লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি
Lok Sabha elections:সমাগত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে বুধবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰে অধিসূচনা । প্ৰথম পৰ্যায়ত 17 খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102 খন লোকসভা আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ত তামিলনাডুৰ 39 খন, ৰাজস্থানৰ 12 খন, উত্তৰ প্ৰদেশৰ 8 খন আৰু মধ্যপ্ৰদেশৰ 6 খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

Published : March 20, 2024 at 11:19 AM IST
নেশ্যনেল ডেস্ক, 20 মাৰ্চ: 19 এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন 2024 ৰ প্ৰথম পৰ্যায়ৰ বাবে বুধবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰিলে অধিসূচনা ৷ এই অধিসূচনাযোগে কোৱা হৈছে যে বিহাৰৰ বাবে মনোনয়ন পত্ৰৰ দাখিলৰ অন্তিম দিনটো হ’ব 28 মাৰ্চ আৰু অৰুণাচল প্ৰদেশ, অসম, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হ’ব 27 মাৰ্চ ৷ ।
অধিসূচনাত কোৱা হৈছে যে বিহাৰৰ মনোনয়ন পত্ৰবোৰৰ তদাৰক কৰা হ’ব 30 মাৰ্চ আৰু বাকীবোৰৰ বাবে 28 মাৰ্চ । ভাৰতীয় নিৰ্বাচন আয়োগৰ অধিসূচনা অনুসৰি ২ এপ্ৰিলত বিহাৰ আৰু 30 মাৰ্চত অৰুণাচল প্ৰদেশ, অসম, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ।
প্ৰথম পৰ্যায়ত 17 খন ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102 খন লোকসভা আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব । প্ৰথম পৰ্যায়ত তামিলনাডুৰ 39 খন, ৰাজস্থানৰ 12 খন, উত্তৰ প্ৰদেশৰ 8 খন আৰু মধ্যপ্ৰদেশৰ 6 খন আসনত ভোটগ্ৰহণ হ’ব।
ইয়াৰ সমান্তৰালকৈ উত্তৰাখণ্ড, অসম আৰু মহাৰাষ্ট্ৰৰ পাঁচখন আসন, বিহাৰৰ চাৰিখন আসন, পশ্চিম বংগৰ তিনিখন আসন, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়ৰ দুখন আসন আৰু ছত্তীশগড়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এখন আসন, জম্মু-কাশ্মীৰ, লক্ষদ্বীপ আৰু পুডুচেৰীত 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব ।
16 মাৰ্চত নিৰ্বাচন আয়োগে, 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে । 19 এপ্ৰিলৰ পৰা 1 জুনলৈ সমগ্ৰ দেশতে 7 টা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । 4 জুনত হ’ব ভোটগণনা ।
লগতে পঢ়ক: ৬ ৰাজ্যৰ গৃহ সচিবক অপসাৰণ কৰাৰ নিৰ্দেশ ECI ৰ, পশ্চিম বংগৰ ডিজিপিক অপসাৰণ

