ETV Bharat / bharat

জ্যেষ্ঠ জ্যোতিৰ্বিজ্ঞানী জয়ন্ত নাৰ্লিকাৰৰ মৃত্যু : বিজ্ঞান জগতৰ শোকৰ বন্যা - JAYANT NARLIKAR PASSES AWAY

পদ্ম বঁটা বিজয়ী বিজ্ঞানীগৰাকী ব্ৰহ্মাণ্ডবিজ্ঞানৰ অগ্ৰণী অৱদান, বিজ্ঞানক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা আৰু প্ৰধান গৱেষণা প্ৰতিষ্ঠান স্থাপনৰ বাবে বহুলভাৱে পৰিচিত আছিল ।

Jayant Narlikar passes away
জ্যেষ্ঠ জ্যোতিৰ্বিজ্ঞানী জয়ন্ত নাৰ্লিকাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 12:10 AM IST

3 Min Read

পুনে : বিশিষ্ট জ্যোতিপদাৰ্থৰ্বিজ্ঞানী তথা বিজ্ঞান সাহিত্যিক অধ্যাপক জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ মঙলবাৰৰ পুৱা পুনেৰ নিজা বাসগৃহত দেহাৱসান ঘটে । তেওঁৰ বয়স আছিল ৮৭ বছৰ আৰু ইহসংসাৰত তিনিগৰাকী কন্যা সন্তানক এৰি থৈ যায় । নাৰ্লিকাৰৰ বিয়োগত সমগ্ৰ বৈজ্ঞানিক সমাজ আৰু সাহিত্য জগতত শোকৰ ছাঁ পৰিছে । অধ্যাপক নাৰ্লিকাৰ কেৱল এজন অসাধাৰণ বিজ্ঞানীয়েই নহয়, জনপ্ৰিয় বিজ্ঞান সাহিত্যিক আৰু শিক্ষাবিদো আছিল ।

২০২১ চনত নাচিকত অনুষ্ঠিত সৰ্বভাৰতীয় সাহিত্য সন্মিলনৰ অধ্যক্ষ হিচাপে থকা নাৰ্লিকাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জ্যোতিৰ্বিজ্ঞানত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল । কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ভাৰতলৈ উভতি অহাৰ পাছত তেওঁ পুনেত জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিপদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনৰ প্ৰধান প্ৰতিষ্ঠান ‘আই ইউ চি এ’ (আৰ্যভট্টা ৰিচাৰ্চ ইনষ্টিটিউট অৱ অবজাৰ্ভেচনেল ছায়েন্স) প্ৰতিষ্ঠা কৰে ।

উত্তৰাধিকাৰ আৰু অৱদান : জয়ন্ত নাৰ্লিকাৰৰ জন্ম হৈছিল এক প্ৰখ্যাত পৰিয়ালত । তেওঁৰ পিতৃ ৰেংলাৰ বিষ্ণু বাসুদেৱ নাৰ্লিকাৰ এজন প্ৰখ্যাত গণিতজ্ঞ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী আছিল । তেওঁৰ মাতৃ সুমতী বিষ্ণু নাৰ্লিকাৰ সংস্কৃত পণ্ডিত আছিল ।

নাৰ্লিকাৰে বাৰাণসীত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পিছলৈ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি পি এইচ ডি ডিগ্ৰী লাভ কৰে । পিতৃৰ দৰেই তেওঁও সন্মানীয় ৰেংলাৰ খিতাপ অৰ্জন কৰাৰ লগতে জ্যোতিৰ্বিজ্ঞানত টাইছন পদক লাভ কৰে ।

তেওঁ মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (টি আই এফ আৰ)ৰ জ্যোতিৰ্বিজ্ঞান বিভাগৰ মুৰব্বী আৰু পুনেৰ ‘এ উ চি এ’ৰ সঞ্চালক হিচাপে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল ।

বিজ্ঞানক সাধাৰণ মানুহৰ মাজলৈ অনাত নাৰ্লিকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ মাৰাঠী ভাষাত বহুতো বিজ্ঞানৰ কাহিনী ৰচনা কৰিছিল, যাৰ ফলত শিশুসকলৰ মাজত বিজ্ঞানৰ প্ৰতি আগ্ৰহৰ সৃষ্টি হৈছিল । তেওঁৰ গ্ৰন্থসমূহ কেৱল মনোৰঞ্জনদায়ক নহয়, বিজ্ঞানৰ জটিল ধাৰণাসমূহ সহজ ভাষাত ব্যাখ্যা কৰাত সফল আছিল ।

নাৰ্লিকাৰৰ মৃত্যুত শোক প্ৰকাশ : জ্যোতিৰ্বিজ্ঞানী লীনা আয়ুষ্কাই ড° জয়ন্ত নাৰ্লিকাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি জ্যোতিৰ্বিজ্ঞান অনুৰাগী আৰু এই ক্ষেত্ৰখনত কেৰিয়াৰ অৰ্জন কৰাসকলৰ বাবে তেওঁ এক আদৰ্শ বুলি কয় । তেওঁ কয়, "ড° জয়ন্ত বিষ্ণু নাৰ্লিকাৰ জ্যোতিৰ্বিজ্ঞান অনুৰাগী আৰু জ্যোতিৰ্বিজ্ঞানত কেৰিয়াৰ গঢ়িব বিচৰাসকলৰ বাবে আদৰ্শ আছিল । তেওঁৰ বিষয়ে আমি দুটা প্ৰজন্মৰ পৰা শুনি আহিছো । আমি তেওঁৰ কিতাপ পঢ়িছো । ড° নাৰ্লিকাৰ আছিল ভাৰতৰ প্ৰথম প্ৰজন্মৰ জ্যোতিৰ্বিজ্ঞানী । তেওঁ এজন লেখক হিচাপেও উল্লেখযোগ্য অৱদান আগবঢ়াইছিল । তেওঁ পুনে বিদ্যাপতিৰ উপাচাৰ্য আছিল । মই এজন শিক্ষাবিদ আৰু লেখক হিচাপে তেওঁক লগ পাব পাৰিছিলো । তেওঁ মোক অনুপ্ৰাণিত কৰিছিল ।

সন্মান আৰু বঁটা : পদ্ম ভূষণ আৰু পদ্ম বিভূষণ বঁটা বিজয়ী জয়ন্ত নাৰ্লিকাৰৰ মৃত্যু ভাৰতৰ বাবে এক অপূৰণীয় ক্ষতি । তেওঁৰ বৈজ্ঞানিক অৱদান, শিক্ষাৰ প্ৰতি সমৰ্পণ আৰু বিজ্ঞানক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব ।

অধ্যাপক নাৰ্লিকাৰে এৰি থৈ গৈছে এক চহকী উত্তৰাধিকাৰ যিয়ে বিজ্ঞানৰ ক্ষেত্ৰত উৎকৃষ্টতা লাভৰ বাবে প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব । তেওঁৰ মৃত্যু ভাৰতীয় বৈজ্ঞানিক জগতখনৰ বাবে এক গভীৰ আঘাত, যাৰ ক্ষতিপূৰণ দিয়াটো কঠিন হ’ব ।

লগতে পঢ়ক : ফেচবুকত দুখ নে ক্ষোভ উজাৰিলে সুবাসনা দত্তই ?

সকলোৱে পাহৰিলে জোনমণিক: ভাগ্যক ধিয়াই মাতৃয়ে ন্যায়প্ৰাপ্তিৰ বাবে অপেক্ষা কৰাৰ বাহিৰে উপায়েই বা আছে কি !

'জোনাক নাছিল বনত...' বুলি গাবলৈ আৰু কেতিয়াও ঘূৰি নাহে গায়ত্ৰী হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.