ETV Bharat / bharat

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড, জীৱন্তে অগ্নিদদ্ধ হৈ মৃত্যু দুটি শিশুৰ - FIRE BROKE OUT IN DELHI

দিল্লীৰ ৰোহিনী ছেক্টৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ফলত জীৱন্তে অগ্নিদদ্ধ হৈ দুটি শিশুৰ মৃত্যু হয় ।

fire breaks out at slum in rohini area in delhi
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড (PTI)
author img

By ETV Bharat Assamese Team

Published : April 27, 2025 at 10:38 PM IST

2 Min Read

নতুন দিল্লী : দেওবাৰে পুৱা দিল্লীৰ ৰোহিনী ছেক্টৰ ১৭ৰ শ্ৰী নিকেতন এপাৰ্টমেণ্টৰ সমীপৰ বস্তিত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় । এই জুই লেলিহান শিখাই কেবাটাও বস্তি ছানি ধৰে । ইয়াৰ মাজতে জীৱিত অৱস্থাতে অগ্নিদদ্ধ হৈ দুটি শিশুৰ মৃত্যু হয় । অশেষ চেষ্টাৰ অন্তত ২০খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে এই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে দিয়া তথ্য অনুসৰি, অগ্নিদদ্ধ হৈ দুটা শিশু মৃত্যু হৈছে । এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০০টা জুপুৰি জ্বলি যায় । ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । বৰ্তমানো এই ঘটনাৰ অনুসন্ধান অভিযান চলি আছে ।

  • দুই শিশুৰ মৃত্যু :

দিল্লীৰ ৰোহিনী অঞ্চলত দেওবাৰে বস্তি কলনীত ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় । নিমিষতে এই জুইৰ লেলিহান শিখাই ভয়ংকৰ ৰূপ লয় । তাৰ পাচতে ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হয় । খবৰ লাভ কৰাৰ পিছতে এখন এখনকৈ কেবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উক্ত স্থানত উপস্থিত হৈ এই জুই নিৰ্বাপনৰ চেষ্টা কৰা হয় ।

  • নিমিষতে এই জুইৰ লেলিহান শিখাই ভয়ংকৰ ৰূপ লয় :

ৰোহিনীৰ ১৭ নং ছেক্টৰৰ শ্ৰী নিকেতন এপাৰ্টমেণ্টৰ সমীপত বহু বস্তিত শ শ লোকে বাস কৰে । দেওবাৰে পুৱা ইয়াত হঠাতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এটা বস্তিত হঠাতে এই জুই লাগে যদিও নিমিষতে এই জুয়ে ভয়াৱহ ৰূপ লয় । এই অগ্নিকাণ্ডৰ ফলত কেবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰা হৈছে ।

  • ৪০০টা জুপুৰি জ্বলি ছাই হৈ যায় :

অগ্নিনিৰ্বাপক বাহিনীৰ মতে, ''দেওবাৰে পুৱা ১১:৫৫ বজাত এই অঞ্চলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । তথ্য লাভ কৰাৰ পিছতে ২০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানলৈ প্ৰেৰণ কৰা হয় । আৰক্ষীৰ তথ্য অনুসৰি, এই ঘটনাত ৪০০ টা জুপুৰি ঘৰ জ্বলি ছাই হৈ যায় ।''

লগতে পঢ়ক : স্বাধীনতাৰ পূৰ্বৰ মেচবক্সৰ পৰা আৰম্ভ কৰি ব্ৰেণ্ডেড মেচবক্সলৈকে… কি নাই এইটো সংগ্ৰহালয়ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.