যুদ্ধবিধ্বস্ত ইৰাণৰ পৰা আৰ্মেনিয়ালৈ যোৱা শতাধিক ভাৰতীয় ছাত্ৰক লৈ দিল্লীত অৱতৰণ বিমান
বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কয় যে আৰু অধিক লোকক ইৰাণৰ পৰা আঁতৰোৱা হৈছে ।

Published : June 19, 2025 at 9:36 AM IST
নতুন দিল্লী: যুদ্ধবিধ্বস্ত ইৰাণৰ পৰা আঁতৰাই অনা ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান দেশখনত সন্মুখীন হোৱা জটিল পৰিস্থিতিৰ কথা স্মৰণ কৰিছে । লগতে তেওঁলোকক ঘৰলৈ উভতাই অনাৰ ক্ষেত্ৰত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনায় ।
যুদ্ধবিধ্বস্ত ইৰাণৰ পৰা আৰ্মেনিয়ালৈ যোৱা ১১০ গৰাকী ভাৰতীয় ছাত্ৰক লৈ প্ৰথমখন বিমানে বৃহস্পতিবাৰে পুৱাৰ ভাগত দিল্লীত অৱতৰণ কৰে ।
ইজৰাইল আৰু ইৰাণৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ মাজতে মঙলবাৰে ভাৰতীয় দূতাবাসে ‘অপাৰেচন সিন্ধু’ৰ অধীনত গ্ৰহণ কৰা ব্যৱস্থাৰ জৰিয়তে তেহৰাণত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক চহৰখনৰ বাহিৰলৈ লৈ যোৱা হয় । ইয়াৰে ১১০ জন ছাত্ৰ-ছাত্ৰীয়ে সীমান্ত পাৰ হৈ আৰ্মেনিয়াত প্ৰৱেশ কৰে ।
বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে কয় যে আৰু অধিক লোকক তাৰ পৰা আঁতৰোৱা হৈছে ।
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰো ৰাজ্যিক মন্ত্ৰী সিঙে সাংবাদিকৰ আগত কয়, "আমাৰ বিমানবোৰ সাজু আছে । আমি আজি আন এখন বিমান প্ৰেৰণ কৰিম । আমি তুৰ্কমেনিস্তানৰ পৰা আৰু কিছু লোকক উলিয়াই আনিছোঁ । আঁতৰি আহিবৰ বাবে যিকোনো অনুৰোধৰ বাবে আমাৰ মিছনত ২৪ ঘণ্টীয়া লাইন মুকলি কৰিছে । বিকশিত পৰিস্থিতিৰ লগে লগে আমি ভাৰতীয় নাগৰিকক আঁতৰোৱাৰ বাবে অধিক বিমান প্ৰেৰণ কৰিম ।"
আনহাতে, তেওঁ তুৰ্কমেনিস্তান আৰু আৰ্মেনিয়াৰ চৰকাৰক সহায়ৰ বাবে ধন্যবাদ জনায় । দিল্লীত অৱতৰণ কৰাসকলৰ ভিতৰত কাশ্মীৰৰ এগৰাকী ছাত্ৰী বাৰ্তাই কয়, "ইৰাণৰ পৰা ওলাই যোৱা আমি প্ৰথম আছিলোঁ । পৰিস্থিতি যথেষ্ট সংকটজনক আছিল । আমি আতংকিত হৈ পৰিছিলোঁ । আমি ভাৰত চৰকাৰ আৰু ভাৰতীয় দূতাবাসক ধন্যবাদ জনাইছোঁ । কাৰণ তেওঁলোকে আমাক ইয়ালৈ অনাৰ বাবে অতি দ্ৰুত আৰু ক্ষিপ্ৰতাৰে কাম কৰিছিল ।"
পি টি আই-ভিডিঅ’জক তেওঁ কয়, "আমাৰ ওচৰতে আক্ৰমণ কৰা হৈছিল । ভাৰত চৰকাৰ যেতিয়া আমাৰ সহায়ৰ বাবে কাষ চাপি আহিছিল, তেতিয়া ঘৰৰ দৰে অনুভৱ হৈছিল ।"
তেওঁ লগতে কয় যে আৰ্মেনিয়া কৰ্তৃপক্ষয়ো বহুত সহায় কৰিছিল । আনহাতে, দিল্লীত অৱতৰণ কৰা এম বি বি এছৰ ছাত্ৰ মিৰ খালিফে কয় যে ইৰাণত এক উত্তেজনাপূৰ্ণ পৰিস্থিতি বিৰাজ কৰি আছে ।
"আমি মিছাইল দেখা পাইছিলোঁ । তাত যুদ্ধ চলি আছে । আমাৰ কাষতে বোমা পৰিছিল । আমি পৰিস্থিতিত বহুত ভয় খাইছিলোঁ । মই আশা কৰিম যাতে সেই পৰিস্থিতি ভৱিষ্যতে কেতিয়াও দেখা নাপাওঁ ।" তেওঁ কয় ।
খালিফে তেওঁলোকক প্ৰথমে আৰ্মেনিয়ালৈ উলিয়াই আনি তাৰ পিছত ঘৰলৈ অনাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।
তেওঁ লগতে কয়, "ইৰাণত এতিয়াও বহু ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে । তেওঁলোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে । আমি আশা কৰিছোঁ তেওঁলোককো অতি সোনকালে ভাৰতলৈ বিমানেৰে লৈ অনা হ'ব ।"
আন এজন ভাৰতীয় ছাত্ৰ আলী আকবৰে কয় যে তেওঁলোকে বাছেৰে গৈ থাকোঁতে এটা মিছাইল আৰু ড্ৰ’ণ পৰি থকা দেখিছিল ।
দিল্লীত উপস্থিত হোৱা ছাত্ৰগৰাকীয়ে কয়, "সংবাদ মাধ্যমত যি পৰিস্থিতি দেখুওৱা হৈছে সেয়া সত্য । ই অত্যন্ত শোচনীয় । তেহৰাণ ধ্বংস হৈছে ।"
উল্লেখ্য যে একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে বিমানবন্দৰৰ বাহিৰত নিজৰ সন্তানৰ বাবে উদ্বিগ্নতাৰে অপেক্ষা কৰি থকা দেখা যায় ।
ইৰাণত এম বি বি এছ পঢ়ি থকা ২১ বছৰীয়া ছাত্ৰ মাজ হাইদৰৰ পিতৃ হাইদৰ আলীয়ে উদ্ধাৰ প্ৰচেষ্টাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।
'আমি সঁচাকৈয়ে সুখী । ছাত্ৰ-ছাত্ৰীসকলক সুৰক্ষিতভাৱে ঘৰলৈ ওভতাই অনা হৈছে । ইয়াৰ বাবে আমি ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ । কিন্তু তেহৰাণত যিসকল ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে তেওঁলোকৰ বাবে দুখ লাগিছে ।" তেওঁ পি টি আই ভিডিঅ'জৰ আগত এনেদৰে কৈ তেহৰাণত আবদ্ধ ছাত্ৰ-ছাত্ৰীসকলক সোনকালে উদ্ধাৰ কৰিবলৈও কৰ্তৃপক্ষক অনুৰোধ জনায় ।
আনহাতে, জম্মু-কাশ্মীৰ ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । এক বিবৃতিত কয়, "আমি আশাবাদী হৈ আছোঁ যে বাকী থকা সকলো ছাত্ৰ-ছাত্ৰীক অতি সোনকালে আঁতৰাই অনা হ’ব ।"

