ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ৩৬ লৈ বৃদ্ধি, বিস্ফোৰণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
জ্বলি যোৱা মৃতদেহ... আহতৰ চিৎকাৰ... ধ্বংসাৱশেষৰ মাজৰ পৰা বাহিৰ কৰা মৃতদেহ... আপোনজনক বিচাৰি পৰিয়ালৰ ক্ৰন্দন... মুঠৰ ওপৰত চৌদিশে এক অবৰ্ণনীয় পৰিৱেশ ৷

Published : July 1, 2025 at 11:08 AM IST
হায়দৰাবাদ: সোমবাৰে সংঘটিত হয় তেলেংগানাৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ উদ্যোগিক দুৰ্ঘটনাটো । হায়দৰাবাদৰ সমীপৱৰ্তী ছাংগাৰেড্ডী জিলাৰ পটাঞ্চেৰু মণ্ডলৰ পছুমিল্লাৰম ঔদ্যোগিক এলেকাত ছিগাচি ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ঔষধ উদ্যোগত সোমবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ ।
এই বিস্ফোৰণত প্ৰাণ হেৰুওৱা ৩৬ গৰাকী লোকৰ মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে ৷ আন একাংশৰ মৃতদেহ ধ্বংসাৱশেষৰ তলত পোত থকাই থকাৰ অনুমান কৰা হৈছে ৷ যাৰ বাবে নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত উদ্যোগটোৰ উষ্ণতা ৭০০-৮০০ ডিগ্ৰী থকা বুলি অনুমান কৰা হৈছে ৷ যাৰ বাবে তাত কৰ্মৰত পাঁচজন শ্ৰমিক মুহূৰ্ততে জ্বলি ছাইত পৰিণত হয় ৷
বিস্ফোৰণটো ইমানেই ভয়াৱহ আছিল যে কাৰখানাটোৰ ১৪ ইঞ্চি ডাঠ প্লিন্থ বিম বিধ্বস্ত হোৱাৰ ফলত ক্ষতিৰ পৰিমাণ বৃদ্ধি পায় ৷ উদ্যোগটোৰ উপ-সভাপতি ইলাংগোভানে গুণগত নিয়ন্ত্ৰণ বিভাগৰ পৰা আহি থকাৰ সময়তে সংঘটিত হোৱা এই বিস্ফোৰণত ব্যক্তিগৰাকীৰ মৃতদেহ প্ৰায় ৫০ মিটাৰ দূৰলৈ ছিটিকি পৰে ৷

এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে গভীৰ শোকপ্ৰকাশ কৰে । তদুপৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সকলো প্ৰকাৰৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ মঙলবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে বিস্ফোৰণস্থলী ৷
Live: Hon'ble Chief Minister Sri.A.Revanth Reddy visits Dhruva Hospital at Patancheru https://t.co/pHOyKaHSfw
— Revanth Reddy (@revanth_anumula) July 1, 2025
মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীৰ নিৰ্দেশ অনুসৰি ৰাজ্যখনৰ মন্ত্ৰী দামোদৰ ৰাজন সিংহ আৰু বিবেকৰ নেতৃত্বত এন ডি আৰ এফ, হাইড্ৰা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে উদ্ধাৰ অভিযানত আগভাগ লয় ৷ প্ৰায় ১১ টাকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে । এই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰে ছাংগাৰেড্ডীৰ জিলা আয়ুক্ত প্ৰবীণ্য আৰু আৰক্ষী অধীক্ষক পৰিতোষ পংকজে ।
সেই সময়ত ১৪৭ জন লোকে চৌহদত কাম কৰি আছিল...
গুজৰাটৰ ছিগাচি নামৰ কোম্পানীটোৰ দুটা শাখা ক্ৰমে তেলেংগানা আৰু মহাৰাষ্ট্ৰত আছে । প্ৰায় চাৰি একৰ ভূমিত বিস্তৃত হৈ থকা পছুমিল্লাৰম ঔদ্যোগিক এলেকাত আছে কোম্পানীটোৰ এক ঔষধ উৎপাদন উদ্যোগ ৷ য’ত কেঁচামাল বিশুদ্ধ কৰাৰ পিছত মাইক্ৰ’ক্ৰিষ্টলাইন চেলুল’জ নামৰ এবিধ ঔষধ প্ৰস্তুত কৰা হয় । বিভিন্ন ঔষধ নিৰ্মাণ কোম্পানীক বিক্ৰী কৰা হয় এই ঔষধবিধ ।
এই উদ্যোগটোত চাৰিটা ব্লক আছে । ছিকিউৰিটি ব্লকৰ পিছফালে আছে প্ৰডাকচন বিভাগ, য’ত ঔষধ প্ৰস্তুত কৰা হয় । তাৰলগতে অট্টালিকাটোৰ ওপৰৰ মহলাত গুণগত নিয়ন্ত্ৰণ আৰু এডমিন বিভাগ আছে । ইয়াত মুঠ ১৮৯ জন কৰ্মচাৰীয়ে কাম কৰে । ইয়াৰে অধিকাংশই উত্তৰ ভাৰতৰ ৰাজ্যসমূহৰ ।
সোমবাৰে পুৱা ৮ বজাৰ আশে-পাশে সদায়ৰ দৰেই প্ৰতিগৰাকী কৰ্মচাৰী নিয়মীয়া কৰ্তব্য সম্পাদনৰ বাবে উপস্থিত হয় । উদ্যোগটোত কৰ্মচাৰীসকলে কেঁচামাল বিশুদ্ধ কৰিবলৈ স্প্ৰে ড্ৰায়াৰ ব্যৱহাৰ কৰে ।

পুৱা প্ৰায় ৯.৫০ বজাত প্ৰচণ্ড শব্দৰে সংঘটিত হয় এক বিস্ফোৰণ ৷ প্ৰকৃততে কি ঘটিছে সেয়া কোনোৱে তলকিব পৰাৰ পূৰ্বেই অট্টালিকাটোৰ ওপৰৰ মহলাটো ভাঙি পৰে ৷ কাষতে থকা আন এটা অট্টালিকাৰো আংশিক ক্ষতিসাধন হয় ৷ মুহূৰ্ততে বনজুইৰ দৰে গুণগত নিয়ন্ত্ৰণ আৰু আন এটা বিভাগলৈ বিয়পি পৰে জুই ৷
বিষয়াসকলে জনোৱা মতে, সেই সময়ত উদ্যোগ চৌহদত ১৪৭ জন লোক উপস্থিত আছিল । ইয়াৰে ২৯ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন দুজনৰ চিকিৎসালয়ত মৃত্যু হয় । মৃত্যু ঘটা লোকসমূহৰ ভিতৰত কেইজনমানৰহে পৰিচয় পোৱা গৈছে ৷ বাকী মৃত পাঁচজন লোকৰ পৰিচয় জানিব পৰা হোৱা নাই । এই বিস্ফোৰণত ৩৪ জন লোক আহত হোৱাৰ বাবে বৰ্তমান বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।
সকলোতে বিভীষিকাৰ সৃষ্টি
জ্বলি যোৱা মৃতদেহ... আহত লোকৰ চিৎকাৰ... ধ্বংসাৱশেষৰ মাজৰ পৰা বাহিৰ কৰা মৃতদেহ... আপোনজনক বিচাৰি পৰিয়ালৰ ক্ৰন্দন... মুঠৰ ওপৰত এক অবৰ্ণনীয় পৰিৱেশ ৷ এই সকলোবোৰে অঞ্চলটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ স্প্ৰে ড্ৰায়াৰৰ সমীপত কাম কৰা শ্ৰমিকসকলে কি হৈছে অনুমান কৰাৰ পূৰ্বেই জুইত জাহ যায় সকলো ।

উদ্ধাৰ অভিযানত জড়িত কৰ্মীসকলে বিস্ফোৰণ সন্দৰ্ভত এনেদৰে কয়, ‘‘ৰিয়েক্টৰলৈ কেঁচামাল অনা পাইপলাইন আৰু সম্পূৰ্ণ সামগ্ৰী সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা পাইপবোৰো গলি গৈছে । ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহ ৷ গধুৰ পাইপ, চিমেণ্টৰ বীম, ক্ৰেনেৰে লোহাৰ গাৰ্ডাৰ আঁতৰাবলৈ বহু সময় লাগে । জ্বলি যোৱা মৃতদেহৰ পৰা ওলোৱা ধোঁৱাৰ গোন্ধ আৰু ৰাসায়নিক পদাৰ্থৰ দুৰ্গন্ধই অঞ্চলটো পৰিস্থিতি শ্বাসৰুদ্ধকৰ কৰি তুলিছে ।’’
ডি এন এ পৰীক্ষাই একমাত্ৰ উপায়
চিকিৎসকৰ মতে ডি এন এ পৰীক্ষা হৈছে মৃতদেহ চিনাক্তকৰণৰ একমাত্ৰ উপায় । মৃতদেহবোৰৰ সৈতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ ডি এন এৰ তুলনা কৰি নিহতসকলক চিনাক্ত কৰিব লাগিব । তেতিয়ালৈকে পৰিয়ালৰ লোকক গতাই দিয়া নহ’ব মৃতদেহসমূহ ৷

কিহৰ বাবে সংঘটিত হ'ল বিস্ফোৰণ...
স্প্ৰে ড্ৰায়াৰত ৰাসায়নিক মিশ্ৰণ প্ৰক্ৰিয়াৰ বাবে অভাৱনীয়ভাৱে উষ্ণতা বৃদ্ধি পায় । মাজে মাজে ইয়াক স্থিৰ কৰিবলৈ ব্ল’ এয়াৰ হেণ্ডলাৰ ব্যৱহাৰ কৰা হয় । এইবোৰে বায়ু শোষণ কৰি মুকলি কৰি দিয়াৰ লগে লগে তাত ধূলি জমা হয় । যাক নিয়মিতভাৱে চাফা কৰিব লাগে । অন্যথা স্প্ৰে ড্ৰায়াৰৰ কাৰ্যক্ষমতা লেহেমীয়া হয় ।

উদ্যোগ বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, ‘‘প্ৰথম অৱস্থাত অনুমান কৰা হৈছে যে ব্ল’ এয়াৰ হেণ্ডলাৰ পৰিষ্কাৰ কৰাত গাফিলতিৰ বাবে ধূলি জমা হৈছিল ৷ যাৰ ফলত ড্ৰায়াৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে বিস্ফোৰণ ঘটিছিল । অন্যথা স্প্ৰে ড্ৰায়াৰত কেঁচামাল বিশুদ্ধ কৰিবলৈ হাইড্ৰ’জেন পেৰ’ক্সাইড ব্যৱহাৰ কৰা হৈছিল, যিটো নীতি বহিৰ্ভূত আৰু বিস্ফোৰণৰ কাৰণো হোৱাৰ থল আছে ৷’’
আহতসকল সম্প্ৰতি বিপদমুক্ত
চিকিৎসাধীন হৈ থকা লোকসকলক সাক্ষাৎ কৰে মন্ত্ৰী দামোদৰ ৰাজনসিংহ আৰু গাদ্দাম বিবেকে । তেওঁলোকে নিহতৰ পৰিয়ালক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰদান কৰে । সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকল সম্প্ৰতি বিপদমুক্ত বুলি তেওঁলোকে ঘোষণা কৰে ৷ লগতে কয় যে দুগৰাকী আহত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে এপ’ল’ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ এই বিস্ফোৰণ কাণ্ডক লৈ ৰাজনীতি নকৰিবলৈও বিৰোধীক সকীয়নি প্ৰদান কৰে মন্ত্ৰী দুগৰাকীয়ে ৷
লগতে পঢ়ক: ফাৰ্মা কোম্পানীত ৰিয়েক্টৰ বিস্ফোৰণত ৬ জনকৈ শ্ৰমিকৰ মৃত্যু - REACTOR EXPLODES IN PASHAMILARAM

