ETV Bharat / bharat

নিশাৰ এজাক বৰষুণতে ডুব গ'ল হায়দৰাবাদ চহৰ - HYDERABAD FLASH FLOODS

কৃত্ৰিম বানৰ কবলত হায়দৰাবাদৰ বিভিন্ন অঞ্চল । নিশা ৰাজপথত শ শ বাহন আৰু যাত্ৰী আৱদ্ধ ।

Waterlogged roads in Hyderabad
হায়দৰাবাদ চহৰত কৃত্ৰিম বান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 2:01 PM IST

2 Min Read

হায়দৰাবাদ: অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । তেলেংগানাৰ বিভিন্ন প্ৰান্ততো যোৱানিশা ধাৰাসাৰ বৰষুণ হয় । ইফালে বৰষুণৰ পিছতে চহৰখন কৃত্ৰিম বানত বুৰ যায় । ফলস্বৰূপে যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰে । কৃত্ৰিম বানৰ ফলত ৰাজপথত শ শ যান-বাহন আৰু পথচাৰী আবদ্ধ হৈ পৰে । বুধবাৰে দুপৰীয়াৰ পৰা নিশালৈকে হায়দৰাবাদৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱা দেখা যায় । গুৰুত্বপূৰ্ণ পথসমূহ বানত বুৰ যায় । বিশেষকৈ নামনি অঞ্চলবোৰ প্লাৱিত হৈ পৰে ।

পাঞ্জাগুট্টা, জুবলী হিলছ, মাধেপুৰ, গচ্ছিবাউলি, ছেকেন্দ্ৰাবাদ, উপ্পল, ৰমন্তপুৰ, এল বি নগৰ, দিলছুখনগৰ, হায়াটনগৰ, আৰ টি চি ক্ৰছৰোড, সন্তোষনগৰ, অ'ল্ড চিটীকে ধৰি প্ৰায় সকলো ঠাইতে বৰষুণ হয় । ধাৰাসাৰ বৰষুণৰ ফলত কিছু অঞ্চলত গছ উভালি বিদ্যুৎ যোগান ব্যাহত হৈ পৰে ।

Waterlogged roads in Hyderabad
কৃত্ৰিম বানত ৰাজপথত আবদ্ধ যাত্ৰী (ETV Bharat)

চহৰখনত হোৱা বৰষুণৰ বাবে কাৰ্যালয় বা কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱাৰ পথত লোকসকল তীব্ৰ সমস্যাৰ সন্মুখীন হয় । এনে পৰিস্থিতিত হায়দৰাবাদৰ ৰাজপথত তীব্ৰ যান-জঁট হোৱা দেখা যায় । বহু লোকে সুৰক্ষিত যাত্ৰাৰ বাবে মেট্ৰ' বাছনি কৰে । যাৰ বাবে বুধবাৰে সন্ধিয়াৰ পৰা নিশালৈকে মেট্ৰ' ৰে'লত যাত্ৰীৰ সংখ্যা বৃদ্ধি পায় ।

Waterlogged roads in Hyderabad
এজাক বৰষুণতে ডুব গ'ল হায়দৰাবাদ চহৰ (ETV Bharat)

বৰষুণৰ ফলত মণ্ডা মাৰ্কেট অঞ্চল যথেষ্ট প্ৰভাৱিত হয় । বহু লোকৰ বাসগৃহৰ ভিতৰত পানী সোমায় । অঞ্চলটোৰ পথবোৰো প্লাৱিত হয় । বহু স্থানত এতিয়াও পানী জমা হৈ আছে । যাৰ বাবে যাতায়াত আৰু বিদ্যুৎ সংযোগো বিচ্ছিন্ন হৈ পৰিছে ।

অঞ্চলটোত হোৱা বৰষুণৰ পৰিমাণ আছিল ক্ৰমে ৭ নং মণ্ডলৰ বান্দলাগুড়াত ৮৭.৩ মি.মি., আছমনঘাত ৮২.৫, মালকপেটত ৮২.৩, সৰুৰনগৰত ৭৭.৮, মুছাৰমবাগত ৭৫.৮, এল বি নগৰত ৬৯.০, চম্পাপেটত ৬৬.৩, হিমায়তনগৰত ৬১.০ মিঃ মিঃ । ছাদৰঘাট আৰ ইউৰ তলত বানৰ ফলত বহু গধুৰ বাহন আবদ্ধ হৈ পৰে ।

বতৰ বিজ্ঞান বিভাগৰ মতে আগন্তুক ৩ দিনলৈ অঞ্চলটোত বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত জৰুৰী নহ'লে ঘৰৰ পৰা বাহিৰ নোলাবলৈও বতৰ বিজ্ঞান বিভাগে ৰাইজক পৰামৰ্শ দিছে । ৰাজপথত যাত্ৰা কৰাৰ সময়তো সাৱধানতা অৱলম্বন কৰাৰ আহ্বান ।

লগতে পঢ়ক :মাজ আকাশত অথন্তৰ, ভাঙি গ’ল ইণ্ডিগ’ বিমান, মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতিল ২২৭ জন যাত্ৰী - INDIGO FLIGHT HITS TURBULENCE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.