ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ উধমপুৰত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত নিহত সেনা জোৱান

পহলগামৰ নৰসংহাৰৰ ভয়ংকৰ দিনটোৰ দুদিন পিছত এই নতুন সংঘৰ্ষ সংঘটিত হয় ।

Udhampur encounter
ফাইল ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 1:42 PM IST

3 Min Read
Choose ETV Bharat

উধমপুৰ: পহলগামৰ ভয়ংকৰ আক্ৰমণৰ দুদিন পিছত বৃহস্পতিবাৰে পুনৰ জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত এজন সেনা জোৱান নিহত হয় ।জিলাখনৰ দুদু বসন্তগড় অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এই সংঘৰ্ষ সংঘটিত হয় বুলি নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰে । ভাৰতীয় সেনাৰ হোৱাইট নাইট ক'ৰ্পছে তেওঁলোকৰ অফিচিয়েল X হেণ্ডেলৰ এটা পোষ্টত সেনা জোৱানজনৰ মৃত্যু নিশ্চিত কৰিছে ।

"নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত উধমপুৰৰ বসন্তগড়ত আজি জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান আৰম্ভ কৰা হয় । অভিযানকাৰী দলটো সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হোৱাত এক ভয়ংকৰ গুলীয়াগুলী আৰম্ভ হয় । আমাৰ এজন সাহসী সেনা জোৱান এই গুলীয়াগুলীত গুৰুতৰভাৱে আহত হয় । পিছত তেওঁ সকলো প্ৰকাৰৰ উন্নত চিকিৎসা প্ৰচেষ্টা প্ৰদান সত্ত্বেও মৃত্যুবৰণ কৰে । অভিযান চলি আছে ।" পোষ্টটোত কোৱা হৈছে ।

উল্লেখ্য যে পহলগাম আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰত এই শেহতীয়া সংঘৰ্ষটো সংঘটিত হৈছে । আতংকিত পৰ্যটকসকলে ইতিমধ্যে অঞ্চলটোৰ পৰা আঁতৰি গৈছে । ভাৰতীয় সেনা আৰু বিশেষ অভিযান গোটে (এছ অ' জি) অঞ্চলটোত লুকাই থকাৰ সন্দেহ কৰা সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ পুঞ্চ জিলাৰ লাছানাৰ বনাঞ্চলত একেৰাহে দশম দিনৰ বাবে এক যুটীয়া অভিযান চলায় ।

১৪ এপ্ৰিলত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ পিছত ১৫ এপ্ৰিলত এই অনুসন্ধান অভিযান আৰম্ভ হয় । সুৰক্ষা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ঘন বনাঞ্চলত ব্যাপক অনুসন্ধান অভিযান চলাই আছে । বিষয়াসকলৰ মতে, সন্ত্ৰাসবাদীয়ে সেনাৰ ৰোমিঅ' বাহিনীৰ জোৱানসকলৰ ওপৰত গুলীচালনা কৰে । এই ঘটনাত পুঞ্চৰ পৰা জম্মু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত লাছানা গাঁৱৰ ওচৰত এজন সুৰক্ষা কৰ্মী আহত হয় ।

নিৰাপত্তা বাহিনীয়ে জম্মু-ৰাজৌৰী-পুঞ্চৰ ১৪৪ নম্বৰ ঘাইপথত সতৰ্কতা বৃদ্ধি কৰা হৈছে । ৰাজৌৰী যান-বাহন আৰক্ষী বিষয়া আহমেদ ডিনে এ এন আইৰ আগত কয়, "আমি স্থানীয় গাড়ীবোৰৰ অনুজ্ঞাপত্ৰ পৰীক্ষা কৰি আছো । আমি কোনো মালভৰ্তি ট্ৰাকৰ অনুমতি দিয়া নাই । কিয়নো ই যান-জঁটৰ সৃষ্টি কৰিব পাৰে । ট্ৰেফিক পুলিচ আছে, জিলা আৰক্ষী আছে আৰু সেনায়ো আমাক সহায় কৰি আছে ।"

উল্লেখ্য যে মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত পৰ্যটকৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণত ২৬ জন লোক নিহত হয় । ২০১৯ চনৰ পুলৱামা আক্ৰমণত ৪০ জন চি আৰ পি এফ জোৱান নিহত হোৱাৰ পিছত আৰু অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত অঞ্চলটোৰ বৈছাৰণৰ সেউজ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে চলোৱা এই আক্ৰমণ উপত্যকাটোৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :পহলগাম কাণ্ডক লৈ আজি কেন্দ্ৰীয় চৰকাৰৰ সৰ্বদলীয় বৈঠক - PAHALGAM TERROR ATTACK
লগতে পঢ়ক :পাকিস্তান চৰকাৰৰ ‘X‘ একাউণ্ট বন্ধৰ সিদ্ধান্ত ভাৰতৰ - PAHALGAM TERROR ATTACK