নাৰায়ণপুৰ (ছত্তীশগড়) : বৃহৎ এলেকাত সিঁচৰতি হৈ থকা গুলীৰ খোলা, মাওবাদী সাহিত্য, বাঁহ গছত গুলীৰ চিন আৰু সৰ্বোপৰি এটা সজীৱ গ্ৰেনেড । ইটিভি ভাৰতৰ দলটোৱে ছত্তীশগড়ৰ ঘন বনাঞ্চল আবুঝামদ অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলাই থকা আটাইতকৈ ডাঙৰ মাওবাদী বিৰোধী অভিযানৰ স্থানত উপস্থিত হোৱাৰ লগে লগে এই সকলোবোৰ বিচাৰি পায় ।
ইয়াৰ উপৰিও বৃহৎ সংখ্যক খাদ্যৰ পেকেট পোৱা গৈছিল, য’ত মূলতঃ জলপান আছিল, দৈনন্দিন ব্যৱহাৰৰ কিছুমান বস্তু যেনে ভেচলিন, ঔষধ আৰু পানীৰ বটল আছিল ।

যুদ্ধত অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা জোতাও অৰণ্যত পোৱা গৈছিল । চৌদিশে দুৰ্গন্ধ ওলাইছিল, যিটো বৰষুণত উটুৱাই নিয়া তেজৰ গোন্ধ বুলি স্থানীয় ৰাইজে কয় ।
আবুঝমদক দীৰ্ঘদিন ধৰি নক্সালসকলৰ বাবে নিৰাপদ আশ্ৰয়স্থল বুলি গণ্য কৰা হৈছিল যদিও ২১ মে’ত চিপিআই (মাওবাদী)ৰ উচ্চ পদস্থ সাধাৰণ সম্পাদক নম্বল্লা কেশৱ ৰাও ওৰফে বাসৱৰাজুকে ধৰি ২৭ জন নক্সালক হত্যা কৰা হৈছিল, যাৰ শিৰৰ মূল্য ১ কোটি টকা ঘোষণা কৰা হৈছিল ।
নাৰায়ণপুৰ, কোণ্ডাগাঁও, দন্তেৱাড়া আৰু বিজাপুৰ জিলাৰ জিলা ৰিজাৰ্ভ গাৰ্ড চমুকৈ ডি আৰ জিৰ জোৱানসকলে যৌথভাৱে চলাইছিল এই অভিযান । অভিযানৰ সময়ত ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণত দুজন ডি আৰ জি জোৱানো নিহত হয় ।

ইটিভি ভাৰতে ‘ৰেড কৰিডৰ’ৰ এটা ডাঙৰ অংশ গঠন কৰা এই ডাঠ বনাঞ্চলখনলৈ যাত্ৰা কৰিছিল । দুচকীয়া বাহন আৰু খোজকাঢ়ি যোৱা সংকীৰ্ণ পথৰ মাজেৰে ১০ ঘণ্টাৰো অধিক সময় যাত্ৰা কৰি বিনাগুণ্ডা পোৱা গৈছিল । বনাঞ্চলত থকা এনকাউণ্টাৰ ছাইটত উপনীত হ’বলৈ হ’লে সৰু সৰু নদী আৰু নৈৰ ওপৰেৰে গাঁৱৰ মানুহে নিৰ্মাণ কৰা অস্থায়ী কাঠৰ দলং পাৰ হৈ এতিয়ালৈকে সাধাৰণ লোকে সঘনাই নোযোৱা অঞ্চলটোলৈ কেইবা কিলোমিটাৰ খোজকাঢ়িবলগীয়া হৈছিল ।
এই অঞ্চলটো সূৰ্য অস্ত যোৱাৰ লগে লগে আন্ধাৰত ডুব যায় । সূৰ্যাস্তৰ পিছত পোহৰৰ একমাত্ৰ উৎস হৈছে গাঁৱৰ ঘৰৰ চাদত স্থাপন কৰা সৌৰ পেনেল । এই অঞ্চলবোৰত দেখা পোৱা আধুনিকতাৰ একমাত্ৰ প্ৰতীক এইটোৱেই, কিয়নো ইয়াৰ ঘৰবোৰ খেৰৰ চাল আৰু বোকাৰে নিৰ্মিত ।
মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এই মুখামুখি সংঘটিত হৈছিল আবুঝামদৰ বটেৰ গাঁৱৰ পৰা চাৰি ঘণ্টাৰ দূৰত্বত অৱস্থিত কালেকোটৰ অৰণ্যত । গুণ্ডাকোটৰ পৰা ইয়ালৈ যাবলৈও একে সময় লাগে । দীৰ্ঘদিন ধৰি নক্সালসকলৰ বাবে এইখন নিৰাপদ আশ্ৰয়স্থল আছিল আৰু চাৰিওফালে ঠেক পাহাৰৰ বাবে সাধাৰণ মানুহৰ বাবে তাত উপস্থিত হোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল । তদুপৰি নদী, জান-জুৰি আৰু অৰণ্যৰ কাষেৰে মুক্তভাৱে চলাচল কৰা ভালুক, নাহৰফুটুকীৰ দৰে বন্যপ্ৰাণীৰ পৰাও ভাবুকিৰ সৃষ্টি হৈছে ।

এই অভিযানে আবুঝমাদৰ বনাঞ্চল নক্সালসকলৰ আটাইতকৈ নিৰাপদ আত্মগোপন স্থান বুলি কোৱা কথাটোক ছিন্নভিন্ন কৰি পেলাইছে । নিৰাপত্তা বাহিনীয়ে অঞ্চলটোৰ মাওবাদী গাঁথনি ভাঙি পেলোৱাৰ দাবী কৰে । নাৰায়ণপুৰ জিলা সদৰৰ পৰা ৬৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ইটিভি ভাৰতৰ দলটোৱে আবুঝমাদৰ ব্লক সদৰ অৰ্ছাত উপস্থিত হয় । অৰ্ছাৰপৰা কঠিন, অসমান পথেৰে প্ৰায় ৩০ কিলোমিটাৰ দূৰৈৰ বটেৰ গাঁৱত উপস্থিত হ’ল আৰু তাৰপৰা খোজকাঢ়ি গুণ্ডাকোটলৈ যোৱাটো কঠিন হৈ পৰিল ।
গুণ্ডাকোট গাঁৱত ৰাতিটো কটাই দলটোৱে বন্যপ্ৰাণীৰ উপস্থিতিত নদী আৰু পাহাৰৰ মাজেৰে কঠিন পথ অতিক্ৰম কৰি এনকাউণ্টাৰ ছাইটৰ ফালে আগবাঢ়িল । গাঁৱৰ মানুহে দিয়া তথ্যৰ ভিত্তিত আলোচনা কৰা অতি কঠিন ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিতৰত ই অন্যতম আছিল যিয়ে এনকাউণ্টাৰ ছাইটলৈ লৈ গৈছিল ।
অভিযানৰ আগৰ নিশা নিৰাপত্তাৰক্ষীয়ে কটোৱা ঠাইখিনিত দলটোৱে প্ৰথমে উপস্থিত হয় । ইয়াত খাদ্যৰ পেকেট, ইলেক্ট্ৰলাইট পাউদাৰৰ চেচেট আৰু ৰাতিৰ আন্ধাৰত সতীৰ্থক চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰা ৰঙা ফ্লু’ৰেচেণ্ট ফিতাবোৰ বিয়পি থকা দেখা গৈছিল । ইয়াৰ পিছত দলটোৱে আঘাতপ্ৰাপ্ত জোৱানসকলক কিছু সময়ৰ বাবে ৰখা ঠাইত উপস্থিত হয় ।

ইয়াৰ পিছত অৱশেষত দলটোৱে এনকাউণ্টাৰ ছাইটত উপনীত হ’বলৈ সক্ষম হয় । স্থানীয় ৰাইজে জনোৱা মতে, এই এনকাউণ্টাৰত নিহতসকলৰ মৃতদেহ হেলিকপ্টাৰেৰে উঠাই লৈ যায় । ইফালে এনকাউণ্টাৰৰ স্থান বিংগুণ্ডাৰ সমীপৰ গুণ্ডাকোটৰ বাসিন্দাসকলে বৰ্তমান বটেৰ গাঁৱত আশ্ৰয় লৈছে । এনকাউণ্টাৰ আৰম্ভ হোৱাৰ লগে লগে তেওঁলোক এই নিৰাপদ স্থানলৈ গুচি গৈছিল ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই অভিযানক নক্সালবাদ নিৰ্মূলৰ যুদ্ধত এক উল্লেখযোগ্য কৃতিত্ব বুলি অভিহিত কৰিছিল । ২০২৬ চনৰ মাৰ্চ মাহত শ্বাহে দেশৰ পৰা নক্সালবাদ নিঃশেষ কৰিবলৈ নিৰ্ধাৰণ কৰা সময়সীমাৰ মাজতে এই কথা প্ৰকাশ পাইছে ।
কিছুদিন পূৰ্বে ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰত প্ৰায় ২৮ হাজাৰ সৈন্যৰ সৈতে জড়িত আন এক বৃহৎ নক্সাল বিৰোধী অভিযান আৰম্ভ হৈছিল, য’ত নিৰাপত্তাৰক্ষীয়ে নক্সালসকলৰ শীৰ্ষ নেতৃত্বক নিষ্ক্ৰিয় কৰাত সফল হৈছিল । এইবাৰ কেৱল ছত্তীশগড়তে বিভিন্ন এনকাউণ্টাৰত কমেও ২০০ নক্সালবাদী নিহত হৈছে ।