ETV Bharat / bharat

বিজেপি সাংসদ কংগনা ৰনৌতৰ নিৰ্বাচনক প্ৰত্যাহ্বান: উচ্চ ন্যায়ালয়ৰ জাননী জাৰি - KANGANA RANAUT HC NOTICE

BJP MP Kangana Ranaut: কংগনা ৰনৌতৰ নিৰ্বাচনক প্ৰত্যাহ্বান হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৷ আদালতে জাৰী কৰিছে কাৰণ দৰ্শোৱাৰ জাননী ৷ সাংসদগৰাকীক 21 আগষ্টৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান আদালতৰ ৷

KANGANA RANAUT HC NOTICE
বিজেপি সাংসদ কংগনা ৰনৌত (ETV Bharat)
author img

By PTI

Published : July 25, 2024 at 12:21 PM IST

2 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 25 জুলাই: যেতিয়াৰে পৰা অভিনেত্ৰীৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছে কংগনা ৰনৌত, তেতিয়াৰে পৰা বেয়া দিন পৰিছে বলীউডৰ প্ৰাক্তন অভিনেত্ৰীগৰাকীৰ ৷ পূৰ্বে চণ্ডীগড় বিমানবন্দৰত সুৰক্ষাকৰ্মীয়ে চৰ শোধোৱাৰ পিছত এইবাৰ ৰনৌতৰ নিৰ্বাচন সন্দৰ্ভত এক বিশেষ জাননী জাৰি কৰিছে উচ্চ ন্যায়ালয়ে ৷

হিমাচল প্ৰদেশ মাণ্ডি লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব খুজি মনোনয়ন পত্ৰ দাখিল কৰা এগৰাকী ব্যক্তিৰ মনোনয়ন ভুলকৈ নাকচ কৰাৰ অভিযোগ উঠিছে ৷ ইয়াৰ ভিত্তিত কিন্নৌৰৰ ব্যক্তিগৰাকীয়ে ৰনৌতৰ নিৰ্বাচন বাতিল কৰাৰ বাবে দাখিল কৰা আবেদনৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ে এক জাননী জাৰি কৰে ।

লগতে পঢ়ক: বিমান বন্দৰত কংগনা ৰনৌতৰ গালত পৰিল চৰ ! - Kangana Ranaut Slapped By CISF

জাননী জাৰি কৰি ন্যায়াধীশ জ্যোৎস্না ৰেৱালে ৰনৌতক 21 আগষ্টৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ ৰনৌতে মাণ্ডি লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙক 74,755 টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । সিঙে 4,62,267 টা ভোট লাভ কৰাৰ বিপৰীতে ৰনৌতে 5,37,002 টা ভোট লাভ কৰে ।

ৰনৌতক নিৰ্বাচন আঁতৰাই ৰখাৰ বাবে অনুৰোধ জনাই আবেদনকাৰী লয়াক ৰাম নেগীয়ে কয় যে, তেওঁৰ মনোনয়ন পত্ৰসমূহ ৰিটাৰ্ণিং বিষয়াই(মাণ্ডিৰ উপায়ুক্ত) ভুলকৈ নাকচ কৰিছিল ৷ বন বিভাগৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী নেগীয়ে কৈছিল যে, তেওঁ সময়তকৈ পূৰ্বে অৱসৰ লৈছিল আৰু বিভাগৰ পৰা "প্ৰাপ্য প্ৰমাণপত্ৰ" প্ৰস্তুত কৰিছিল আৰু লগতে ৰিটাৰ্ণিং বিষয়াক মনোনয়ন পত্ৰ প্ৰদান কৰিছিল ৷

অৱশ্যে, তেওঁক বিদ্যুৎ, পানী আৰু টেলিফোন বিভাগৰ পৰা "কোনো উপযুক্ত প্ৰমাণপত্ৰ" প্ৰস্তুত কৰিবলৈ এটা দিন দিয়া হৈছিল আৰু যেতিয়া তেওঁ সেইবোৰ দাখিল কৰিছিল, ৰিটাৰ্ণিং বিষয়াই সেইবোৰ গ্ৰহণ কৰা নাছিল আৰু মনোনয়ন পত্ৰ নাকচ কৰিছিল । নেগীয়ে অনুৰোধ কৰিছিল যে, তেওঁৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'লে, তেওঁ নিৰ্বাচনত জয়ী হ'ব পাৰিলেহেঁতেন ।

লগতে পঢ়ক: মুখত হাঁহি, হাতত হাত : কংগনা-চিৰাগক একেলগে দেখা গ’ল নতুন সংসদ ভৱনত - kangana chirag friendly meet