ETV Bharat / bharat

আঞ্চলিক গ্ৰাম্য বেংকসমূহৰ গ্ৰাহকক ডিজিটেল বেংকিঙৰ সুবিধা প্ৰদানৰ আহ্বান বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী সীতাৰমণে আঞ্চলিক গ্ৰাম্য বেংকসমূহক ডিচেম্বৰৰ ভিতৰত গ্ৰাহকসকলক মোবাইল বেংকিঙৰ দৰে ডিজিটেল সেৱাৰে সংযোগ কৰিবলৈ আহ্বান জনাইছে ।

FM Nirmala Sitharaman
বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ (ANI)
author img

By ANI

Published : November 30, 2024 at 12:04 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গ্ৰাম্য গ্ৰাহকসকলক ইণ্টাৰনেট বেংকিং, ম'বাইল বেংকিং আৰু ইউ পি আইৰ দৰে ডিজিটেল সেৱাৰে সংযোগ কৰিবলৈ আঞ্চলিক গ্ৰাম্য বেংকসমূহক (Regional Rural Banks, RRB) আহ্বান জনাইছে । বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিমবংগৰ আঠটা আৰ আৰ বিৰ সৈতে শুকুৰবাৰে পাটনাত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে ডিজিটেল অন্তৰ্ভুক্তিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

বৈঠকত সীতাৰমণে আৰ আৰ বিবোৰক ডিজিটেল সেৱাৰ সৈতে গ্ৰাহকৰ সংযোগক অগ্ৰাধিকাৰ দিবলৈ আৰু চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত এই কামটো সম্পূৰ্ণ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ আৰ আৰ বিবোৰক সেইবোৰৰ পৃষ্ঠপোষক বেংকৰ সমৰ্থনত তেওঁলোকৰ গ্ৰাহকসকলৰ মাজত ডিজিটেল পদ্ধতিৰ প্ৰচাৰ কৰিবলৈও আহ্বান জনায় ।

"আৰ আৰ বিয়ে গ্ৰাহকসকলক ইণ্টাৰনেট বেংকিং, ম'বাইল বেংকিং আৰু ইউ পি আইৰ দৰে ডিজিটেল সেৱাৰে সংযোগক অগ্ৰাধিকাৰ দিয়ক । আৰ আৰ বিয়ে ব্যৱহাৰ বৃদ্ধি কৰিবলৈ পৃষ্ঠপোষক বেংকৰ সহায়ত ডিজিটেল পদ্ধতি গ্ৰহণৰ বিষয়ে প্ৰচাৰ কৰা উচিত ।" তেওঁ কয় ।

বিত্তমন্ত্ৰীয়ে সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব দি আৰ আৰ বিয়ে আগবঢ়োৱা ব্যৱসায়িক প্ৰদৰ্শন, ডিজিটেল উন্নীতকৰণ আৰু নতুন ঋণ সামগ্ৰীৰ পৰ্যালোচনা কৰে । তেওঁ বিশেষকৈ কৃষি আৰু সূক্ষ্ম আৰু ক্ষুদ্ৰ উদ্যোগৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপৰ বাবে ঋণৰ প্ৰবাহ বৃদ্ধিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে, যাতে ব্যৱসায়ৰ বিকাশ বৃদ্ধি হয় ।

সীতাৰমণে মহিলাৰ আত্মসহায়ক গোটসমূহলৈ ঋণৰ প্ৰবাহ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁ ৰাজ্য চৰকাৰসমূহক নাবাৰ্ড আৰু ছিডবিৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনায় ৷ যাতে আত্মসহায়ক গোটবোৰ উদ্যোগলৈ বিকশিত হোৱাত সহায় হয় ।

তেওঁ অঞ্চলটোত স্বনিয়োজনৰ সুযোগ বৃদ্ধি কৰাৰ বাবে 'ৱান ডিষ্ট্ৰিক্ট ৱান প্ৰডাক্ট' (অ' ডি অ' পি) কাৰ্যসূচীৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক এছ এইচ জিসমূহক প্ৰশিক্ষণ আৰু বিপণন সমৰ্থন প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰ আৰ বিত দক্ষতা আৰু সেৱা প্ৰদান উন্নত কৰাৰ বাবে প্ৰযুক্তি উন্নীতকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ আৰ আৰ বিৰ বিত্তীয় স্বাস্থ্যৰ উন্নতিৰ কথা উল্লেখ কৰে । তেওঁ একত্ৰিত চি আৰ এ আৰ ২০২২ বিত্তীয় বৰ্ষত 7.8 শতাংশৰ পৰা ২০২৪ বিত্তীয় বৰ্ষত 9.4 শতাংশলৈ উন্নীত হৈছে আৰু মুঠ এন পি এ ২০২২ বিত্তীয় বৰ্ষত 25 শতাংশৰ তুলনাত ২০২৪ বিত্তীয় বৰ্ষত 25 শতাংশলৈ হ্ৰাস হোৱা বুলি উল্লেখ কৰে ।

সীতাৰমণে কয়, "২০২৩ বিত্তীয় বৰ্ষত ৬৯০ কোটি টকাৰ মুঠ লোকচানৰ বিপৰীতে ২০২৪ বিত্তীয় বৰ্ষত পূৰ্বাঞ্চলিক আৰ আৰ বিয়ে ৬২৫ কোটি টকাৰ একত্ৰিত লাভ অৰ্জন কৰিছে ।" সীতাৰমণে সম্পদৰ গুণমান বজাই ৰখা, ডিজিটেল সেৱা সম্প্ৰসাৰিত কৰা আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আৰ আৰ বিত শক্তিশালী কৰ্প'ৰেট প্ৰশাসন নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক :QR কোডৰ সৈতে আহি আছে নতুন পান কাৰ্ড, সলনি হৈ পৰিব ব্যৱহাৰৰ ধৰণ, জানক বিশেষত্ব
লগতে পঢ়ক :অসমত ২৬ বিলিয়ন ডলাৰৰ ৰিয়েল ইষ্টেট বজাৰ