্য আছিল সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰা আৰু আমি এই ক্ষেত্ৰত সফলো হলোঁ । তেওঁ কয় যে আমি পাকিস্তানক কৈছিলো যে আমাৰ লক্ষ্য সন্ত্ৰাসবাদী আন্তঃগাঁথনিহে, পাকিস্তানী সেনাবাহিনী নহয় । ইয়াৰ পিছতো পাকিস্তানে আমাৰ পৰামৰ্শক আওকাণ কৰিলে আৰু উপগ্ৰহৰ পৰা লোৱা ছবিসমূহে ১০ মে’ত পাকিস্তানে যি ক্ষতিৰ সন্মুখীন হৈছিল তাৰ সাক্ষ্য দিছে ।
এছ জয়শংকৰে কয় যে গুলীচালনা বন্ধ কৰিবলৈ কোনে আবেদন জনাইছিল সেয়া সকলোৱে জানে । তেওঁ কয় যে পাকিস্তানৰ সৈতে আলোচনা কেৱল দুটা বিষয়তহে হ’ব, প্ৰথমটো হৈছে পাক অধিকৃত কাশ্মীৰ আৰু দ্বিতীয়টো বিষয় হৈছে সন্ত্ৰাসবাদ । বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ এই স্থিতি সৰ্বসন্মতিক্ৰমে । পাকিস্তানে সন্ত্ৰাসবাদীৰ তালিকা গতাই দিব লাগিব আৰু তেওঁলোকক আশ্ৰয় দিয়া বন্ধ কৰিব লাগিব ।
সিন্ধু জল চুক্তি স্থগিত থাকিব নে নাই সেই বিষয়ত বৈদেশিক মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা পুনৰবাৰ উল্লেখ কৰে । তেওঁ কয় যে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে । অৰ্থাৎ সিন্ধু জল চুক্তি পূৰ্বৰ দৰেই স্থগিত হৈ থাকিব ।