ETV Bharat / bharat

ৰামোজী ৰাওৰ প্ৰথম মৃত্যু বাৰ্ষিকী; পৰিয়ালে উন্মোচন কৰিলে প্ৰতিমূৰ্তি - RAMOJI RAO FIRST DEATH ANNIVERSARY

প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে ৰামোজী গ্ৰুপৰ কৰ্পোৰেট কাৰ্যালয়ত ৰামোজী ৰাওৰ প্ৰতিমূৰ্তি উন্মোচন ।

first death anniversary of Ramoji Rao
প্ৰথম মৃত্যু বাৰ্ষিকীত পৰিয়ালে উন্মোচন কৰিলে ৰামোজী ৰাওৰ প্ৰতিৰ্মূৰ্তি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 8, 2025 at 6:58 PM IST

2 Min Read

হায়দৰাবাদ : ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰামোজী ৰাওৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী । এই উপলক্ষে ৰামোজী গ্ৰুপৰ কৰ্পোৰেট কাৰ্যালয়ত ৰামোজী ৰাওৰ স্মৰণত এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । ৰামোজী ৰাওৰ নাতি-নাতিনী ক্ৰমে ছহৰী, ছোহানা, বৃহাতী আৰু দিবিজাই প্ৰতিমূৰ্তিটো উন্মোচন কৰে ।

ইয়াৰ পিছতে পৰিয়াল তথা আত্মীয়, উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকলে ৰামোজী ৰাওৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পূৰ্বে পুৱা ৰামোজী ফিল্ম চিটী (RFC)ৰ স্মৃতি উদ্যানত পৰিয়ালৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

first death anniversary of Ramoji Rao
পৰিয়ালে উন্মোচন কৰিলে প্ৰতিমূৰ্তি (ETV Bharat)

যোৱা ৭ জুনত আৰ এফ চিৰ ভিতৰত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ কৰ্মচাৰীসকলেও প্ৰয়াত অধ্যক্ষগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল । এই সভাত গ্ৰুপৰ চিএমডি চি এইছ কিৰণ, পৰিয়ালৰ সদস্য আৰু গ্ৰুপৰ কৰ্মচাৰীসকল উপস্থিত থাকে । ৰামোজী ৰাওৰ ওপৰত এখন চুটি ছবিও সভাগৃহত প্ৰদৰ্শন কৰা হয় ।

চুটি ছবিখনত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু প্ৰয়াত কণ্ঠশিল্পী এছ পি বালাসুব্ৰমণিয়ামকে ধৰি তাৰকা আৰু নেতাসকলে ৰামোজী ৰাওৰ প্ৰতি আন্তৰিক আৰু আৱেগিক মন্তব্য আগবঢ়ায় ।

first death anniversary of Ramoji Rao
আৰ এফ চিত উন্মোচন ৰামোজী ৰাওৰ প্ৰতিমূৰ্তি (ETV Bharat)

শ শ কৰ্মচাৰীয়ে এই সমাৱেশত অংশগ্ৰহণ কৰি তেওঁলোকৰ দূৰদৰ্শী অধ্যক্ষক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কেইবাগৰাকী জ্যেষ্ঠ কৰ্মচাৰীয়ে ৰামোজী ৰাওৰ সৈতে নিজৰ স্মৃতি স্মৰণ কৰি সভাত ভাষণ প্ৰদান কৰে ।

first death anniversary of Ramoji Rao
কৰ্মচাৰীসকলে ৰামোজী ৰাওৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (ETV Bharat)

উল্লেখ্য যে, সকলোৰে বাবে ভৱিষ্যৎ গঢ়া স্বপ্নদৰ্শী ৰামোজী ৰাওৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে ৰামোজী ৰাওৰ প্ৰথম মৃত্যু বাৰ্ষিকীত গ্ৰুপৰ কৰ্মচাৰীসকলে ৰেড ক্ৰছ ছ'চাইটিৰ সহযোগত আয়োজন কৰা আৰ এফ চিত ৰক্তদান শিবিৰতো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ৰামোজী ৰাও - RAMOJI RAO

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.