ETV Bharat / bharat

এই 5 গৰাকী দুৰ্ভগীয়াইও ধৰিবই নোৱাৰিলে কি হ'ল, কেনেকৈ হ'ল: মাথো বন্ধ হৈ গ'ল উশাহ - AHMEDABAD PLANE CRASH

সেই অট্টালিকাটো, যিটো অট্টালিকাৰ ওপৰত আকাশৰ পৰা সৰি পৰিছিল লণ্ডনলৈ বুলি দুপাখি মেলি উৰি যোৱা এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত AI 171, বয়িং 787-8 ড্ৰীমলাইনাৰ বিমানখন...

AHMEDABAD PLANE CRASH
আকাশৰ পৰা অভিশপ্ত AI 171 খহি পৰাৰ পিছত এনেকৈয়ে ক'লা ধোঁৱাই চানি ধৰিছিল আকাশ (PTI)
author img

By ANI

Published : June 14, 2025 at 8:39 AM IST

2 Min Read

আহমেদাবাদ: কোনেও নাজানে কাৰ মৃত্যু ক'ত লিখা থাকে ৷ এই যে অভিশপ্ত বিমানখন, সেই বিমানখনে কেৱল যাত্ৰী হিচাপে যোৱা 241 গৰাকী লোকৰেই প্ৰাণ অকালতে কাঢ়ি নিয়া নাই, কাঢ়ি নিলে আৰু পাচঁগৰাকী দুৰ্ভগীয়া ব্যক্তিৰো জীৱন ৷ যিসকল লণ্ডনমুখী সেই মৃত্যুদূতস্বৰূপ বিমানখনৰ যাত্ৰীতো নাছিলেই, বৰং আনক মৃত্যুৰ মুখৰ পৰা ওভতাই অনাৰ চেষ্টা কৰাৰ সংকল্পহে গ্ৰহণ কৰিছিল ৷

এই পাঁচগৰাকী দুৰ্ভগীয়া কোন জানেনে ? সেই অট্টালিকাটো, যিটো অট্টালিকাৰ ওপৰত আকাশৰ পৰা সৰি পৰিছিল লণ্ডনলৈ বুলি দুপাখি মেলি উৰি যোৱা এয়াৰ ইণ্ডিয়াৰ অভিশপ্ত AI 171, বয়িং 787-8 ড্ৰীমলাইনাৰ বিমানখন, সেইটো অট্টালিকা আছিল চিকিৎসকসকলৰ হোষ্টেল ৷ ভাৰতীয় চিকিৎসা সংস্থা (Indian Medical Association, IMA)ৰ গুজৰাটৰ সভাপতি মেহুল শ্বাহে শুকুৰবাৰে নিশ্চিত কৰিছে যে বিমানখন উক্ত অট্টালিকাটোত খুন্দা খাই সৰি পৰাৰ পিছত তাত এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হয় মুহূৰ্তৰ ভিতৰতে ৷

এই ঘটনাৰ ফলত উক্ত অট্টালিকাটোত থকা চাৰিগৰাকী চিকিৎসক আৰু এগৰাকী চিকিৎসকৰ পত্নীয়ে প্ৰাণ হেৰুৱায় ৷ মেহুল শ্বাহে আৰু কয় যে উক্ত হোষ্টেলটোত থকা আন 45 গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আহত হয় এই ঘটনাত ৷ তেওঁ লগতে এই বুলিও কয় যে বিমানখন সেই স্থানত আকাশৰ পৰা সৰি পৰাৰ পিছতে যি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া নেদেখিলে বিশ্বাস কৰিব নোৱাৰি ৷ তাৎক্ষণিকভাৱে সেই স্থানত এশৰো অধিক চিকিৎসক উপস্থিত হৈ লোকসকলৰ সহায়কাৰ্যত ব্যস্ত হৈ পৰে ৷ মেহুল শ্বাহে কয়- "এয়া অতি দুৰ্ভাগ্যজনক যে এই দুৰ্ঘটনাটোত আমাৰ চাৰিগৰাকীকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু এগৰাকী চিকিৎসকৰ পত্নীয়েও প্ৰাণ হেৰুৱাবলগীয়া হ'ল ৷"

লগতে পঢ়ক: উদ্ধাৰ হোৱা ব্লেক বক্সে পোহৰলৈ আনিব বিমান দুৰ্ঘটনাৰ সমগ্ৰ সত্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.