ETV Bharat / bharat

নহৰুৰ সুৰক্ষাৰ বাবে পথাৰত চিচিটিভি

Garlic security: পাচলিৰ বজাৰত ৫০০ টকালৈ বৃদ্ধি হৈছে প্ৰতি কেজি নহৰুৰ মূল্য । চুৰি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ খেতিপথাৰত কৃষকসকলে চিচিটিভি কেমেৰা স্থাপন কৰিবলগীয়া হৈছে । কৃষকসকলে ভাড়ালৈ লৈ পথাৰত কেমেৰা স্থাপন কৰিছে ।

Garlic price hike
নহৰুক সুৰক্ষা দিবলৈ পথাৰত চিচিটিভি কেমেৰা স্থাপন কৃষকৰ
author img

By ANI

Published : February 18, 2024 at 3:52 PM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, ১৮ ফেব্ৰুৱাৰী : শেহতীয়াকৈ দেশজুৰি অভাৱনীয় হাৰত বৃদ্ধি হৈছে নহৰুৰ মূল্য । পূৰ্বৰ অভিলেখ ভংগ কৰি প্ৰতি কিলোগ্ৰাম নহৰুৰ মূল্য ৪০০-৫০০ টকা পৰ্যন্ত হৈছে । তেনে পৰিস্থিতিত গ্ৰাহকসকল সমস্যাত পৰিছে । আনহাতে নহৰুৰ মূল্য বৃদ্ধিৰ বাবে কৃষকসকলৰ মনত হাঁহি বিৰিঙিছে । কিন্তু বিভিন্ন কাৰণত কৃষকসকল চিন্তিত হোৱাও দেখা গৈছে । বিশেষকৈ খেতিপথাৰৰ পৰা নহৰু চুৰিৰ দৰে ঘটনা বৃদ্ধি পোৱাত কৃষকসকল শংকিত হৈছে ।

মধ্যপ্ৰদেশৰ ছিন্দৱাৰাতো নহৰুৰ মূল্য বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলে নহৰুৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । নহৰুৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বদনুৰৰ কৃষকসকলে তেওঁলোকৰ লাভজনক শস্য সুৰক্ষিত কৰাৰ বাবে অগতানুগতিক পদ্ধতিৰ আশ্ৰয় লৈছে । চুৰিৰ পৰা ৰক্ষা কৰিবলৈ কৃষকসকলে তেওঁলোকৰ খেতিপথাৰত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ বাধ্য হৈছে ।

নহৰু খেতিয়ক আৰু বদনুৰ গাঁৱৰ বাসিন্দা ৰাহুল দেশমুখে চিচিটিভি কেমেৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে পূৰ্বে এটা চোৰে পথাৰৰ পৰা ৮ৰ পৰা ১০ কিলোগ্ৰাম নহৰু চুৰি কৰিছিল আৰু পিচত আৰক্ষীয়ে চোৰটোক আটক কৰিছিল । আনহাতে, এই ঘটনাৰ পিচতে তেওঁ চিচিটিভি কেমেৰা স্থাপন কৰি তেওঁৰ শস্যবোৰক সুৰক্ষা দিছে ।

১৩ একৰত নহৰু খেতিৰ বাবে ২৫ লাখ টকা বিনিয়োগ কৰা ৰাহুল দেশমুখে এতিয়া বজাৰত নহৰু বিক্ৰী কৰাৰ পিচত প্ৰায় ১ কোটি টকাৰ বৃহৎ ৰিটাৰ্ণ লাভ কৰিছে । কৃষকজনৰ মতে তেওঁ ১৩ একৰ ভূমিত নহৰু ৰোপণ কৰিছিল য'ত তেওঁ মুঠ ২৫ লাখ টকা খৰচ কৰিছে । এতিয়ালৈকে তেওঁ ১ কোটি টকাৰ নহৰু বিক্ৰী কৰিছে । এতিয়াও বহু নহৰু চপোৱা হোৱা নাই । তেওঁ খেতিপথাৰত সৌৰ শক্তি ব্যৱহাৰ কৰিছে আৰু শস্যৰ সুৰক্ষাৰ বাবে চিচিটিভি কেমেৰাও স্থাপন কৰিছে । কৃষকজনৰ মতে ৪ একৰত উৎপন্ন হোৱা নহৰু নিৰীক্ষণ কৰিবলৈ ৩ টা কেমেৰা স্থাপন কৰা হৈছে ।

বদনুৰৰ আন এজন নহৰু খেতিয়ক পৱন চৌধুৰীয়ে তেওঁৰ ৪ একৰ নহৰুৰ বাবে ৪ লাখ টকা ব্যয় কৰিছে আৰু ৬ লাখ টকাৰ লাভ অৰ্জন কৰিছে । তেওঁ খেতিপথাৰ নিৰীক্ষণৰ বাবে তিনিটা চিচিটিভি কেমেৰা স্থাপন কৰিছিলে । দুটা কেমেৰা তেওঁৰ নিজৰ আনহাতে এটা কেমেৰা ভাড়াত লোৱা হৈছে । পথাৰৰ পৰা নহৰু চুৰি হৈ থকাৰ বাবে তেওঁ এই ব্যৱস্থা কৰিছে ।

কৃষকসকলৰ মতে নহৰুৰ বাৰ্ষিক মূল্য সাধাৰণতে প্ৰতি কিলোগ্ৰামত ৮০ টকালৈকে হয় । এই ঋতুত ই যথেষ্ট বৃদ্ধি হৈছে আৰু প্ৰতি কিলোগ্ৰামত ৩০০ টকা অতিক্ৰম কৰিছে ।

লগতে পঢ়ক :কৃষক সংগঠন আৰু চৰকাৰৰ মাজত আজি চতুৰ্থ পৰ্যায়ৰ আলোচনা: ডাঙৰ প্ৰশ্ন - কি হ’ব ?