ETV Bharat / bharat

প্ৰৰোচিত মন্তব্য আৰু উৰা বাতৰি বিয়পোৱাক ৰোধ কৰিবলৈ কৰ্তন ইণ্টাৰনেট সেৱা - Haryana government

Farmers’ Protest 2024: মঙলবাৰে হাৰিয়ানা চৰকাৰে সাতখন জিলাত ম’বাইল ইণ্টাৰনেট আৰু বাল্ক এছএমএছ সেৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা নিষেধাজ্ঞা 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে । নিৰ্দেশনা জাৰি কৰা জিলাসমূহ হ’ল আম্বালা, কুৰুক্ষেত্ৰ, কাইথাল, জিন্দ, হিছাৰ, ফতেহাবাদ আৰু ছিৰছা । হাৰিয়ানাৰ সকলো টেলিকম সেৱা প্ৰদানকাৰীক এই নিৰ্দেশ মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

Farmers’ Protest 2024
প্ৰৰোচিত মন্তব্য আৰু উৰা বাতৰি বিয়পোৱাক ৰোধ কৰিবলৈ কৰ্তন ইণ্টাৰনেট সেৱা
author img

By ETV Bharat Assamese Team

Published : February 14, 2024 at 8:54 AM IST

2 Min Read

নেশ্যনেল ডেস্ক, 14 ফেব্ৰুৱাৰী : কৃষকৰ ‘দিল্লী চলো’ আন্দোলনৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে হাৰিয়ানা চৰকাৰে সাতখন জিলাত ম’বাইল ইণ্টাৰনেট আৰু বাল্ক এছএমএছ সেৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ এই সময়সীমা 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে ।

নিৰ্দেশনা জাৰি কৰা জিলাসমূহ হ’ল আম্বালা, কুৰুক্ষেত্ৰ, কাইথাল, জিন্দ, হিছাৰ, ফতেহাবাদ আৰু ছিৰছা । মঙলবাৰে হাৰিয়ানা প্ৰশাসনে স্থাপন কৰা বেৰিকেডসমূহ অতিক্ৰম কৰি কৃষকসকল ৰাষ্ট্ৰীয় ৰাজধানীৰ দিশে আগুৱাই যাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে সীমান্তত প্ৰতিবাদকাৰী কৃষকলৈ লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰে ।

সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই শস্যৰ নূন্যতম সমৰ্থন মূল্য আৰু ঋণ ৰেহাইৰ আইনকে ধৰি তেওঁলোকৰ দাবীৰ বাবে কেন্দ্ৰক হেঁচা প্ৰয়োগ কৰিবলৈ 'দিল্লী চলো' আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ।

হাৰিয়ানাৰ অতিৰিক্ত মুখ্য সম্পাদক টি ভি এছ এন প্ৰসাদে কয়, "...উপৰোক্ত জিলাসমূহত ইণ্টাৰনেট সেৱাৰ দ্বাৰা প্ৰৰোচিত মন্তব্য আৰু উৰা বাতৰি বিয়পায় ৰাজহুৱা ক্ষেত্ৰত ব্যাঘাত জন্মোৱা, ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতি আৰু ৰাজহুৱা আইন-শৃংখলা বিঘ্নিত কৰাৰ স্পষ্ট সম্ভাৱনা আছে ।"

ভাৰতীয় টেলিগ্ৰাফ আইন, 1885 ৰ 5 নং ধাৰা আৰু টেলিকম সেৱা 2017 ৰ নিয়ম 2 ৰ অধীনত (ৰাজহুৱা জৰুৰীকালীন বা জনসাধাৰণৰ সুৰক্ষা) অস্থায়ীভাৱে স্থগিত ৰখাৰ এই নিৰ্দেশ জাৰি কৰা হৈছে । এই নিৰ্দেশ অনুসৰি আম্বালা, কুৰুক্ষেত্ৰ, কাইথাল, জিন্দ, হিছাৰ, ফাতেহাবাদ আৰু ছিৰছা জিলাত ভইচ কলৰ বাহিৰে মোবাইল নেটৱৰ্কত প্ৰদান কৰা ম’বাইল ইণ্টাৰনেট সেৱা, বাল্ক এছএমএছ (বেংকিং আৰু মোবাইল ৰিচাৰ্জ বাদ দি) আৰু সকলো ডংগল সেৱা ইত্যাদি বন্ধ কৰি দিয়া হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে এই নিৰ্দেশনা । হাৰিয়ানাৰ সকলো টেলিকম সেৱা প্ৰদানকাৰীক এই নিৰ্দেশ মানি চলাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: পাঞ্জাব-হাৰিয়ানা সীমান্তত উত্তেজনা, প্ৰতিবাদকাৰী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.