ETV Bharat / bharat

কলিযুগৰ পৰশুৰাম ! ৰেহাই নিদিলে ৪ ভগ্নীকো

পৰিয়ালটো আগ্ৰাৰ পৰা লক্ষ্ণৌলৈ নৱবৰ্ষ উদযাপনত অংশ ল'বলৈ আহিছিল । হত্যাৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই ।

5 Family Member Murdered in Lucknow
লক্ষ্ণৌত একেটা পৰিয়ালৰ ৫ জনক হত্যা (ETV Bharat Archive)
author img

By ETV Bharat Assamese Team

Published : January 1, 2025 at 10:50 AM IST

2 Min Read
Choose ETV Bharat

লক্ষ্ণৌ : নতুন বছৰৰ প্ৰথম পুৱাতে এক বেদনাদায়ক খবৰ । উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । চাৰবাগ ৰে'ল ষ্টেচনৰ ওচৰৰ নাকা আৰক্ষী থানা অঞ্চলৰ হোটেল চৰণজিতত সংঘটিত হৈছে এই ঘটনা ।

পুত্ৰৰ হাতত হত্যাৰ বলি হ'ল জন্মদাত্ৰী । কেৱল সেয়াই নহয়, যি ভাতৃৰ হাতত ভগ্নীক ৰক্ষণাবেক্ষণৰ দায়িত্ব সেই ভাতৃৰ হাততে প্ৰাণ বিসৰ্জন দিলে চাৰি ভগ্নীয়ে । তাকো নৱবৰ্ষৰ শুভ মুহূৰ্তত । জানিব পৰা মতে পৰিয়ালটো আগ্ৰাৰ বাসিন্দা আছিল । তেওঁলোকে নতুন বছৰ উদযাপন কৰিবলৈ লক্ষ্ণৌলৈ আহিছিল ।

ঘটনা সন্দৰ্ভত ডিচিপি চেণ্ট্ৰেল ৰবীনা ত্যাগীৰ বক্তব্য (ETV Bharat Archive)

ঘটনাৰ বিৱৰণী অনুসৰি, আগ্ৰাৰ কুবেৰপুৰৰ ইছলাম নগৰৰ বাসিন্দা আৰ্শাদৰ (২৪) লগতে তেওঁৰ মাতৃ আচমা আৰু চাৰিগৰাকী ভগ্নী আলিয়া (৯ বছৰ), আলচিয়া (১৯ বছৰ), আকছা (১৬ বছৰ) আৰু ৰহমীনে (১৮ বছৰ) নতুন বছৰ ২০২৫ ক আদৰণি জনাবলৈ লক্ষ্ণৌলৈ আহিছিল । তেওঁলোক সকলোৱে চাৰবাগ ৰে'ল ষ্টেচনৰ ওচৰৰ নাকা আৰক্ষী থানা অঞ্চলৰ চৰণজিৎ হোটেলত এটা কোঠা ভাৰাত লৈছিল ।

আৰ্শাদে নিশা নৱবৰ্ষ উদযাপনৰ পৰা উভতি অহাৰ পিছত তেওঁৰ মাতৃ আৰু চাৰিগৰাকী ভগ্নীক হত্যা কৰাৰ অভিযোগ উঠিছে । ইফালে ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে জ্যেষ্ঠ বিষয়াৰ সৈতে আৰু স্থানীয় আৰক্ষী তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰে ।

আৰক্ষীয়ে অভিযুক্ত আৰ্শাদক গ্ৰেপ্তাৰ কৰিছে । জেৰাৰ সময়ত তেওঁ হত্যাৰ কথা স্বীকাৰ কৰিছে । মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । আৰক্ষীয়ে আৰ্শাদক সোধা-পোছা অব্যাহত ৰাখিছে । প্ৰাৰম্ভিক অনুসন্ধানত পাৰিবাৰিক বিবাদৰ বাবেই এই হত্যাৰ কথা প্ৰকাশ পাইছে ।

ডিচিপি চেণ্ট্ৰেল ৰবীনা ত্যাগীয়ে ঘটনা সন্দৰ্ভত কয়, "১ জানুৱাৰী, ২০২৫ ত আৰক্ষী থানা নাকা অঞ্চলৰ পৰা খবৰ পোৱা গৈছিল যে হোটেল চৰণজিতত একেটা পৰিয়ালৰ পাঁচজন লোকক হত্যা কৰা হৈছে । লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । জেৰাৰ সময়ত অভিযুক্তজনে কৈছে যে তেওঁ পাৰিবাৰিক বিবাদৰ বাবে তেওঁৰ মাতৃ আৰু চাৰিগৰাকী ভগ্নীক হত্যা কৰে ।"

লগতে পঢ়ক :য়েমেনত ভাৰতীয় নাৰ্ছক মৃত্যুদণ্ড : প্ৰিয়াৰ পৰিয়ালক ভাৰত চৰকাৰৰ সহায়ৰ আশ্বাস - DEATH SENTENCE TO INDIAN NURSE
লগতে পঢ়ক :বাংলাদেশস্থিত ভাৰতীয় উচ্চায়োগত মনমোহন সিঙলৈ শ্ৰদ্ধাঞ্জলি ইউনুছৰ - YUNUS TRIBUTE TO MANMOHAN SINGH