ETV Bharat / bharat

প্ৰাক্তন আমোলা এছ এছ সান্ধু, জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি

New Election Commissioners : প্ৰাক্তন আমোলা এছ এছ সান্ধু আৰু জ্ঞানেশ কুমাৰক ১৪ মাৰ্চত নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৷ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ অৱসৰ আৰু ইয়াৰ পিচতেই অৰুণ গোৱেলে হঠাতে পদত্যাগ কৰাৰ পিচত এই খালী পদৰ সৃষ্টি হৈছিল ৷

New Election Commissioners
নতুন নিৰ্বাচন আয়ুক্ত নিযুক্তি
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 4:08 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 14 মাৰ্চ : বৃহস্পতিবাৰে নিযুক্তি কমিটীৰ সদস্য তথা কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত পেনেলে প্ৰাক্তন আমোলা সুখবীৰ সিং সান্ধু আৰু জ্ঞানেশ কুমাৰক নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিছে ৷

বৈঠক সমাপ্ত হোৱাৰ কিছু সময়ৰ পাচতে নিজৰ বাসগৃহত সাংবাদিকক সম্বোধন কৰি চৌধুৰীয়ে কয় যে দুজন নিৰ্বাচন আয়ুক্ত বাছনিৰ বাবে পেনেলৰ সন্মুখত ছটা নাম আহিছিল আৰু উচ্চ ক্ষমতাসম্পন্ন পেনেলৰ সংখ্যাগৰিষ্ঠ সদস্যই সান্ধু আৰু কুমাৰৰ নাম চূড়ান্ত কৰিছিল ৷

তেওঁ অৱশ্যে কয় যে ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকী বাছনি পেনেলৰ অংশ হ’ব লাগিছিল আৰু আইন মন্ত্ৰীৰ নেতৃত্বত গঠিত অনুসন্ধান সমিতিৰ সন্মুখত অহা বুলি কোৱা দুশৰো অধিক প্ৰাৰ্থীৰ ভিতৰত 6 টা নাম কেনেকৈ তালিকাভুক্ত কৰা হ’ল সেই সন্দৰ্ভত কোনো স্পষ্টতা নাই ৷

চৰ্টলিষ্ট কৰা 6 টা নাম আছিল উৎপল কুমাৰ সিং, প্ৰদীপ কুমাৰ ত্ৰিপাঠী, জ্ঞানেশ কুমাৰ, ইন্দেৱৰ পাণ্ডে, সুখবীৰ সিং সান্ধু, সুধীৰ কুমাৰ গংগাধৰ ৰাহাটে ৷ এই আটাইকেইজনেই প্ৰাক্তন আমোলা ৷ তেওঁ কয় যে 6 টা নামৰ ভিতৰত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুৰ নাম নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তিৰ বাবে চূড়ান্ত কৰা হৈছিল ৷গৃহ মন্ত্ৰণালয়ত কাৰ্যকালৰ সময়ছোৱাত জ্ঞানেশ কুমাৰে 370 অনুচ্ছেদ বাতিলৰ কাম চোৱাচিতা কৰিছিল ৷

উল্লেখ্য যে, ফেব্ৰুৱাৰীত নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ অৱসৰ আৰু ইয়াৰ পিচতেই অৰুণ গোৱেলে হঠাতে পদত্যাগ কৰাৰ পিচত এই খালী পদৰ সৃষ্টি হৈছিল ৷ 2027 চনৰ ডিচেম্বৰ মাহলৈকে কাৰ্যকাল থকা অৰুণ গোৱেলে কোনো কাৰণ উল্লেখ নকৰাকৈ 9 মাৰ্চত নিৰ্বাচন আয়ুক্ত পদৰ পৰা পদত্যাগ কৰিছিল ৷

লগতে পঢ়ক : অপ্ৰত্যাশিত : লোকসভা নিৰ্বাচনৰ পূৰ্বেই নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলৰ পদত্যাগ