জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ২ সেনা জোৱান; ৩ সন্ত্ৰাসবাদীকো হত্যা - Indian Army
JK Terrorist Attack : নিৰ্বাচনমুখী জম্মু-কাশ্মীৰত পুনৰ ৰক্তপাতৰ ঘটনা । এইবাৰ দুই জোৱানৰ ৰক্তেৰে ৰঞ্জিত হ'ল ভূস্বৰ্গৰ ভূমি । জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় দুই জোৱান । আনহাতে, আহত হয় আন দুজন । ইফালে নিৰাপত্তা বাহিনীয়ে এনকাউণ্টাৰ কৰে তিনি সন্ত্ৰাসবাদীক ।

By PTI
Published : September 14, 2024 at 9:06 AM IST
নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ সুউচ্চ অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত এজন কনিষ্ঠ কমিছনড বিষয়াসহ (জেচিঅ') দুজন সেনা জোৱান নিহত হয় । আনহাতে, আন দুগৰাকী আহত হয় বুলি সেনা সূত্ৰই জানিবলৈ দিয়ে ।
ঘটনা সন্দৰ্ভত সেনাবাহিনীয়ে কয় যে সেনা আৰু আৰক্ষীৰ এটা যুটীয়া নিৰাপত্তাৰক্ষী দলে গোপন সূত্ৰৰ ভিত্তিত কিষ্টৱাৰক দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ সৈতে সংযোগ কৰা ছত্ৰু বেল্টৰ নাইদঘাম অঞ্চলত এক অনুসন্ধান অভিযান আৰম্ভ কৰাৰ সময়তে গুলীচালনা আৰম্ভ হয় ।
সেনাৰ তৰফৰ পৰা লগতে কয় যে নিৰাপত্তাৰক্ষীৰ অনুসন্ধানকাৰী দল আৰু ছত্ৰু আৰক্ষী থানাৰ অন্তৰ্গত নাইদঘাম গাঁৱৰ ওপৰৰ অংশৰ পিংনাল দুগাড্ডা বনাঞ্চলত লুকাই থকা সন্ত্ৰাসবাদীৰ মাজত এই গুলীবৰ্ষণ হয় ।

এই গুলীচালনাত চাৰিজন সেনা জোৱান আহত হয় । তেওঁলোকৰ দুজন নাইব চুবেদাৰ বিপন কুমাৰ আৰু এজন জে চি অ' তথা চিপাহী অৰবিন্দ সিঙৰ পিচত মৃত্যু হয় । নিহত দুগৰাকী জোৱানৰ ভিতৰত এজনৰ গ্ৰেনেড বিস্ফোৰণৰ ফলত স্প্লিণ্টাৰ আঘাতত মৃত্যু হয় আৰু আন এজনৰ মূৰত গুলী লগাৰ ফলত মৃত্যু হয় ।
সেনাবাহিনীৰ তৰফৰ পৰা দুয়োজন জোৱানৰ হত্যাৰ কথা নিশ্চিত কৰি কয়, "জি অ' চি (জেনেৰেল অফিচাৰ কমাণ্ডিং) হোৱাইট নাইট ক'ৰ্পছ আৰু সকলোৱে সাহসী বীৰ জোৱানকেইজনৰ সৰ্বোচ্চ ত্যাগক অভিবাদন জনাইছে; পৰিয়ালবোৰলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।" ইয়াৰ পূৰ্বে সেনাই কৈছিল যে অনুসন্ধানকাৰী দলে আবেলি প্ৰায় ৩.৩০ বজাত সন্ত্ৰাসবাদীৰ সৈতে প্ৰচণ্ড গুলীয়াগুলিত লিপ্ত হৈছিল ।
"পৰৱৰ্তী গুলীয়াগুলিত চাৰিজন সেনা জোৱান আহত হয় । অভিযান চলি আছে ।" জম্মুস্থিত হোৱাইট নাইট ক'ৰ্পছে এক্সৰ এটা পোষ্টত কয় । আঘাতপ্ৰাপ্ত জোৱানকেইজনক স্থানীয় চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ পিচত বিমানেৰে সেনাৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ।
উল্লেখ্য যে সেনাই এক সফল অভিযানত উধমপুৰ জিলাৰ বসন্তগড় অঞ্চলত জৈশ-ই-মহম্মদৰ (জে ই এম) সৈতে জড়িত দুই পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰাৰ দুদিন পিচত এই সংঘৰ্ষটো ঘটে ।
ইফালে কংগ্ৰেছৰ জম্মু-কাশ্মীৰ প্ৰদেশে দুগৰাকী জোৱানৰ হত্যাত শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে । আনহাতে, কিষ্টৱাৰত সংঘৰ্ষৰ এদিন পিচতে উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ ক্ৰেৰী অঞ্চলত চলি থকা গুলীয়াগুলিত কমেও তিনিজন সন্ত্ৰাসবাদী নিহত হয় বুলি সেনা সূত্ৰই শনিবাৰে জনায় ।
উল্লেখ্য যে, শুকুৰবাৰে নিশা সেনাৰ ২৯ ৰাষ্ট্ৰীয় ৰাইফলছ (আৰ আৰ), কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) আৰু জম্মু-কাশ্মীৰ আৰক্ষীক লৈ গঠিত এটা যুটীয়া দলে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি এক নিৰাপত্তা বেষ্টনী গঢ়ি তোলে আৰু তালাচী অভিযান আৰম্ভ কৰে ।
প্ৰথমতে এজন সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছিল । কিন্তু তালাচী অভিযান অব্যাহত থকাৰ সময়ত আৰু দুজন সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ হয় । সন্ত্ৰাসবাদীকেইটাক এখন বিদ্যালয়ৰ ভিতৰত এনকাউণ্টাৰ কৰা হয় । তাত সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ সৈতে এক ভয়ংকৰ গুলীয়াগুলিত লিপ্ত হোৱা বুলি সেনা সূত্ৰত প্ৰকাশ ।
শেহতীয়া তথ্য মতে, এই অভিযান এতিয়াও চলি আছে । নিৰাপত্তা বাহিনীয়ে অঞ্চলটো সুৰক্ষিত কৰিবলৈ আৰু আন কোনো সন্ত্ৰাসবাদী তাত লুকাই আছে নেকি তাৰ বাবে তন্নতন্নকৈ পৰীক্ষা কৰি আছে ।
"কংগ্ৰেছে সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে... বিজেপি চৰকাৰে সন্ত্ৰাসবাদৰ মোকাবিলা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, যিটো দুটা দশকৰ পিচত জম্মু অঞ্চলত পুনৰুজ্জীৱিত হৈছে ।" প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ৰবীন্দ্ৰ শৰ্মাই এক বিবৃতিত কয় । তেওঁ কয় যে চৰকাৰে অঞ্চলটোত স্বাভাৱিক অৱস্থাৰ 'ফটা ঢোল' বজোৱাৰ পৰিৱৰ্তে সন্ত্ৰাসবাদী আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে জৰুৰী ব্যৱস্থা ল'ব লাগে ।

