তেলেংগানা সুৰংগ দুৰ্ঘটনা; বোকা-আৱৰ্জনাৰ অৱৰোধ ভেদি উদ্ধাৰ অভিযানত গুৰুত্বপূৰ্ণ অগ্ৰগতি
এছ এল বি চি টানেলত জটিল উদ্ধাৰ অভিযান । বোকা, আৱৰ্জনা আৰু সঁজুলিবোৰে পথ অৱৰোধ কৰিছে । কিন্তু গুৰুত্বপূৰ্ণ প্ৰগতি হৈছে ।

Published : February 28, 2025 at 2:24 PM IST
হায়দৰাবাদ : সপ্তমদিনাও অব্যাহত আছে এছ এল বি চি সুৰংগত আবদ্ধ লোকসকলক উদ্ধাৰ কাৰ্য । অৱশ্যে এই পৰ্যন্ত আবদ্ধ লোকসকলৰ অৱস্থান চিনাক্ত কৰিব পৰা হোৱা নাই । সুৰংগত সৃষ্টি হোৱা বোকা আৰু আৱৰ্জনাই সুৰংগৰ ভিতৰলৈ প্ৰৱেশত বাধাৰ সৃষ্টি কৰিছে ।
"শ্ৰীশ্ৰায়লম লেফ্ট বেংক কেনেল (এছ এল বি চি) সুৰংগটো অন্য সুৰংগতকৈ অধিক প্ৰত্যাহ্বানজনক । ভিতৰত গধুৰ সঁজুলি জমা হোৱাৰ বাবে আৱৰ্জনাবোৰ আঁতৰাবলৈ সীমিত স্থান আছে । অৱশ্যে আমি বিগত 24 ঘণ্টাত যথেষ্ট অগ্ৰগতি লাভ কৰিছো । আমি আগন্তুক দুদিনৰ ভিতৰত আবদ্ধ লোকসকলক অৱনস্থান চিনাক্ত কৰি উদ্ধাৰ কৰাৰ আশা কৰিছো ।" সীমান্ত পথ সংস্থাৰ (বি আৰ অ') কৰ্ণেল পৰীক্ষিত মেহৰাই কয় ।
25 বছৰৰো অধিক সময় ধৰি ভাৰতত সুৰংগ উদ্ধাৰ অভিযানৰ শীৰ্ষত থকা কৰ্ণেল মেহৰাই এছ এল বি চি সুৰংগ উদ্ধাৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । বি আৰ অ'ৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান পুৰুষোত্তমৰ সৈতে তেওঁ বুধবাৰ আৰু বৃহস্পতিবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতি প্ৰত্যক্ষভাৱে মূল্যাঙ্কন কৰে । এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা তেওঁক কেইটামান প্ৰশ্ন সোধা হৈছিল ।

এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয় :-
প্ৰশ্ন : আপোনাৰ ভ্ৰমণৰ সময়ত সুৰংগটোৰ ভিতৰৰ অৱস্থা কেনে আছিল ?
উত্তৰ : যেতিয়া আমি বুধবাৰে প্ৰথমবাৰৰ বাবে ভিতৰলৈ গৈছিলো, পানী আৰু বোকাৰে সুৰংগটো ভৰি আছিল । বৃহস্পতিবাৰৰ ভিতৰত পানী সম্পূৰ্ণৰূপে নিষ্কাশন কৰা হৈছিল আৰু কিছুমান পৰি যোৱা সঁজুলি আঁতৰ কৰা হৈছিল । টানেল বোৰিং মেচিন (টি বি এম) ধ্বংস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
সেনা আৰু এন ডি আৰ এফকে ধৰি কেইবাটাও দলে ৱেগন ব্যৱহাৰ কৰি টি বি এমৰ অংশবোৰ আঁতৰ কৰাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি আছে । প্ৰতিটো অংশ ৱেগনত লোড কৰিবলৈ 300 মিটাৰ কঢ়িয়াই আনিব লাগিব ।
দুৰ্ঘটনাস্থলীত উপস্থিত হ'বলৈ আমি এটা পথ সৃষ্টি কৰিবৰ বাবে টি বি এম মেচিনটো কাটিবই লাগিব । এইটো সম্পূৰ্ণ হোৱাৰ পিছত আমি আবদ্ধ শ্ৰমিকসকলৰ ওচৰলৈ প্ৰৱেশ আৰু তেওঁলোকক স্থানান্তৰ কৰিবলৈ সক্ষম হ'ম । স্থান চিনাক্তকৰণত এদিন বা দুদিন লাগিব পাৰে ।
প্ৰশ্ন : উদ্ধাৰ অভিযানত মূলত কিহে বাধা দিছে ?
উত্তৰ : প্ৰাথমিক সমস্যাটো হ'ল সুৰংগটোৰ ভিতৰত থকা আৱৰ্জনা আৰু সঁজুলিৰ পৰিমাণ । ইয়াৰ উপৰি আন্তঃগাঁথনিৰ স্থিৰতা সন্দৰ্ভতো অনিশ্চয়তা আছে । কিয়নো সামগ্ৰী আঁতৰ কৰিলে অপ্ৰত্যাশিত জটিলতা সৃষ্টি হ'ব পাৰে । উদ্ধাৰ অভিযানৰ বাবে পৰ্যাপ্ত স্থান উপলব্ধ অন্যান্য সুৰংগৰ বিপৰীতে এছ এল বি চি সুৰংগটোত অনন্য অসুবিধাও আছে ।
সেইবোৰ হৈছে :-
- টি বি এমে 10 মিটাৰ ব্যাসৰ সুৰংগ এটা সৃষ্টি কৰে । কিন্তু খননৰ পিছত আৱৰণৰ কামৰ বাবে সমাপ্ত সুৰংগটোৰ ব্যাস মাত্ৰ 9.2 মিটাৰ । ইয়াৰ বাবে আবদ্ধ টি বি এমটো ধ্বংস কৰাৰ বাহিৰে অন্য কোনো বিকল্প পথ নাই ।
- ভেণ্টিলেচন টিউব এটা আছে, যাৰ ফলত মেনুৱেৰিঙৰ বাবে স্থান সীমিত হয় ।
- সুৰংগটো 14 কিলোমিটাৰ দীঘল, যাৰ ফলত পিছফালৰ কাম-কাজ কঠিন হৈ পৰে ।
- অৱস্থানটো এখন বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত আছে, যাৰ ফলত ওপৰৰ পৰা খননত সীমাবদ্ধতা আছে ।
এনে দুৰ্ঘটনাৰ প্ৰথম 24-48 ঘণ্টা আটাইতকৈ গুৰুত্বপূৰ্ণ । কিয়নো শ্ৰমিকসকলৰ মাজত আতংক আৰু অনিশ্চয়তাৰ সৃষ্টি হয় । কিন্তু এই বাধা সত্ত্বেও উদ্ধাৰকাৰী দলে লাহে লাহে অগ্ৰগতি লাভ কৰিছে ।

প্ৰশ্ন : সুৰংগ উদ্ধাৰ অভিযানত আপোনাৰ দক্ষতা আৰু অভিজ্ঞতা কি ?
উত্তৰ : মোৰ জন্ম পঞ্জাবৰ এখন সেনা চিকিৎসালয়ত হৈছিল, য'ত মোৰ দেউতাই সেৱা আগবঢ়াইছিল । আহমেদাবাদত অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত মই আই আই টি দিল্লীৰ পৰা এম টেক আৰু পিছত অষ্ট্ৰিয়াত এম এছ লৈছিলো, সুৰংগ অভিযান্ত্ৰিকবিদ্যাত বিশেষজ্ঞ হিচাপে । মই পিছত সেনাত যোগদান কৰো আৰু একাধিক সুৰংগ প্ৰকল্পত জড়িত আছিলো ।
মই হিমাচল প্ৰদেশৰ অটল টানেলত ছয় বছৰ কাম কৰিছিলো আৰু উত্তৰকাশীত চিল্কিয়াৰা সুৰংগ দুৰ্ঘটনাৰ সময়ত অভিযানত তদাৰক কৰিছিলো । তাত মই 20 দিন দুৰ্ঘটনাস্থলীত আছিলো । পাৰ্থক্যটো হ'ল যে অন্যান্য সুৰংগবোৰত দুৰ্ঘটনাস্থলীটো সাধাৰণতে প্ৰৱেশদ্বাৰৰ পৰা 2-3 কিলোমিটাৰ দূৰৈত থাকে । ফলত কামৰ বাবে পৰ্যাপ্ত স্থান থাকে ।
অৱশ্যে এছ এল বি চিত টি বি এমৰ ডাঙৰ ক্ষতি হৈছে আৰু যথেষ্ট পৰিমাণৰ পানী প্ৰৱেশ কৰিছে । যাৰ ফলত ই এক অধিক জটিল উদ্ধাৰ অভিযান হৈ পৰিছে ।
উত্তম কুমাৰ ৰেড্ডীৰ অনুৰোধত বি আৰ অ'ৰ প্ৰাক্তন সঞ্চালক প্ৰধান হৰপাল সিঙে উদ্ধাৰ প্ৰচেষ্টাত অতিৰিক্ত সঞ্চালক প্ৰধান পুৰুষোত্তম আৰু মোক জড়িত কৰাৰ পৰামৰ্শ দিছিল । একেলগে কাম কৰাৰ আমাৰ পূৰ্বৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত আমি এই প্ৰত্যাহ্বানমূলক অভিযানটো সফল কৰিবলৈ বিগত দুদিন ধৰি ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰিছো । এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আৰু আমি এক অলৌকিক ঘটনাৰ আশা কৰিছো ।

