ETV Bharat / bharat

জুইৰ পৰা বাচিবলৈ সপ্তম মহলাৰ পৰা জাঁপ: দুই সন্তানসহ নিহত পিতৃ - DELHI APARTMENT FIRE

দিল্লীৰ দ্বাৰকা জিলাৰ শ্বাহবাদ এপাৰ্টমেণ্টৰ ওপৰৰ মহলাৰ বেলকনিৰ পৰা তললৈ জঁপিয়াইছিল নিহত দুই শিশুসহ পিতৃয়ে ।

Delhi Apartment Fire
জুইৰ পৰা বাচিবলৈ সপ্তম মহলাৰ পৰা জাঁপ; দুই সন্তানসহ নিহত পিতৃ (ANI)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 5:02 PM IST

3 Min Read

নতুন দিল্লী: দিল্লীৰ দ্বাৰকা জিলাৰ এটা অট্টালিকাত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অট্টালিকাটোত সংঘটিত এই অগ্নিকাণ্ডত দুই সন্তানসহ এগৰাকী লোকে কৰুণভাৱে মৃত্যুক সাবটিবলগা হয় । অগ্নিকাণ্ডৰ পৰা বাচিবলৈ অট্টালিকাটোৰ সপ্তম মহলাৰ ঘৰৰ পৰা জঁপিয়াই তললৈ নামিব বিচাৰোতেই তিনিওজনৰে মৃত্যু হয় ।

দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি, পুৱা ১০.০১ বজাত তেওঁলোকক এই ঘটনা সন্দৰ্ভত ফোন কৰা হয় । তাৰ পিছত ততাতৈয়াকৈ ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় ।

আৰক্ষীৰ তথ্য অনুসৰি, প্ৰথমতে সপ্তম মহলাৰ বেলকনিৰ পৰা শিশু দুটিয়ে (এটি ল’ৰা আৰু এজনী ছোৱালী, বয়স ১০-১২ বছৰ) নিজকে বচাবলৈ জাঁপ মাৰে । ফলত তেওঁলোক গুৰুতৰভাৱে আহত হয় । পিছত তেওঁলোকক আকাশ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁলোকক মৃত ঘোষণা কৰে ।

ইয়াৰ পিছত শিশু দুটিৰ পিতৃ যশ যাদৱেও (৩৫) একেখন বেলকনিৰ পৰাই নিজৰ জীৱন বচাবলৈ তললৈ জাঁপ মাৰে । তেওঁক আই জি আই হাস্পতাললৈ নিয়া হয় যদিও তাত তেওঁক মৃত ঘোষণা কৰা হয় । আনহাতে, আন দুজন ব্যক্তি যাদৱৰ পত্নী আৰু ভতিজাকক আহত অৱস্থাত আকাশ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আৰক্ষীয়ে জনোৱা মতে, যাদৱৰ ফ্লেক্স বোৰ্ডৰ ব্যৱসায় আছিল । পৰিয়ালটোৱে অট্টালিকাটোৰ শীৰ্ষ মহলাৰ এটা ডুপ্লেক্সত বাস কৰিছিল ।

ঘটনাস্থলীৰ পৰা লাভ কৰা দৃশ্যত দেখা গৈছে যে ১৩ নং ছেক্টৰৰ শপত ছ’চাইটীৰ অট্টালিকাটো অগ্নিশিখাই আগুৰি ধৰিছে আৰু তাত থকা লোকসকলে তলৰ বেলকনিত গোট খাই সহায় বিচাৰি কান্দি আছে । আৰক্ষীয়ে জনোৱা মতে, এম আৰ ভি স্কুলৰ সমীপত অৱস্থিত হাউছিং এপাৰ্টমেণ্টটোৰ অষ্টম আৰু নৱম অংশত অগ্নিকাণ্ড সংঘটিত হয় ।

প্ৰথমতে ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছিল যদিও অগ্নিকাণ্ডৰ ভয়াৱহতা স্পষ্ট হোৱাৰ লগে লগে আৰু অধিক গাড়ী নিয়োগ কৰা হয় । জুইৰ শিখা বহু দূৰৈৰ পৰা দেখা গৈছিল । ওপৰৰ মহলাৰ পৰা ক’লা ধোঁৱা ওলাই আছিল আৰু সপ্তম মহলাৰ ফ্লেটটোৰ পৰা জুইৰ শিখা অন্য স্থানলৈ বিয়পি পৰিছিল বুলি ঘটনাস্থলীত উপস্থিত থকা অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনায় ।

এগৰাকী আৰক্ষী বিষয়াই কয়, "অট্টালিকাটোৰ সকলো বাসিন্দাক তুৰন্তে তাৰ পৰা আঁতৰাই অনা হয় আৰু বিদ্যুৎ আৰু পি এন জি সংযোগৰ দৰে সকলো অত্যাৱশ্যকীয় সেৱা বন্ধ কৰা হৈছে ।" আনহাতে, অট্টালিকাটোৰ গাঁথনিগত স্থিৰতা মূল্যায়ন কৰিবলৈ ডি ডি এ আৰু এম চি ডিক অৱগত কৰা হৈছে বুলিও তেওঁ কয় ।

উল্লেখ্য যে তলৰ মহলাত থকা লোকসকলে ততাতৈয়াকৈ ঘৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় । কিন্তু ওপৰত থকাসকলৰ বাবে এয়া এক দুখজনক সময় আছিল । স্থানীয় এজন লোকে জনোৱা মতে, আমি কিছুমান বাসিন্দাই বেলকনিত উঠি সহায় বিচাৰি থকা দেখিছোঁ । অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক :গা ধুবলৈ নৈত নামিছিল ১০ যুৱক, ডুবি গ'ল ৭ জন - YOUTHS DROWING IN BANAS RIVER
লগতে পঢ়ক :প্ৰেমিকাৰ জলন্ত চিতাত জাঁপ প্ৰেমিকৰ, ৰাইজৰ ৰামপিটন - MAN JUMP ON THE PYRE OF GIRLFRIEND

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.