ETV Bharat / bharat

আমেৰিকালৈ নোযোৱাকৈও কোনো ভাৰতীয়ই তাৰ কোম্পানীত কাম কৰিব পাৰে; কেনেকৈ ?

আই আই টি মাদ্ৰাজৰ সঞ্চালকে কয় যে ভাৰতে আগলৈ আগবাঢ়ি যোৱাৰ লগতে মানৱ সম্পদ শক্তিশালী কৰাৰ সময় আহি পৰিছে ।

H1B Visa Fee Hike
আই আই টি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক ভি কামাকোটি ভিজিনাথান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 23, 2025 at 3:47 PM IST

4 Min Read
Choose ETV Bharat

এছ ৰবিচন্দ্ৰন

চেন্নাই : আই আই টি মাদ্ৰাজৰ সঞ্চালক অধ্যাপক ভি কামাকোটি ভিজিনাথানে কয় যে শেহতীয়াকৈ আমেৰিকাই এইচ-১বি ভিছাৰ মাচুল বৃদ্ধি কৰাটো নিঃসন্দেহে এক প্ৰত্যাহ্বান, কিন্তু একে সময়তে ইয়াৰ লগত এক সুযোগো আহিছে । তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে আগবাঢ়ি যাব লাগিব আৰু দেশৰ ভিতৰতে যথেষ্ট সুযোগ সৃষ্টি কৰিব লাগিব যাতে ভাৰতীয় পেছাদাৰীসকলে বহিঃৰাষ্ট্ৰৰ চাকৰিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ।

সোমবাৰে ই টিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কামাকোটিয়ে কয় যে যদিহে আমেৰিকাত কাম কৰাৰ পৰিকল্পনা কৰা ভাৰতীয়সকলে এইচ ১-বি ভিছাৰ বাবে ধন দিব নোৱাৰে, তেন্তে চাকৰিৰ ক্ষতি হ’ব । কাৰণ এই অধিক মাত্ৰাৰ মাচুল বৃদ্ধিয়ে বিশেষকৈ আমেৰিকাত কাম কৰাৰ পৰিকল্পনা কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক ডাঙৰ বাধা হ’ব । তেওঁ অৱশ্যে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে আগলৈ আগবাঢ়ি যোৱাৰ সময় আহি পৰিছে ।

কামাকোটিয়ে কয়, "আমাৰ মানৱ সম্পদ শক্তিশালী কৰাটো প্ৰয়োজনীয় । আমদানিৰ নিয়ম উন্নত কৰিব লাগিব... এইচ-১বি ভিছাৰ বাবে ধন দিব নোৱাৰিলে চাকৰিৰ ক্ষতি হ'ব । বহু কোম্পানীয়ে ভাৰতলৈ আহি ব্যৱসায় আৰম্ভ কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এম এন চি কোম্পানীয়েও ভাৰতত কাৰখানা স্থাপন কৰিছে । গতিকে, আমেৰিকালৈ নোযোৱাকৈ ভাৰতৰ সেই কোম্পানীবোৰত ভাৰতীয়সকলে কাম কৰিব পাৰে ।"

উল্লেখ্য যে শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইচ-১বি ভিছাৰ মাচুল এক লাখ ডলাৰলৈ (প্ৰায় ৮৮ লাখ টকা) বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে । এই পদক্ষেপে আমেৰিকাত কৰ্মসংস্থাপন বিচৰা বিদেশী নাগৰিক, বিশেষকৈ ভাৰতীয়সকলক যথেষ্ট প্ৰভাৱিত কৰিব বুলি আশংকা কৰা হৈছে ।

কামাকোটিৰ মতে, ভাৰতে অৰ্ধপৰিবাহী, কোৱাণ্টাম প্ৰযুক্তি, চাইবাৰ-ফিজিকেল ব্যৱস্থা, চিকিৎসা প্ৰযুক্তি, সাগৰীয় অৰ্থনীতি, উদ্যোগ ৫.০ আৰু ৬জি আদি প্ৰযুক্তিৰ ওপৰত গৱেষণা কৰি আছে ।

তেওঁ কয়, "আমেৰিকাক এই প্ৰযুক্তিবিদ্যাত কাম কৰা লোকৰ প্ৰয়োজন । সেয়েহে আমি এই ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰি আমেৰিকাৰ পৰা ভাৰতলৈ আহিব বিচৰাসকলৰ বাবে চাকৰিৰ সৃষ্টি কৰিব পাৰোঁ ।"

আই আই টি মাদ্ৰাজৰ সঞ্চালকগৰাকীয়ে কয়, "এইচ-১বি ভিছা সন্দৰ্ভত নিজৰ ঘোষণাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কামৰ বাবে আমেৰিকালৈ যোৱাসকলৰ মাচুল বৃদ্ধি কৰিছে । তেওঁ এতিয়াও ছাত্ৰ ভিছাৰ মাচুলৰ বিষয়ে একো উল্লেখ কৰা নাই । অৱশ্যে উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যোৱা বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে অৱশেষত তাত কাম কৰাৰ লক্ষ্য ৰাখে । তেনে ক্ষেত্ৰত এইচ-১বি ভিছাৰ খৰচৰ অধিক বৃদ্ধিয়ে গুৰুতৰ প্ৰভাৱ পেলাব ।"

তেওঁ কয় যে ইতিমধ্যে বিদেশত শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অতিমাত্ৰা আৰ্থিক বোজা বহন কৰে আৰু এই মাচুল তেওঁলোকৰ বাবে এক ডাঙৰ বাধা হ’ব । কামাকোটিয়ে কয় যে বহুতে নিজৰ খৰচ আদায়ৰ বাবে আমেৰিকাত নিয়োগৰ সুযোগৰ ওপৰত নিৰ্ভৰ কৰে আৰু মাচুল বৃদ্ধি তেওঁলোকৰ বাবে এক ডাঙৰ বাধা হ’ব ।

"ভাৰতে এই পৰিস্থিতিক সুযোগ হিচাপে লোৱা উচিত । আমাৰ বাবে ভাৰতৰ বিকাশ আৰু আমাৰ প্ৰযুক্তিৰ উন্নতিৰ সময় আহি পৰিছে; তেতিয়াহে আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অতি দূৰদৰ্শী কৰি তুলিব পাৰিম । কেৱল সেয়াই নহয়, এনে লাগে যেন আমেৰিকাৰ বহু ভাৰতীয়ই ইয়ালৈ ঘূৰি অহাৰ চিন্তাত আছে । গতিকে তেওঁলোকৰ দক্ষতাক আমি একেলগে ভাৰতৰ প্ৰযুক্তিৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰা উচিত । আমি তেওঁলোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগো প্ৰদান কৰা উচিত ।"

লগতে পঢ়ক :মানহানিক অপৰাধৰ শ্ৰেণীৰ পৰা আঁতৰোৱাৰ এয়া সঠিক সময়: উচ্চতম ন্যায়ালয়
লগতে পঢ়ক :মোদীৰ প্ৰশংসাত গদগদ পেমা খাণ্ডু: প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূবক ৰাজনৈতিক দৃষ্টিৰে চোৱা নাই