ভূস্বৰ্গত কেৱল পানী আৰু পানী... নিহতৰ পৰিয়াললৈ ক্ষতিপূৰণ চৰকাৰৰ
বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন আৰু বানে জম্মু-কাশ্মীৰ অঞ্চলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে ।

Published : August 28, 2025 at 2:49 PM IST
জম্মু/শ্ৰীনগৰ: প্ৰকৃতিৰ ৰোষত পৰিছে জম্মু-কাশ্মীৰ । শেহতীয়াকৈ ধাৰাসাৰ বৰষুণৰ পিছতে কৃত্ৰিম বান আৰু ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অঞ্চলটোত । চৰকাৰেও কাশ্মীৰ উপত্যকাত বানৰ সতৰ্কবাণী জাৰি কৰিছে । তাৰ মাজতে বুধবাৰে পুনৰ অঞ্চলটোৰ দক্ষিণৰ দুখনকৈ জিলা প্লাৱিত হয় । ইতিমধ্যে জম্মু প্ৰশাসনে ৫০০০ৰো অধিক লোকক উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে ।
বৰষুণ আৰু বানৰ তাণ্ডৱ
হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে যদিও সুৰক্ষিত নহয় জম্মু সংমণ্ডল । কিয়নো কেইবাখনো নৈৰ জলস্তৰ বৃদ্ধি পাইছে । জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই কয় যে ৫০০০ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লগা হৈছে ।
এক্সৰ এটা পোষ্টত সিনহাই লিখিছে, "নামনি অঞ্চলত বানৰ কৱলত পৰা ৫০০০ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । সেনা, এন ডি আৰ এফ আৰু এছ ডি আৰ এফয়ে প্ৰশাসনৰ সৈতে সমন্বয়ৰে কাম কৰি আছে আৰু আমি নিশ্চিত কৰিছো যে সাহায্য সামগ্ৰীৰ পৰ্যাপ্ত যোগান ধৰা হৈছে আৰু ক্ষতিগ্ৰস্তসকলক সকলো সম্ভৱ সহায় আগবঢ়োৱা হৈছে ।"
তেওঁ লগতে কয়, "জম্মু সংমণ্ডলৰ আয়ুক্ত ৰমেশ কুমাৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগত আছো । বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লৈছো । বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা অঞ্চলসমূহত অগ্ৰাধিকাৰ ভিত্তিত বিদ্যুৎ, যোগাযোগ, পানী যোগান পুনৰুদ্ধাৰৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে ।"

ইফালে জম্মুৰ বান পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো অৱগত কৰিছে লেফটেনেণ্ট গৱৰ্ণৰে । এক্সৰ এটা পোষ্টত তেওঁ লিখিছে, "মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জী আৰু মাননীয় গৃহ মন্ত্ৰী অমিত শ্বাহজীক বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছো । বিভিন্ন জিলাত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে আৰু মই বিষয়াসকলক জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাবলৈ কৰ্মচাৰীৰ সৰ্বাধিক প্ৰস্তুতি আৰু উপস্থিতিৰ বাবে নিৰ্দেশ দিছো ।"
বানৰ ক্ষতিগ্ৰস্তলৈ ক্ষতিপূৰণ ঘোষণা
লেফটেনেণ্ট গৱৰ্ণৰে মৃতকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰিছে । তেওঁ কয় যে মাতা বৈষ্ণো দেৱী শ্ৰাইন ব'ৰ্ড আৰু প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ প্ৰয়োজনীয় সকলো সহায় আগবঢ়াইছে ।
ৰাজভৱনৰ এক বিবৃতিত কোৱা হৈছে, "শ্ৰাইন ব'ৰ্ডৰ নীতি অনুসৰি কোনো দুৰ্ভাগ্যজনক ঘটনাত মৃত্যু হোৱা যিকোনো ব্যক্তিৰ আত্মীয়ক ৫ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা আছে । এছ ডি আৰ এফৰ পৰা অতিৰিক্ত ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হ'ব ।"
বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ভিতৰত অন্যতম হৈছে কিষ্টৱাৰ জিলাৰ ৱাৰৱান অঞ্চল, য'ত মাৰ্গী গাঁৱত কৃত্ৰিম বানে আঘাত কৰিছে । তাত ১০০ৰো অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু ১০০০ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । কিষ্টৱাৰ জিলাৰ ৱাৰৱান তহচিলৰ আটাইতকৈ ডাঙৰ গাঁও মাৰ্গী, ইয়াত প্ৰায় ১৮০০ লোকে বসবাস কৰে ।

মাৰৱাহৰ জিলা উন্নয়ন পৰিষদৰ সদস্য শ্বেখ জাফৰে ইটিভি ভাৰতক জনোৱা মতে স্থানীয় মাৰুছুদাৰ নৈৰ কৃত্ৰিম বানে ৱাৰৱান গাঁৱত ব্যাপক ক্ষতিসাধন কৰিছে । প্ৰায় ৩০ টা ঘৰ সম্পূৰ্ণৰূপে বানত উটি গৈছে আৰু ৭০-৮০ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।
স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ বিপৰীতে প্ৰতিকূল বতৰ আৰু পথ বন্ধ হোৱাৰ বাবে জিলা সদৰৰ কোনো বিষয়াই অঞ্চলটোত উপস্থিত হ'ব পৰা নাই বুলি জাফৰে জনাইছে । আন এজন স্থানীয় বাসিন্দা মুজাফ্ফৰ আহমেদে জনোৱা মতে কৃত্ৰিম বানে মচুৰ দাইল আৰু কুঁহিয়াৰৰ খেতিৰ ক্ষতিসাধন কৰাৰ বিপৰীতে বানত বহু পোহনীয়া জন্তুৰ মৃত্যু হৈছে ।
জম্মু-কাশ্মীৰত প্ৰতিকূল বতৰ আৰু ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । জম্মুত তাৱী নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে । ডোডাত বৰষুণ আৰু কৃত্ৰিম বানৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৰিয়াছি জিলাৰ কাটৰা অঞ্চলৰ বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত হোৱা ভূমিস্খলনত ৩০ জনতকৈ অধিক তীৰ্থযাত্ৰীৰ মৃত্যু হয় । ইফালে জম্মুত আগষ্ট মাহত ২৪ ঘণ্টাত সৰ্বাধিক ৩৮০ মিঃমিঃ বৰষুণ হৈছে ।
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ, জম্মু-পাথানকোট ৰাষ্ট্ৰীয় ঘাইপথ আৰু অন্যান্য আভ্যন্তৰীণ ঘাইপথকে ধৰি সকলো গুৰুত্বপূৰ্ণ পথ বন্ধ হৈ আছে । দুখন ৰে'লক বাদ দি জম্মুৰ পৰা দেশৰ অন্যান্য প্ৰান্তলৈ যোৱা ৰে'ল সেৱাৰ অধিকাংশই বাতিল কৰা হৈছে ।
জ্যেষ্ঠ সাংমাণ্ডলিক বাণিজ্যিক প্ৰবন্ধক উচিত সিংহলে কয়, "বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫৬৫৬ আৰু ১৪৮০৪ নম্বৰৰ ৰে'ল দুখনে প্ৰায় ১০০০ আৰু ৮০০ৰ অধিক যাত্ৰী লৈ জম্মুৰ পৰা ৰাওনা হৈছে । অন্যান্য ৰে'ল বাতিল হৈ থাকিব ।"
তেওঁ লগতে কয়, "পৰিস্থিতি উন্নত নোহোৱালৈ নিৰাপদ ৰে'ল পৰিচালনাৰ প্ৰতি লক্ষ্য ৰাখি আজি জম্মুৰ পৰা নামনিমুৱা ৰে'ল নাথাকিব ।" ইফালে জম্মু অঞ্চলত মোবাইল আৰু ইণ্টাৰনেট সংযোগ প্ৰভাৱিত হৈ থকাৰ বিপৰীতে চেনাব উপত্যকাত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু ৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । মোবাইল সেৱাও ব্যাহত হৈ পৰে । অৱশ্যে বুধবাৰে বিয়লিৰ ভাগতহে এটা কোম্পানীৰ মোবাইল সেৱা পুনৰ আৰম্ভ হয় ।
মাকৱাল অঞ্চলকে ধৰি জম্মুৰ বিভিন্ন অঞ্চলত ভাৰতীয় সেনাই উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰিছে । য'ত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকল বানত আবদ্ধ হৈ আছিল । জম্মুস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল সুনীল ভৰতৱালে জনোৱা মতে বি এছ এফ জম্মুৰ সহযোগত জম্মুস্থিত হোৱাইট নাইট কৰ্পছৰ এটা বান সাহায্য দল ২৬ আগষ্টৰ নিশা মাকৱালৰ সাধাৰণ অঞ্চলত আবদ্ধ বি এছ এফৰ জোৱানক উদ্ধাৰৰ বাবে মোতায়েন কৰা হয় । তেওঁ কয় যে দলটোৱে প্লাৱিত ঘৰত আবদ্ধ হৈ থকা শিশুকে ধৰি ৯ জন সাধাৰণ নাগৰিককো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ।

আগতীয়া বানৰ ভাবুকি নাই
ঝিলামৰ জলপৃষ্ঠ বৃদ্ধিয়ে স্থানীয় ৰাইজক আতংকিত কৰি তোলাৰ মাজতে কাশ্মীৰ উপত্যকাত বৃহৎ বানৰ কোনো আগতীয়া ভাবুকি নাই বুলি উল্লেখ কৰিলে কৰ্তৃপক্ষই । জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগৰ শেহতীয়া তথ্য অনুসৰি বতৰ উন্নত হ'বলৈ আৰম্ভ কৰাৰ লগে লগে ঝিলাম আৰু ইয়াৰ উপনৈসমূহৰ জলপৃষ্ঠ হ্ৰাস পাইছে ।
চৰকাৰী মুখপাত্ৰই এক বিবৃতিত কয় যে বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে এখন বৈঠকত বিভাগীয় আয়ুক্ত কাশ্মীৰক জনাইছে যে বৰ্তমান কোনো ধৰণৰ বানৰ আশংকা নাই, কিয়নো বৃহস্পতিবাৰে সন্ধিয়াৰ পিছত বতৰ উন্নত হোৱাৰ সম্ভাৱনা আছে ।
আই এফ চিয়ে জনোৱা মতে বুধবাৰে সন্ধিয়া ৬:০০ বজাত সংগমৰ ঝিলাম নদীত জলস্তৰ ২৩.৭২ ফুটত আছে । যি বিপদ সীমাৰ ২ ফুট ওপৰত । শ্ৰীনগৰৰ মুনছিবাগত জলস্তৰ ২০.৯৫ ফুট (বিপদ সীমাৰ পৰা ১ ফুট ওপৰত), বান্দীপৰাৰ আছাম ১১.৪১ ফুট (বিপদ সীমাৰ ৩ ফুট তলত)।
খুদৱানীৰ ভিশ্ব' নাল্লাকে ধৰি ঝিলামৰ উপনৈসমূহৰ জলপৃষ্ঠ ৮.২২ মিটাৰ (বিপদ সীমাৰ এক মিটাৰ ওপৰত), শ্ব'পিয়ানৰ ৱাচিৰ ৰামবিয়াৰা নাল্লাৰ জলস্তৰ বিপদ সীমাতকৈ ২ মিটাৰ তলত আছে । পহলগামৰ বাটকুটৰ লিডাৰ নাল্লাহ ০.৭২ মিটাৰ আৰু সিন্ধ নাল্লাহ...গাণ্ডাৰবাল জিলাৰ ডোডেৰহামা ১.৭১ মিটাৰ (বিপদ সীমাৰ ২ মিটাৰ তলত) আছে ।
বৃহস্পতিবাৰলৈ শৈক্ষিক প্ৰতিষ্ঠান বন্ধ
শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ছাকিনা ইটুৱে কয় যে বৃহস্পতিবাৰেও বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ বন্ধ থাকিব । স্বাস্থ্য আৰু চিকিৎসা শিক্ষাৰ কৰ্মচাৰীসকলক কোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'লে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে । লগতে ৰাইজক সজাগ হৈ থাকিবলৈ আৰু নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ জাৰি কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে ।
জল শক্তি, বন, জনজাতি পৰিক্ৰমা মন্ত্ৰী জাভেদ আহমেদ ৰাণাৰ অধ্যক্ষতাত সমগ্ৰ জম্মু-কাশ্মীৰৰ বান পৰিস্থিতি আৰু সঁহাৰি ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । য'ত ফলপ্ৰসূ আন্তঃবিভাগীয় সমন্বয়, সম্পদ সংগ্ৰহ আৰু তৎকালীন উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে স্পষ্ট যোগাযোগ মাধ্যম স্থাপনৰ বাবে অনুৰোধ জনোৱা হৈছে ।
কাশ্মীৰত বান সতৰ্কতাৰ মাজতে উপত্যকাৰ দক্ষিণ জিলা অনন্তনাগ আৰু পুলৱামাৰ কেইবাটাও নামনি অঞ্চল বানৰ কবলত পৰিছে । দুৰ্যোগ সম্পৰ্কীয় ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোকক স্থানীয় প্ৰশাসনে উদ্ধাৰ কৰিছে ।
স্থানীয় ৰাইজৰ মতে অনন্তনাগ চহৰ আৰু ইয়াৰ ওচৰৰ বহু গাঁও ঝিলাম নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । মঙলবাৰে সন্ধিয়া অনন্তনাগ চহৰৰ এখন দোকানৰ পৰা সামগ্ৰী খালী কৰি থকা অৱস্থাত এখন বাহনৰ চালক আৰু কণ্ডাক্টৰৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ।
ইফালে স্থানীয় প্ৰশাসনে আৰক্ষী আৰু এছ ডি আৰ এফৰ সহযোগত আবদ্ধ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে । স্থানীয় লোকে জনোৱা মতে পুলৱামাৰ চেৰছু গাঁৱত সুৰক্ষাজনিত কাৰণত নৈৰ পাৰৰ পৰা ওচৰৰ বিদ্যালয়লৈ বহু লোকে আশ্ৰয় লৈছে ।
শ্বাংগুছ অঞ্চলৰ কান্দিৱাৰা গাঁৱৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানৰ ফলত এখন দলং ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে অনন্তনাগ জিলা সংযোগী কেইবাটাও পথৰ ক্ষতিসাধন হয় । নামনি অঞ্চলত বিদ্যুতৰ খুঁটা আৰু পানীৰ পাইপলাইনো ক্ষতিগ্ৰস্ত হয় ।
শ্ৰীনগৰ পৌৰ নিগমৰ আয়ুক্ত ফজ-লুল-হাছিবে কয় যে সমগ্ৰ মহানগৰীৰ বিভিন্ন স্থানত পানী সিঁচিবলৈ ৪৯ টা মোবাইল ডিৱাটাৰিং পাম্প স্থাপন কৰা হৈছে ।
ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত পথৰ ধ্বংসাৱশেষ শীঘ্ৰে নিষ্কাশন কৰাৰ লগতে জৰুৰীকালীন সেৱা আৰু যোগানৰ চলাচলত সুবিধা হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে বিভাগীয় আয়ুক্ত অংশুল গাৰ্গে । গাৰ্গে নিৰ্দেশ দিয়ে যে সকলো বিভাগে সতৰ্ক হৈ থাকিব লাগিব আৰু জনসাধাৰণৰ সুৰক্ষা আৰু যিকোনো সম্ভাৱ্য পৰিস্থিতিৰ শীঘ্ৰে সঁহাৰি নিশ্চিত কৰিবলৈ সমন্বয় বজাই ৰাখিব লাগিব ।
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰ ক্ষতিপূৰণ ঘোষণা
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কেন্দ্ৰীয় শাসিত অঞ্চলত যোৱা দুদিনত মাতা বৈষ্ণো দেৱীত হোৱা ভূমিস্খলন আৰু অন্যান্য বান-সম্পৰ্কীয় ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে ৬ লাখ টকাৰ (এছ ডি আৰ এফৰ পৰা ৪ লাখ আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ২ লাখ টকা) ক্ষতিপূৰণ ঘোষণা কৰিছে । গুৰুতৰভাৱে আহতসকলক ১ লাখ টকা আৰু সামান্য আঘাতপ্ৰাপ্তসকলক ৫০,০০০ টকা দিয়া হ'ব বুলিও জনাইছে ।

