ETV Bharat / bharat

শোকে বুকু ভাগি নিয়া পৰতো ছ'চিয়েল মিডিয়াত একাংশৰ বাতুলামি

ভাইৰেল হোৱা নৃত্যৰত ভিডিঅ’টো কণ্টেণ্ট ক্ৰিয়েটৰ আশীষ ছেহৰাৱট আৰু যশিকা শৰ্মাৰহে, শ্বহীদ বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ নহয় ।

Fact Check Video Of Dancing Couple Falsely Linked To Navy Officer Vinay Narwal, Killed In Pahalgam Terrorist Attack
শোকে বুকু ভাগি নিয়া পৰতো ছ'চিয়েল মিডিয়াত একাংশৰ বাতুলামি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 8:54 PM IST

|

Updated : April 25, 2025 at 12:41 PM IST

3 Min Read
Choose ETV Bharat

কৰ্ণাল: মঙলবাৰে (২২ এপ্ৰিল) পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৬ জন ভাৰতীয় লোক নিহত হয় । এই নিহত হোৱা লোকসকলৰ কিছু ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

বিশেষকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে এটা দম্পতীৰ ভিডিঅ’ । বৈছাৰণ উপত্যকাত দৃশ্যগ্ৰহণ কৰা ১৯ ছেকেণ্ডৰ এই ভিডিঅ’টো পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা হাৰিয়ানাৰ কৰ্ণালৰ নৌসেনাৰ বিষয়া লেফটেনেণ্ট বিনয় নৰৱাল আৰু তেওঁৰ পত্নী হিমাংশী সোৱামীৰ বুলি একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে উল্লেখ কৰিছে ।

কিন্তু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এই ভিডিঅ’টো লেফটেনেণ্ট বিনয় নৰৱালৰ পৰিয়ালে মিছা বুলি দাবী কৰিছে । তেওঁৰ পৰিয়ালৰ সদস্যই কয় যে এয়া বিনয় নৰৱালৰ ভিডিঅ’ নহয় ।

  • বিনয়ৰ পৰিয়ালৰ পৰা আবেদন

বৃহস্পতিবাৰে কৰ্ণালত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত বিনয়ৰ ভগ্নী দৃষ্টি নৰৱালে স্পষ্ট কৰি দিয়ে যে এই ভিডিঅ’সমূহ তেওঁৰ ভাতৃ-বৌয়েকৰ নহয় । বিনয়ৰ নামত কোনো লোকে এই ভিডিঅ’টো শ্বেয়াৰ কৰি আছে, যিটো সম্পূৰ্ণৰূপে ভুৱা । এই ভুৱা ভিডিঅ’টোৱে পৰিয়ালটোক গভীৰ শোক দিছে বুলিও কয় দৃষ্টিয়ে ।

‘‘এনে ভুৱা ভিডিঅ’’ দেখুৱাব নালাগে । সামাজিক মাধ্যমত ভুৱা ভিডিঅ’ বিয়পাই দি মোৰ শ্বহীদ ভাইটিক অপমান কৰিছে । পৰিয়ালৰ নিশ্চয়তা অবিহনে এনে ভিডিঅ’ দেখুৱাব নালাগে বুলিও তেওঁ কয় । লগতে বিনয় সন্দৰ্ভত কোনো তথ্য বা ভিডিঅ’ শ্বেয়াৰ কৰাৰ পূৰ্বে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দৃষ্টিয়ে ।

লগতে পঢ়ক : পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ: ভাৰতৰ সুস্থিৰতাৰ প্ৰতি বৰ্ধিত ভাবুকিৰ এক ভয়ংকৰ সতৰ্কবাণী

লগতে পঢ়ক : কল্পনাতীত শাস্তি পাব, ভাৰতৰ আত্মাত আঘাত হনাসকলে ৰেহাই নাপায়: প্ৰধানমন্ত্ৰী মোদী

  • ভাইৰেল ভিডিঅ'ৰ বিষয়ে সত্য

ইনষ্টাগ্ৰামত ভাইৰেল হৈছে এটা দম্পতীৰ কমেও দুটা ভিডিঅ’, য’ত দম্পতীটো নাচি থকা দেখা গৈছে । একাংশ ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’ বিনয় আৰু তেওঁৰ পত্নীৰ বুলি দাবী কৰি শ্বেয়াৰ কৰিছিল, তাৰ পিছত ব্যৱহাৰকাৰীয়ে আন প্লেটফৰ্মত শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছিল ।

অৱশ্যে এই ভিডিঅ’ক লৈ একাংশ ইউজাৰে বহু প্ৰশ্ন উত্থাপন কৰিছে । একাংশই কয় যে ভিডিঅ’বোৰত বেলেগ দম্পতীক দেখা গৈছে । ইয়াৰ পিছতে কণ্টেণ্ট ক্ৰিয়েটৰ আশীষ ছেহৰাৱট আৰু যশিকা শৰ্মাই ইনষ্টাগ্ৰামত স্পষ্টীকৰণ দি কয় শ্বেয়াৰ হৈ থকা ভিডিঅ’ তেওঁলোকৰ । কিছুদিন পূৰ্বে দম্পতীটোৱে পহলগামলৈ গৈছিল । তেতিয়া তেওঁলোকে সেই ভিডিঅ’টো বনাইছিল । বৰ্তমান তেওঁলোকে নিজা ঘৰত আছে আৰু সুস্থ অৱস্থাত আছে ।

বিমান পৰিচাৰিকা হিচাপে কৰ্মৰত যশিকা শৰ্মাই কয়, ‘‘আমি জীয়াই আছো । আমাৰ ভিডিঅ’ কেনেকৈ এনেদৰে প্ৰচাৰ কৰা হৈছে আমি নাজানো । এটা কৰুণ ঘটনাৰ সৈতে মিছাকৈ লিংক কৰাটো হৃদয় বিদাৰক । লেফটেনেণ্ট নৰৱালৰ পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা ।‘‘

লগতে পঢ়ক : কঠোৰ স্থিতিত ভাৰত: পানীৰ পিছত এইবাৰ বন্ধ কৰি দিয়া হ'ল আটাৰী-ৱাঘা সীমান্ত

লগতে পঢ়ক : ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ: উত্তৰ প্ৰদেশত পাকিস্তানীৰ হাহাকাৰ

Last Updated : April 25, 2025 at 12:41 PM IST