ষষ্ঠবাৰৰ বাবেও ইডিৰ চমন উপেক্ষা কেজৰিৱালৰ; সপ্তম চমন জাৰিৰ সম্ভাৱনা
Excise policy case : পূৰ্বে দিল্লীৰ এখন আদালতে ১৭ ফেব্ৰুৱাৰীত কেজৰিৱালক আবকাৰী নীতি সম্পৰ্কিত ধন আত্মসাতৰ গোচৰত চমন অমান্য কৰাৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে দাখিল কৰা অভিযোগৰ সন্দৰ্ভত দিনটোৰ বাবে ব্যক্তিগত উপস্থিতিৰ পৰা অব্যাহতি প্ৰদান কৰিছিল ।

By PTI
Published : February 19, 2024 at 1:56 PM IST
নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰী : আবকাৰী নীতিৰ সৈতে সম্পৰ্কিত ধন আত্মসাতৰ গোচৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে জাৰি কৰা ষষ্ঠ চমনকো এৰাই চলিলে অৰবিন্দ কেজৰিৱালে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ষষ্ঠখন চমনতো ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা বিৰত থাকে । যাৰ বাবে এতিয়া প্ৰৱৰ্তন সঞ্চালকালয়ে তেওঁক সোধা-পোছাৰ বাবে নতুন চমন জাৰি কৰিব পাৰে বুলি আশা কৰা হৈছে । চৰকাৰী সূত্ৰত সোমবাৰে এই কথা প্ৰকাশ ।
ইডি সূত্ৰই দাবী কৰে যে স্থানীয় আদালতে কেজৰিৱালক এই গোচৰত পূৰ্বৰ জাননী 'অমান্য' কৰাৰ বাবে প্ৰাথমিকভাৱে দোষী সাব্যস্ত কৰিছে । লগতে সপ্তম চমন জাৰিৰ ক্ষেত্ৰত কোনো বাধা আৰোপ কৰা নাই ।
উল্লেখ্য যে ৫৫ বছৰীয়া কেজৰিৱালে সোমবাৰে আম আদমী পাৰ্টীৰ (আপ) হৈ ষষ্ঠবাৰৰ বাবে ফেডাৰেল এজেঞ্চীটোৰ সন্মুখত সাক্ষ্য দিবলৈ অস্বীকাৰ কৰে । ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে এই সন্দৰ্ভত কয় যে ইডিয়ে মুখ্যমন্ত্ৰীলৈ বাৰে বাৰে চমন প্ৰেৰণ কৰাৰ পৰিৱৰ্তে আদালতৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰা উচিত ।
ইয়াৰ পূৰ্বে দিল্লীৰ এখন আদালতে ১৭ ফেব্ৰুৱাৰীত কেজৰিৱালক আবকাৰী নীতি সম্পৰ্কিত ধন আত্মসাতৰ গোচৰত চমন অমান্য কৰাৰ বাবে কেন্দ্ৰীয় সংস্থাটোৱে দাখিল কৰা অভিযোগৰ সন্দৰ্ভত দিনটোৰ বাবে ব্যক্তিগত উপস্থিতিৰ পৰা অব্যাহতি প্ৰদান কৰিছিল ।
আদালতে বিষয়টো ১৬ মাৰ্চলৈকে স্থগিত ৰাখে আৰু কেজৰিৱালৰ অধিবক্তাই সেইদিনা আদালতক তেওঁৰ শাৰীৰিক উপস্থিতিৰ আশ্বাস প্ৰদান কৰে ।
আনহাতে, ইডি সূত্ৰই প্ৰকাশ কৰিছে যে সংস্থাটোৱে কেজৰিৱালৰ বিৰুদ্ধে আইপিচিৰ ১৭৪ ধাৰাৰ অধীনত এই গোচৰটোত তেওঁক জাৰি কৰা প্ৰথম তিনিটা চমন 'ইচ্ছাকৃতভাৱে অমান্য' কৰাৰ বাবে এই আদালতত অভিযোগ দাখিল কৰে ।
লগতে পঢ়ক :ইডিৰ সন্মুখত উপস্থিত হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত সন্দেহ

